Power nap বা চমু টোপনিৰ প্ৰয়োজনীয়তা
নিবেদিতা হাজৰিকা
লখিমপুৰ
প্ৰত্যেকজন ব্যক্তিৰ বাবে টোপনিৰ প্ৰয়োজনীয়তা কিমান সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শৰীৰ সুস্থ আৰু মন সুস্থ কৰি ৰাখিবলৈ হ’লে টোপনি অতিশয় অপৰিহাৰ্য।এজন সুস্থ- সৱল মানুহৰ বাবে দৈনিক ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। এই ধৰণৰ গধুৰ টোপনিয়ে ব্যক্তিজনক অধিক কাৰ্যক্ষম আৰু সক্ৰিয় কৰি তোলে বা সক্ৰিয় কৰি ৰাখে, শক্তি সঞ্চাৰ কৰে। আনহাতে , power nap যাক আমি চমু টোপনি বা শকত নিদ্ৰা বুলি কওঁ ইও এক প্ৰকাৰৰ টোপনি।যাৰ উদ্দেশ্য হৈছে ব্যক্তিৰ শক্তি পুনৰ ঘূৰাই অনা।কৰ্ম ব্যস্ততাৰ মাজতে খন্তেক সময়ৰ বিশ্ৰাম বা লঘূ টোপনিয়ে কৰ্মোদ্যম ঘূৰাই আনে।
এই টোপনিয়ে গভীৰ নিদ্ৰা বা শ্লিপিং পৰ্যায়ত নোযোৱাকৈ শৰীৰ আৰু মনক যথেষ্ট জিৰণি দিয়ে ,যাৰ ফলত ব্যক্তিৰ সতৰ্কতা , মনোযোগ তথা কাৰ্য দক্ষতা বৃদ্ধি পায়। ই এনে এক কৌশল, যিয়ে মস্তিস্কৰ কাৰ্যকাৰিতা বঢ়োৱাৰ লগতে শাৰীৰিক ও মানসিক দিশৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ উপকাৰ সাধন কৰে। ইয়াৰ মূল উদ্দেশ্য হ’ল গভীৰ টোপনি ত্যাগ কৰি শৰীৰটোক দ্ৰুত ভাৱে সতেজ কৰা আৰু অৱসাদ দূৰ কৰা।
প্ৰত্যেকজন ব্যক্তিৰ বাবে স্বাভাৱিক টোপনিৰ যি দৰে প্ৰয়োজন, ঠিক সেইদৰে লঘূ টোপনিৰো প্ৰয়োজন আছে। পাৱাৰ ন্যাপৰ প্ৰয়োজন আছে নে নাই সেই কথা নিৰ্ভৰ কৰে ব্যক্তিজনৰ শৰীৰৰ প্ৰয়োজন, গোটেই দিনটোৰ ভাগৰ বা টোপনিৰ অভাৱৰ ওপৰত। এজন ব্যক্তি যিমানে সুস্থ-সৱল হ’লেও অৰ্থাৎ, পাৱাৰ ন্যাপৰ প্ৰয়োজন সকলোৰে বাবে। বিশেষ ভাবে যি সকল টোপনি কম সমস্যাত ভুগি আছে, ভাগৰুৱা অনুভৱ কৰে বা মনোযোগ তথা কাৰ্যক্ষমতা বৃদ্ধি কৰিব বিচাৰে তেনে লোকৰ ক্ষেত্ৰত ই ঔষধৰ কাম কৰে। ১০ -৩০ মিনিটৰ এক চমু ন্যাপ বা চমু টোপনিয়ে শৰীৰক পুনৰুজ্জ্বীৱিত কৰি তোলে, ফলত alertness বৃদ্ধি পায় আৰু ক্লান্তি বা ভাগৰুৱা ভাৱৰ পৰা মুক্ত অনুভৱ কৰোৱায়। এই short sleep বা পাৱাৰ ন্যাপে ব্যক্তিৰ মনঃ সংযোগ উন্নত কৰে, স্মৃতি শক্তি বঢ়ায়, ই মানুহৰ মনৰ ভাৱ উন্নত কৰাৰ লগতে মনটো নিয়ন্ত্ৰণত ৰাখে, অধিক শান্ত অনুভৱ কৰায়।সেয়ে একেৰাহে কামত নিয়োজিত হৈ থাকিব লগা সকলৰ বাবে এই লঘূ টোপনি অতিশয় প্ৰয়োজনীয়। চাবলৈ গ’লে ১০- ৩০ মিনিটৰ টোপনিৰে হেঁপাহ নপলায় কিন্তু কৰ্ম ব্যস্ততাৰ মাজৰে সেই চমু নিদ্ৰাই সম্পূৰ্ণ টোপনিৰ আমেজ পূৰ্ণ কৰিব পাৰে।