NEET 2022 প্ৰৱেশ পৰীক্ষাত অভিলেখ গঢ়িলে পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ শিক্ষাৰ্থীয়ে

NEET 2022 প্ৰৱেশ পৰীক্ষাত অভিলেখ গঢ়িলে পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ শিক্ষাৰ্থীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত জুলাই মাহত অনুষ্ঠিত হৈ যোৱা NEET- ২০২২ প্রবেশ পৰীক্ষাত অন্য বছৰৰ দৰে এই বছৰো পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ শিক্ষৰ্থীয়ে সফলতাৰে উত্তীর্ণ হ’বলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেডিকেলৰ ক্ষেত্ৰত সকলোতকৈ কঠিন আৰু শ্ৰেষ্ঠ প্ৰৱেশ পৰীক্ষাত কোচিং চেন্টাৰখনৰ সৰহসংখ্যক শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ ভাৰতৰ বিভিন্ন খ্যাতি সম্পন্ন চৰকাৰী মেডিকেল কলেজত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। লগতে, এই সফলতা আৰু আনন্দৰ মুহূৰ্তত পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ কৰ্তৃপক্ষই কয় যে, “আমি আমাৰ সমূহ কৰ্মকৰ্তাৰ কঠোৰ পৰিশ্ৰমৰ ফলত এই ফলাফল পাবলৈ সক্ষম হৈছেো। আমি আমাৰ সমূহ উত্তীর্ণ শিক্ষাৰ্থীক লৈ গৌৰৱ অনুভৱ কৰিছো, কিয়নো তেওঁলোকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰা কঠোৰ পৰিশ্ৰম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ চেষ্টাৰ ফলত এই ফলাফলৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’লো। আমি আশাবাদী যে এই ফলাফলে উঠি অহা যুৱ প্ৰজন্মৰ উৎসাহ আৰু উদ্দীপনা বঢ়াব।” ইপিনে, NEET -২০২২ ত পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৬০০ নম্বৰতকৈ অধিক নম্বৰ লাভ কৰে। এই ছাত্র-ছাত্রী সকলৰ নাম আৰু লাভ কৰা নম্বৰসমূহ হ’ল ইষান চৈনী (৬৭৬), স্বপ্ননীল ভট্টাচার্য (৬৭৬), মধুস্মিতা শৰ্মা (৬৫৬), ধুৰ্জতী শইকীয়া (৬৫২), দীপান্বিতা দাস (৬৪১), পাৰ্থ শইকীয়া পুৰকাস্থ্য (৬৪০), ৰিচিতা বেজবৰুৱা (৬৩৪), সুদীপ্ত বৰঠাকুৰ (৬১৬), অপৰূপা দে (৬১৫), চাদবাৰ্গ চালাম (৬১৪), অভিজ্ঞান দত্ত (৬১২), চন্দানী সুৰেখা (৬০৯), তৃৰঙ্গম কলিতা (৬০৯), জ্যোতিষ্মান হালৈ (৬০৮), আখিৰুজ জামিন আহমেদ (৬০৩), আৰু ১৮০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে ৫০০ নম্বৰতকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছে।” লগতে, ২৫০ ত কৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মেডিকেল কলেজত প্ৰৱেশ লাভ কৰিব বুলি কৰ্তৃপক্ষই আশংকা কৰিছে। অনুষ্ঠিত এই অনুষ্ঠানৰ শেষত কর্তৃপক্ষই জনায় যে, “এই ফলাফল বহুত সাধনাৰ ফলস্বৰূপ আৰু এই ফলাফলে ছাত্ৰ-ছাত্ৰীক দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব। NEET ২০২২ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্র-ছাত্রীক শুভেচ্ছা জনালো আৰু আগন্তুক দিনত এনেধৰণৰ ফলাফল আনি উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যৎ গঢ়াৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ ঘোষণা কৰিলোঁ।”