অজাপৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী লুৰীণ জ্যোতি গগৈৰ মূৰত হাত থৈ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ আশীৰ্বাদ, ক’লে- “বিজয়ী ভৱ”
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী লুৰীণ জ্যোতি গগৈৰ মূৰত হাতথৈ আশীৰ্বাদ দিয়ে বিশিষ্ঠ সাহিত্যিক,মিতভাষ স্ৰষ্টা ডঃ নগেন শইকীয়াই৷ ডিব্ৰুগড়ৰ দলীয় প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা যুৱ নেতাজনে যোৱা ১৬ মাৰ্চৰ পুৱাই ডিব্ৰুগড় চহৰত থকা ডঃ শইকীয়াৰ বাসভৱনত উপস্থিত হয়৷ অসমীয়া সাহিত্যৰ এগৰাকী বৰেণ্য সাহিত্যিক,মিতভাষ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া জাতীয়তাবাদী আন্দোলনৰ এগৰাকী অভিভাৱকৰূপে পৰিচিত ডঃ শইকীয়াই জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ সৈতে প্ৰায় এঘন্টাজুৰি দীঘলীয়া বাৰ্তালাপ কৰে আৰু নিৰ্বাচনী যুদ্ধৰ অগ্ৰগতিৰ বুজ লয়৷ ৮৫ বছৰীয়া সাহিত্যিক গৰাকীয়ে লুৰীণ জ্যোতি গগৈৰ মূৰত হাত থৈ আশীৰ্বাদ দি “বিজয়ী ভৱ” বুলি কৈ নিৰ্বাচনত জিকি অহাৰ কামনা কৰে৷ ডঃ শইকীয়াই লুৰীণজ্যোতি গগৈৰ সৈতে যোৱা তেওঁৰ দলীয় সতীৰ্থসকলক উদ্দেশ্যি কয় যে বিজেপিৰ ওপৰত যি ভৰসা কৰি অসমীয়া ৰাইজে ভোট দিছিল, বিজেপিয়ে সেই ভৰসা কেতিয়াবাই ভাঙি পেলোৱাই নহয়, অসমীয়া ভাষা-সংস্কৃতি তথা জাতিটোৰ অস্তিত্ব বিপন্ন কৰিব পৰা ষড়যন্ত্ৰ ৰচনা কৰিছে৷ ডিব্ৰুগড়ৰ বাসিন্দা হৈয়ো প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ উক্ত ষড়যন্ত্ৰৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে, ফলত ডিব্ৰুগড়বাসীৰ প্ৰতিনিধি হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছে সোণোৱালে৷ তেওঁ কয় যে ‘লুৰীণজ্যোতি গগৈয়ে অসমীয়া মানুহৰ কণ্ঠ হিচাপে থিয় দিছে’৷ অসমীয়া মানুহে এই কণ্ঠ শক্তিশালী কৰিব লাগে৷