লাভ ৰিয়েক্ট – ইভা গন্ধীয়া ফুকন 

লাভ ৰিয়েক্ট 

ইভা গন্ধীয়া ফুকন 

কিযে সৃষ্টি ইণ্টাৰনেটৰ
য’ত মানে গণ্ডগোল লাভ ৰিয়েক্টৰ
নিদিলেও নোৱাৰি থাকিব
দিলেও হয় লটি-ঘটি
তোমাৰ কবিতাত লাভ ৰিয়েক্ট দিলোঁ বুলিয়ে
তুমি মোৰ প্ৰেমত পৰিব লাগে নে
মই তোমাৰ কবিতা ভাল পাইহে
দিছোঁ লাভ ৰিয়েক্ট
ধেৎ অঁকৰা তাকো বুজি নোপোৱা
তোমাৰ সুদৰ্শন চেহেৰাই আৰ্কষিত
নকৰা নহয় বাৰু
ভাল লাগে তোমাক
সেয়ে আছা বন্ধুৰ তালিকাত
ভাল লগা আৰু প্ৰেমত পৰা
পাৰ্থক্য আছে নিশ্চয়
ভাল পাওঁ তোমাৰ কবিতাক
সেয়ে দিওঁ লাভ ৰিয়েক্ট
মোৰ কবিতা পঢ়ি লাভ ৰিয়েক্ট দিলে
ভাল লাগে মোৰ
সেয়ে কমেণ্টৰ সঁহাৰি দিওঁ
লাভ ৰিয়েক্টেৰে
প্ৰেমৰ প্ৰস্তাৱ নহয় কিন্তু
ভুল বুজি নপৰিবা মোৰ প্ৰেমত
য’ত মানে গণ্ডগোল লাভ ৰিয়েক্টৰ!