ধৰ্ষণ, হত্যাকাণ্ডই সীমা চেৰাইছে অসমত, মুখ্যমন্ত্ৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী “বহুবাক”ৰ

Pc LiveLaw

ধৰ্ষণ, হত্যাকাণ্ডই সীমা চেৰাইছে অসমত, মুখ্যমন্ত্ৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী “বহুবাক”ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  “অসমত এতিয়া অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে । শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীহৰিদেৱ, শ্ৰীদামোদৰদেৱ, শ্ৰীমাধৱদেৱ, আজান ফকীৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, সীতানাথ ব্ৰহ্ম চৌধুৰী, ড০ ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী আদিৰ জন্মভূমিত এতিয়া সঘনাই নাৰীক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাই সীমা চেৰাইছে”—– আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা ব্যক্ত কৰিছে “বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম” চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাৰ । “শিশু, কিশোৰ-কিশোৰীৰ ওপৰত নিৰ্যাতন, ভয়-ভাবুকিৰে কামনা-বাসনা পূৰ কৰি হত্যা আদি ঘটনা প্ৰায় নিতৌ ঘটিব ধৰাটো বৰ পৰিতাপৰ বিষয় হৈ পৰিছে” বুলি “বহুবাক”ৰ প্ৰধান সম্পাদক গৰাকীয়ে কয় । “বহুবাক”ৰ প্ৰধান সম্পাদক গৰাকীয়ে আৰু কয়— “বৰ্তমান আমাৰ দেশৰ ৰাষ্ট্ৰপতি নাৰী, বিত্তমন্ত্ৰী নাৰী, দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী নাৰী, আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ পদত নাৰী, অসম-ভাৰতৰ একাধিক সৰ্বাংগীণ উন্নয়নমূলক কামত নাৰী এনেহেন সময়ত অসমত নাৰী যথেষ্ট পৰিমাণে অবনমিত হৈছে । নাৰীক বলাৎকাৰ, ধৰ্ষণ কৰা হৈছে । পিছত হত্যা কৰা হৈছে । বৰ লজ্জিত বিষয় । বৰ পৰিতাপৰ বিষয় ।” বহুবাকে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি বিনম্ৰতাৰে অনুৰোধ জনাইছে যে ধৰ্ষণকাৰীক তাৎক্ষণিকভাবে গ্ৰেপ্তাৰ কৰি যথোপযুক্ত শাস্তি বিহি ইতিহাস ৰচিব লাগে । যাতে এনেকুৱা ঘটনাৰ পুনৰা বৃত্তি নহয় । ধৰ্ষণকাৰী, হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ সম্পাদক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস আদি দল-সংগঠনসমূহে ।