অচলোৰ তেজ ৰঙা আকাশ – জ্যোতি খাটনিয়াৰ

অচলোৰ তেজ ৰঙা আকাশ

জ্যোতি খাটনিয়াৰ

এখন আমাৰ পৰা বহু দূৰৰ চহৰৰ বিয়লি। সূৰ্য্য আকাশত ঢলি পৰা সময়ত ডাৱৰবোৰ হঠাতে হৈ পৰিল তেজ ৰঙা। সময় আছিল ঊনবিংশ শতিকাৰ শেষৰ দশকটো। ঠাইখন আছিল নৰৱেৰ অচলো চহৰ।এজন মানুহে অনুভৱ কৰিলে যেন প্ৰকৃতিৰ মাজেৰে এক সীমাহীন চিৎকাৰ হঠাতে পাৰ হৈ গʼল। মানুহজনে যেন এই চিৎকাৰ শুনিলে । তেওঁৰ লগত আছিল আৰু দুজন বন্ধু। উৎকণ্ঠাত মানুহজন কঁপিব ধৰিলে। কিন্তু তেওঁৰ বন্ধু দুজন আগুৱাই গ’ল। সমগ্ৰ সময়টো যেন মহাভাৰতৰ যুদ্ধত মহাযোদ্ধা কৰ্ণই অৰ্জুনৰ অঞ্জলিকা অস্ত্ৰত প্ৰাণ হেৰুৱাৰ সময়ত সূৰ্য্যই পৃথিৱীক বিদায় দিয়া আকাশৰ আৰু পৰিবেশৰ এক পুনৰ নিৰ্মাণ। অচলো চহৰৰ বিয়লিৰ এই অনুভূতি মানুহজনে সমগ্ৰ মানৱ জাতিৰ হৈ অনুভৱ কৰা এক বিশেষ অনুভূতি। আধুনিক মানুহৰ জীৱন পৰিক্ৰমাৰ যন্ত্ৰণা জৰ্জৰ আৰু উৎকণ্ঠাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতীক হৈ পৰা শিল্পী এডভাৰ্ড মুন্খে ইয়াক লৈ অংকন কৰিলে চিঞৰ ( The Scream, ১৮৯৩) নামৰ এই ছবিখন। এই ছবিখনৰ আকাশ যেন মানুহৰ জীৱনৰ সামগ্ৰিক যাত্ৰাৰ এক বিৰাট ৰূপক । এই কঁপি থকা, উৎকণ্ঠিত মানুহজনা আপুনি – মই, তেওঁ – তুমি। আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’লে কৰা অনুভৱৰ এই ছবি নিখুঁত উপস্থাপন। এই ছবিখনৰ তেজ ৰঙা আকাশৰ সৈতে কেইবাটাও কথা সম্পৰ্কিত কৰিবলৈ চেষ্টা কৰা হৈছে। এটা হ’ল ইণ্ডোনেছিয়াত হোৱা ভয়ংকৰ অগ্নেয়গিৰিৰ বিস্ফোৰণ ; য’ত ৩৬০০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। ৪,৮০০কিলোমিটাৰ নিলগতো ইয়াৰ কঁপনি অনুভৱ কৰা হৈছিল। অচলোৰ আকাশ এই অগ্নেয়গিৰিৰ উদ্গীৰণৰ ফলতেই হৈ পৰিছিল তেজ ৰঙা। আন এটা অনুমান অনুসৰি সেই সময়ত নৰৱেৰ আকাশত বিশেষ দ্যুতিময় ডাৱৰে ( nacreous clouds) সৃষ্টি কৰা প্ৰাকৃতিক পৰিঘটনাই চহৰখনৰ আকাশখন তেজ ৰঙা কৰি তুলিছিল। উল্লেখ যে, মুন্খৰ অতি চেনেহৰ ভগ্নী গৰাকী মানসিক চিকিৎসালয়ত সেই সময়ত ভৰ্তি হৈ থকা কথাটোৱেও এই ছবিখন অঁকাৰ সময়ত তেওঁক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। চিঞৰ ছবিখনৰ চাৰিটা সংস্কৰণ মুন্খে তৈয়াৰ কৰিছিল। নৰৱেৰ এই শিল্পীজনাৰ হাতত মানুহৰ দুখ – যন্ত্ৰণা, হতাশা, বিভিন্ন ঘাত- প্ৰতিঘাতত বিধ্বস্ত হোৱা মানৱ আত্মাৰ খবৰ আছে। এই খবৰবোৰে পৃথিৱীৰ প্ৰায় সকলো সংবেদনশীল লোকক এবাৰ নহয় এবাৰ চুই গৈছে। এই স্পৰ্শ অতি গভীৰ। কেৱল ভেন গঘৰ ছবিৰ মৰ্মস্পৰ্শী স্পৰ্শৰ সৈতেহে এই স্পৰ্শৰ তুলনা হয়। ক’ব পাৰি যে এডভাৰ্ড মুন্খ, ভেন গঘ আৰু পল চেজানে মানুহৰ অন্তঃজগতৰ খবৰ আৰু সংসাৰৰ বিচিত্ৰ বিষয়ৰ সৈতে মানুহৰ সংঘাত আৰু সম্পৰ্কৰ সঠিক ছবিখন আমাক দি থৈ গ’ল। মুন্খে ঊনবিংশ শতিকাৰ শেষৰ ফালে অঁকা এই চিঞৰ ছবিখনৰ উৎকণ্ঠা( anxiety) আৰু মানৱীয় পৰিস্থিতি(human condition) আজিও গভীৰ আলোচনাৰ বিষয়। ফিয়ডৰ দস্তয়েভস্কিৰ সাহিত্যৰ জগতৰ বিচিত্ৰ চৰিত্ৰ আৰু পৰিবেশ , জাঁ পʼল ছাৰ্ত্ৰেৰ অস্তিত্ববাদী দৰ্শনৰ বিষয়ৰ সৈতে মুন্খৰ এই ছবিখনৰ তুলনামুলক অধ্যয়নো কৰিব পাৰি।

