News অসম channel ৰ উদ্দোগত আৰু Alumni Association কটহগুৰি কলেজৰ সহযোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা 

News অসম channel ৰ উদ্দোগত আৰু Alumni Association কটহগুৰি কলেজৰ সহযোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা 

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ কটহগুৰি মহাবিদ্যালয়ত উখল মাখল পৰিবেশ। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩০ জনৰ অধিক গৰাকী দিষ্টিংশন, ষ্টাৰ মাৰ্ক আৰু 1st ডিভিস্বন লাভ কৰা ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা,জাপি,কিতাপ,কলম আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্দ্ধনা অনুষ্ঠানত সভাপতিত্ত্ব কৰে কটহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড:খাইৰুল ইছলাম চাহাবে। মূখ্য অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গিৰিজ কুমাৰ বৰুৱা। নিমন্ত্ৰিত অতিথিতি হিচাপে উপস্থিত থাকে আহোমগাও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বদোৰাম দাস,বৰিবজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনিনদ ডেকা.,৮ নং টুকটুকি জিলাপৰিষদৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্যা আনোৱাৰা চুলতানা বেগম,বটদ্ৰবা ব্লক কংৰেছ কমিটিৰ সম্পাদক পংকজ বৰদলৈ, নিউজ অসমৰ সভাপতি ছিৰাছ উদ্দীন চাহাব মুখ্য সঞ্চালক ৰিবুল হক,পৰিচালন সঞ্চালক আছমা বেগম,editor আস্বিকুৰ আহমেদ, alumni meet ৰ সম্পাদক মতিমুৰ ৰহমান আৰু নিউজ অসমৰ কৰ্মকৰ্তাসকল। উক্ত অনুষ্ঠানটিত বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা শিবামনি বৰা ওপস্থিত থাকিব পৰা নাছিল যদিও তেখেতে কৃতি ছাত্ৰ ছাত্ৰী সকলক মোবাইল যোগে কিছু উদগনিমূলক বাৰ্তা প্ৰেৰণ কৰে,আৰু বাৰ্তা পাঠ কৰে বটদ্ৰৱা ব্লক কংগ্ৰেছৰ সম্পাদক পংকছ বৰদলৈ। এই অনুষ্ঠানটোত নিউজ অসমৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰায় ৩০ জনৰো অধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত অতি পিছপৰা অঞ্চলৰ নতুনকৈ ২০২০ বৰষত প্ৰতিষ্ঠিত হোৱা বৰিগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম ভেইজৰ ছাত্ৰী দিক্ষিতা দেৱীয়ে ডিশটেনস্বন সহ আটাইকেইটা বিষয়ক লেটাৰলৈ ৮৭.০৬% নম্বৰ লৈ কুখ্যাতিৰে ওৰত্তীন হয়। তেওঁক নিউজ অসম চেনেলৰ তৰফৰ পৰা ফুলাম গামোছা, জাপি, গ্ৰন্থ, কলম আৰু মানপত্ৰৰে সভাপতি তথা কটহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খাইৰুল ইছলাম,মুখ্য অতিথি গিৰিচ কুমাৰ বৰুৱা, নিউজ অসমৰ সভাপতি ছিৰাজ উদ্দীন,মুখ্য সঞ্চালক ৰিবুল হকে সম্বৰ্ধনা জনায় আৰু ধিং কে বি হাই ছেকেণ্ডেৰী বিদ্যালয়ৰ ছাত্ৰী ছাহমিনা আহমেদ ষ্টাৰ সহ ৭৭.০৮ শতাংশ নম্বৰ লৈ ওত্তীন হয় ।তেওঁক এখন ফুলাম গামোছা,জাপি,গ্ৰন্থ ,কলম,আৰু মানপত্ৰৰে নিমন্ত্ৰিত অতিথি আহোম গাঁৱ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বধোৰাম দাস ,বৰিবজাৰ আৰক্ষি পহৰা চকীৰ ভাৰপ্ৰাপ্ত মনিনদ্ৰ ডেকা,প্ৰাক্তন ৮ নং টুকটুকি জিলা পৰিষদৰ সলস্যা তথা বটদ্ৰৱা ব্লক কংগ্ৰেছৰ মহিলাৰ সভানেত্ৰী আনোৱাৰা চুলতানা বেগম,বটদ্ৰৱাBCCৰ সম্পাদক পংকজ বৰদলৈ আৰু নিউজ অসমৰ পৰিচালন সঞ্চালক আছমা বেগম,alumni meet ৰ সম্পাদক মতিবুৰ ৰহমানে সম্বৰ্ধনা জনায়।