Peace Wellness Foundation ৰিহাব চেণ্টাৰত অভিযান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

pc Facebook

Peace Wellness Foundation ৰিহাব চেণ্টাৰত অভিযান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাইজৰ বিভিন্ন অভিযোগৰ পিছত  হঠাৎ কমাৰ্চ পইণ্টত থকা Peace Wellness Foundation নামৰ ৰিহাব চেণ্টাৰটোত মন্ত্ৰী পীয়ূষ হাজৰিকাই চলালে অভিযান। অভিযানত পোহৰলৈ আহিল ৰিহাব চেণ্টাৰটোত চলি থকা ব্যাপক অৰাজকতাৰ পৰিৱেশৰ কথা। মন্ত্ৰীগৰাকী  ৪টা কোঠাত ৬০জনকৈ যুৱক–যুৱতীক গৰু–গোহালিৰ দৰে ৰখা পৰিৱেশ দেখি হতবাক হৈ পৰিল৷ লগে লগে চেন্টাৰটোৰ স্বত্বাধিকাৰী শিলাজিৎ চক্ৰৱৰ্তীক মাতি আনি সকলোৰে সন্মুখত দিলে ধমক ৷মন্ত্ৰীগৰাকীয়ে চেন্টাৰটিৰ কৰ্তৃপক্ষক প্ৰথমবাৰৰ বাবে এটি সুবিধা প্ৰদান কৰি অনতিপলমে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা তথা নীতি-নিয়ম সমূহ মানি চেন্টাৰটি চলাবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে স্থানীয় আৰক্ষীক তিনিদিনৰ বাবে চেন্টাৰটিৰ সকলো কাম-কাজ নিৰীক্ষণত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে।সোধা–পোছাৰ বাবে আটক কৰা হ’ল এজন কৰ্মচাৰীক ৷ অনাগত ৩দিন আৰক্ষীৰ নজৰত ৰেহাব চেণ্টাৰটো ৰখোৱাৰ কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে অতি শীঘ্ৰ গুৱাহাটীৰ সকলো ৰিহাৰ্ব চেন্টাৰৰ মালিক পক্ষৰে মিলিত হৈ চেন্টাৰ সমূহ চলাই নিয়াৰ ক্ষেত্ৰত এখনি নতুন এছ.অ’.পি প্ৰস্তুত কৰিব। আৰু ইয়াৰ প্ৰাৰম্ভিক কাম খিনি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।