NIA-ক অর্পণ কৰা হ’ল দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব

NIA-ক অর্পণ কৰা হ’ল দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ ভয়ংকৰ বিস্ফোৰণক লৈ কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত। সূত্রমতে, দিল্লী বিস্ফোৰণ ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ দায়িত্ব এতিয়া NIA (National Investigation Agency)ক অর্পণ কৰা হৈছে।NIA-ই এতিয়া ঘটনাটোৰ মূল সূত্ৰত পোৱা তথ্যসমূহৰ ভিত্তিত সম্পূৰ্ণ দিশেৰে তদন্ত চলাব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ ফলত ঘটনাটোৰ তদন্তই এক নতুন দিশ পাব বুলি অনুমান কৰা হৈছে।