১৮৬৩ৰ ১২ ডিচেম্বৰত নৰৱেত জন্ম হোৱা মুন্খ ছাত্ৰ হিচাপে আছিল চোকা বুদ্ধিৰ। তেওঁ কাৰিকৰী শিক্ষানুষ্ঠানত পদাৰ্থ বিজ্ঞান , গণিত আৰু ৰসায়ন অধ্যয়ন কৰিছিল। অৱশ্যে এই অধ্যয়নে তেওঁক শীঘ্ৰেই আমুৱালে আৰু তেওঁ ছবি জগতত বেছিকৈ জড়িত হৈ পৰিল। দেউতাকে কিন্তু ছবি ভাল পোৱা আছিল। জীৱনৰ শেষ দিনটোলৈকে দেউতাকে মুন্খে ছবি অঁকাৰ বিৰোধিতা কৰি গ’ল। দেউতাক আছিল অতি ধাৰ্মিক আৰু গোড়ামীৰে ভৰা লোক। তেওঁ ভাবিছিল ছবি অঁকাটো পাপ, এক অপবিত্ৰ ব্যাপাৰ ( unholy trade)। হতাশা, নিঃসংগতা আৰু দৰিদ্ৰতাৰ মাজত থাকিও মুন্খ ছবিৰ প্ৰতি গভীৰভাৱে সমৰ্পিত হৈ ৰ’ল। তেওঁ এই সময়তে নিজৰ টোকাবহীত লিখিছিল : ” শিল্পত মই জীৱনক ব্যাখ্যা কৰিব খুজিছোঁ আৰু ইয়াৰ অৰ্থক নিজকে বুজাব খুজিছোঁ। ” বায়েক জোহানা ছফিৰ মাত্ৰ পোন্ধৰ বছৰ বয়সত যক্ষ্মাত মৃত্যু হ’ল। এই মৃত্যুত গভীৰভাৱে ব্যথিত হৈ মুন্খে আঁকি উলিয়ালে The Sick Child নামৰ নামৰ এখন অতি অৰ্থবহ ছবি। এই ছবিখনত দেখা গৈছে মৃত্যুমুখৰ এগৰাকী কিশোৰী আৰু কাষত শোকত ভাগি পৰা মাতৃ। এই ছবিখনৰ কিশোৰীগৰাকীয়ে মাত্ৰ কেই মূহুৰ্ত মান পাছতেই পৃথিৱীক বিদায় জনাব। অসহনীয় এই দুখ মাকে বহন কৰিব লাগিব। এই দুখৰ সন্মুখীন হ’বলৈ তেওঁৰ অন্তৰ শক্তি নাই। ওৰে জীৱন এই দুখ তেওঁ বহন কৰিব লাগিব। ঠিক হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ দৰে : ” দুখ মোৰ কোলাৰ কেঁচুৱা। ” এই দুখ পবিত্ৰ আৰু জীৱনৰ এৰাব নোৱাৰা বিচ্ছিন্নতাৰ সৈতে সম্পৰ্কিত। সেইবাবে ইয়াত হাতখন হিম শীতল আৰু এক স্বকীয় উজ্জ্বলতাৰে ৰৈ থকা : ” মই সুধিলো মন্দিৰলৈ যোৱাৰ বাট কেনি? তেওঁ আগবঢ়াই দিলে চকুলোৰে সেমেকা হাতখনি । ” এই দুখ মানুহৰ প্ৰাচীনতম সংগী। ভগৱান বুদ্ধই পুত্ৰ হেৰুৱা এগৰাকী শোকাতুৰ মাতৃক কাৰো মৃত্যু নোহোৱা এখন ঘৰৰ পৰা অকল এমুঠি সৰিয়হ আনিবলৈ কোৱা কথাটোৰ লেখীয়া। ভাবি আচৰিত লাগে যে এই ছবিখনক অচলো চহৰৰ সেই সময়ৰ দৰ্শকে গ্ৰহণ কৰিব পৰা নাছিল। আনকি প্ৰদৰ্শনীখনেই বন্ধ কৰিব লগীয়া হৈছিল। কিন্তু আজি এই ছবি নৰৱেৰ গৌৰৱ। শিল্পী মুন্খে পৰৱৰ্তী চল্লিশ বছৰত এই ছবিখনৰ ছটা তাঙৰণ প্ৰস্তুত কৰিছিল । মুন্খে কিছু সময় পেৰিছত কটাইছিল। পল গঁগা, ভিনচেন্ট ভেন গঘ আৰু তলুঁজ – লত্ৰেকৰ কেনভাছত বিধৃত আৱেগে তেওঁক গভীৰ ভাৱে স্পৰ্শ কৰিছিল। অৱশ্যে মুন্খে মানুহৰ প্ৰকৃতিৰ আদিম অৱস্থাক ( primitive in human nature) জানিবলৈ পল গঁগাৰ দৰে টাহিটিলৈ যাব হোৱা নাছিল। স্মৰ্তব্য যে টাহিটিৰ বিশ্বৰ শিল্প জগতত এখন বিশাল ভূমিকা আছে। মুন্খে নিজৰেই এখন টাহিটিক বুকুৰ মাজত কঢ়িয়াই ফুৰিছিল। সংগীত সম্ৰাট ড° ভূপেন হাজৰিকাই অসমৰ প্ৰথিত যশা শিল্পী বীৰেন সিংহই কাৰ্বি লোকজীৱনৰ সংস্পৰ্শত সৃষ্টি কৰা অমৰ শিল্পকৰ্ম সন্দৰ্ভত এই টাহিটিৰ কথাটো ব্যৱহাৰ কৰিছিল। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ সংবেদনশীল মানুহক টাহিটিয়ে কেনেদৰে চুই আছে, ড° ভূপেন হাজৰিকাৰ কথাটো তাৰেই এক দহদহীয়া প্ৰমাণ।

