UPSCৰ ফলাফলত ৪৭৪ সংখ্যক স্থানত জিলিকিল অসম সন্তান ভাস্বত শইকীয়া

UPSCৰ ফলাফলত ৪৭৪ সংখ্যক স্থানত জিলিকিল অসম সন্তান ভাস্বত শইকীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে ঘোষণা কৰা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ ফলাফল।  মুঠ ১০০৯ জন প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ কৰিছে আয়োগে। য’ত সাধাৰণ শ্ৰেণীৰ ৩৩৫, ই ডব্লিউ এছৰ ১০৯, অ’বিচিৰ ৩১৮, অনুসূচিত জাতিৰ ১৬০ আৰু অনুসূচিত জাতি শ্ৰেণীৰ ৮৭ জন প্ৰাৰ্থী আছে । এই পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে  প্ৰয়াগৰাজৰ  শক্তি ডুবেই । দ্বিতীয় স্থানত আছে হৰ্শিতা গোৱেল। তৃতীয় স্থান দখল কৰিছে ডংগ্ৰে আৰ্চিট পৰাগে।UPSCৰ ফলাফলত ৪৭৪ সংখ্যক স্থানত জিলিকিল অসম সন্তান ভাস্বত শইকীয়া। নগাঁও চহৰৰ সমীপবৰ্তী ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়া। ২০২৩ বৰ্ষত IFSত উত্তীৰ্ণ হৈছিল ভাস্বত। ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।ভাস্বতৰ এই সাফল্যত পৰিয়ালৰ লগতে ৰাজ্যবাসী উৎফুল্লিত ।