NEET পৰীক্ষাত উজলিল, নগাঁও জিলাৰ আলিটাঙনীৰ মেধাৱী ছাত্ৰ জেৰিফুল ইছলাম আনচাৰী

NEET পৰীক্ষাত উজলিল, নগাঁও জিলাৰ আলিটাঙনীৰ মেধাৱী ছাত্ৰ জেৰিফুল ইছলাম আনচাৰী

দিলদাৰ হুছেইন, ধিং,ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁও জিলাৰ আলিটাঙনী লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, মেধাৱী ছাত্ৰ জেৰিফুল ইছলাম আনচাৰীয়ে।মেধাৱী ছাত্ৰজনে NEET পৰীক্ষাত সৰ্বমুঠ ৭২০ নম্বৰৰ ভিতৰত ৫৯২ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত আলিটাঙনীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, আলিটাঙনী এম,এ, ফৰাজী মডেল স্কুলৰ প্ৰাক্তন ছাত্ৰ জেৰিফুল ইছলাম আনচাৰীৰ এনে সফলতাই বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী ৰ লগতে পৰিচালনা সমিতিৰ বিষয় ববীয়া সকল আপ্লুত হৈ পৰিছে । আজি বিদ্যালয় প্ৰাঙ্গনত মেধাৱী ছাত্ৰ জেৰিফুল ইছলাম আনচাৰীক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ পিতৃ মাতৃকো সম্বৰ্ধনা জনাই।ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হৈ মানৱ সেৱা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে মেধাৱী ছাত্ৰ জেৰিফুল ইছলাম আনচাৰীয়ে।