এডভাৰ্ড মুন্খে কটোৱা আশী বছৰীয়া জীৱনত তেওঁ বাৰে বাৰে হতাশাৰ চিকাৰ হৈছিল। মাতৃ বিয়োগ হৈছিল তেওঁৰ মাত্ৰ ৪ বছৰ বয়সত। মাহীয়েকে পৰিয়ালৰ দায়িত্ব চম্ভালিছিল। পত্নীৰ অকাল বিয়োগে মুন্খৰ দেউতাকক চিৰদিনলৈ হতাশাত ডুবাই ৰাখিছিল। পৰিয়ালত আৰ্থিক সংকটে দেখা দিছিল। সৰু ঘৰ এটাত, অতি সীমিত সুবিধাত পৰিয়ালটোৱে দিন পাৰ কৰিব লগীয়াত পৰিছিল। ইয়াৰ মাজতেই মৃত্যু হৈছিল মুন্খৰ বায়েক ছফি আৰু ভাতৃ এন্দ্ৰিয়াজৰ। মুন্খে পৰৱৰ্তী সময়ত লিখিছিল যে তেওঁ পৰিয়ালৰ পৰা উত্তৰাধিকাৰী সূত্ৰে মানৱ জাতিৰ দুটা ভয়ংকৰ শত্ৰু নিজৰ মাজত ওৰে জীৱন কঢ়িয়াই ফুৰিছিল। এটা আছিল মদ্যপানৰ প্ৰতি এৰাব নোৱাৰা আসক্তি আৰু আনটো হৈছে উন্মাদনা ( insanity)। মুন্খৰ বিষন্নতা(Melancholy ,১৮৯১) আৰু জীৱন নৃত্য ( the Dance of Life,১৮৯৯) নামৰ ছবি দুখন তেওঁৰ এই বিশেষ মানসিকতাৰেই প্ৰতিফলন।

