অটল বিহাৰী বাজপেয়ী ভৱনত সাংগঠনিক সভা

অটল বিহাৰী বাজপেয়ী ভৱনত সাংগঠনিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বশিষ্টস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ সভাগৃহত দলৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰ সুশাসনৰ হেতুকেই 30 মে’ ৰ পৰা 30 জুনলৈকে দেশব্যাপী চলিবলগীয়া ” মহা জনসম্পৰ্ক অভিযান ” সম্পৰ্কে আলোচনা তথা পৰিকল্পনা কৰা হয় । সভাক সম্বোধন কৰে মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উপ-সভাপতি তথা অ’বিচি মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী অজয় কোঁৱৰ আৰু মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সদস্য তথা ৰাষ্ট্ৰীয় প্ৰভাৰী বিশাল টেণ্ডেলে। এই সভাত মৰ্চাৰ সামাজিক মাধ্যম বিভাগৰ তৰফৰ পৰা এটা পাৱাৰপইন্ট প্ৰস্তুতি সহ এক ক্ষুদ্ৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয়। সভাখন পৰিচালনা কৰে মৰ্চাৰ সাধাৰণ সম্পাদক কূলদীপ বৰা। উক্ত সভাত ৰাজ্যিক কাৰ্যকৰ্তাসকলৰ উপৰিও সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ সভাপতি সকল তথা বিভিন্ন মন্দলৰ সভাপতি সকলৰ উপস্থিত আছিল ।