হতাশা , নিজৰ জীৱন চম্ভালি লোৱাৰ ক্ষেত্ৰত বাৰে বাৰে ব্যৰ্থতা আদি অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’লে মানুহে কেনে আচৰণ কৰে, তাক কোৱা টান। ওৰে জীৱন দুখ আৰু হতাশাৰে আৱৰি থকা মানুহ এজনাই জীৱনটো কেনেদৰে চাব, নাইবা কিদৰে জীয়াই থাকিব সেয়াও কোৱা কঠিন। যন্ত্ৰণা, দুখ, হতাশা —- এই তিনিটা বিষয়ৰ সৈতে মানুহৰ অস্তিত্ব জড়িত হৈ থাকে। পোৱা নোপোৱাৰ মাজত ডুলি থাকে মানুহৰ পৃথিৱী। ক’ৰবাত যদি আনন্দ -উল্লাস, তাৰ অলপ পাছতেই বিষাদৰ ছবিয়ে মানুহক আৱৰি থাকে। এই কথাবোৰ নতুন নহয়। আজিৰ পৰা ২৫০০ বছৰৰ আগেয়ে গৌতম বুদ্ধই অতি গভীৰভাৱে এয়া চিন্তা কৰিছিল। তেওঁ জন্মতেই দুখ আছে বুলি ধৰি লৈ এই দুখৰ কাৰণ বিচাৰি উলিয়াইছিল। সেয়া আছিল তৃষ্ণা ( desire) বা মানুহৰ আশা আকাংক্ষা। এই তৃষ্ণাক জীৱন- যন্ত্ৰণাৰ ঘাই শিপা বুলি ধৰি লৈ ইয়াক উৎখাত কৰাটোৱেই জীৱনৰ লক্ষ্য হোৱা উচিত বুলি বুদ্ধই স্পষ্ট কৰি দিছিল। গৌতম বুদ্ধই মানুহক মধ্যম পন্থা বাচি লবলৈ কৈছে। সকলো ধৰণৰ উগ্ৰতা পৰিহাৰ কৰি আৰু অন্তৰত কৰুণা ৰাখি যিজনা ব্যক্তিয়েই জীৱনত আগুৱাই যায় , তেৱেঁই মুক্তিৰ পথত খোজ দিয়ে বুলি বুদ্ধৰ শিকনিয়ে আমাক কয়। কিন্তু জীৱন পৰিক্ৰমাত সন্মুখীন হোৱা অভাৱনীয় অভিজ্ঞতাই মানুহক কিদৰে জোঁকাৰি যায়, সেয়া বুদ্ধই বিশদভাৱে বৰ্ণনা কৰাৰ হয়তো প্ৰয়োজন নাছিল। আজিৰ পৰা ২৫০০ বছৰৰ আগৰ জীৱন নিঃসন্দেহে আছিল সৰল আৰু অধিক সমৰ্পিত। প্ৰকৃতি আৰু মানুহৰ সান্নিধ্য, উৎপাদন ব্যৱস্থাৰ সৰলতা, পাৰস্পৰিক অন্তৰংগতা আদিয়ে মানুহক আভ্যন্তৰীণভাৱে হয়তো অধিক সমৃদ্ধ কৰি ৰাখিছিল। আধুনিক মানুহ এইসমূহ প্ৰীতিদায়ক অভিজ্ঞতাৰ পৰা বঞ্চিত। অভাৱনীয় পৰিস্থিতিৰ পৰা হঠাতে উদ্ভৱ হোৱা ব্যাখ্যাতিত অভিজ্ঞতাই মানৱ আত্মাক জোঁকাৰি যোৱা, অৰ্থহীন কথাবোৰে অহৰহ মানুহক চুই থকা, লালসা আৰু কামনাই মানুহক খেদি খেদি একাষৰীয়া কৰি পেলোৱা ঘটনা আধুনিকতাৰ অন্যতম দিশ। উৎকণ্ঠা আৰু হতাশাই মানুহক নিৰন্তৰ খেদি থাকে। সদৰ্থক জীৱনৰ বাবে মানুহে অহৰহ নিজকে সঁকিয়াই থাকিব লগীয়াত পৰে। যুক্তিৰ পৃথিৱীখনে সহজে মানুহক নৈতিকতাৰ পথ দিব নোৱাৰে। মানুহে নিজক প্ৰস্তুত কৰিব লগীয়া হয় —- নিজৰ সীমিত জীৱন কালত এক অন্তহীন অন্বেষণৰ বাবে।

আমাক চেপি খুন্দি ৰখা এই পৰিবেশটো আটাইতকৈ অৰ্থবহভাৱে ধৰি ৰাখিছে এদভাৰ্ড মুন্খে। সুদূৰ অচলো চহৰত উন্নবিংশ শতিকাৰ অলি গলিবোৰত মুন্খে বিচাৰি উলিয়াইছে আধুনিক সভ্যতাৰ সংকট আৰু সি মানৱ আত্মাত গাঁঠি দিয়া সমস্যাবোৰক। ২৩ জানুৱাৰী ১৯৪৪ চনত মুন্খে পৃথিৱীক বিদায় জনালে। জীৱনত শেষ দিনটোলৈকে তেওঁ হতাশাৰ পৰা পৰিত্ৰাণ নাপালে। তেওঁৰ বহু ছবি হিটলাৰৰ নাজী বাহিনীয়ে নষ্টও কৰি পেলালে। কিন্তু তাৰ মাজতে মুন্খে সৃষ্টি কৰা প্ৰায় ৩০ হাজাৰৰো অধিক শিল্পকৰ্মই পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ মনৰ কিবা নহয় কিবা এটা খবৰ দি গৈছে।

মুন্খ আমাৰ বাবে সাত সাগৰ তেৰ নদীৰ মানুহ। তেওঁৰ নিজৰ ভাষাত, তেওঁৰ শিল্প কেৱল আত্ম -স্বীকাৰুক্তি( self- confession) । নিজৰ সৈতে নিজেই কথা পতাৰ যেন কেতবোৰ মূহুৰ্ত। মুন্খৰ মতে তেওঁ নিজৰ শিল্পকৰ্মৰ দ্বাৰা আৰু এটা কাম কৰিবলৈ চেষ্টা কৰিছে । সেইটো হ’ল তেওঁৰ কাম – কাজবোৰৰ মাজত আপোনাৰ – মোৰ দৰে মানুহ খিনিয়ে জীৱনৰ বাবে প্ৰয়োজনীয় সত্যক যাতে বিচাৰি পায়, তাৰ এটা বাট তেওঁ মুকলি কৰি দিছে। ড° বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্যত অন্তঃপ্ৰাণৰ ডায়েৰী শব্দ দুটা প্ৰথমবাৰলৈ ব্যৱহাৰ কৰিছিল। মুন্খৰ ছবিও তেওঁৰ অন্তঃপ্ৰাণৰ ডায়েৰী। বিশেষ কথাটো হ’ল এয়ে যে এই ডায়েৰী খন আমি সকলোৱে পঢ়িব পাৰো আৰু তাৰ পৰা দুটা কথা শিকি বুজি নিজকে সমৃদ্ধ কৰিব পাৰোঁ। ভগৱান বুদ্ধই যন্ত্ৰণা ( suffering) ৰ পৰা ওলাই যোৱাৰ এটা বাট দিছে। এডভাৰ্ড মুন্খে আধুনিক মানুহক এই যন্ত্ৰণাৰ মাজেৰে জীয়াই থকাৰ আন এক শক্তি প্ৰদান কৰিছে। দুয়োটা দেখাত বেলেগ বেলেগ হলেও ইটো সিটোৰ পৰিপূৰক।

( বিশেষ কৃতজ্ঞতা: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৱাহাটী কাৰ্যালয়ৰ অৱসৰী বিষয়া গজেন কলিতালৈ)