ISROৰ আন এক সফলতা

ISROৰ আন এক সফলতা

ৰঙিলী বাৰ্ত্তাসেৱা- ISROৰ আন এক সফলতা। শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপণ হ’ল জিএছএলভি-এফ১২/এনভিএছ-অ’১ মিছনৰ। এই মিছনত আছে এনভিএছ-অ’১ উপগ্ৰহ। যি উপগ্ৰহক প্ৰায় ১৯ মিনিটৰ উৰণৰ পিছত এক ভূ-সমকালীন স্থানান্তৰ কক্ষপথত সঠিকভাৱে উৎক্ষেপণ কৰে ISROয়ে। আজি শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএইচএআৰৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা ১০.৪২ বজাত উৎক্ষেপণ কৰা হয় এই মিছন। এই ভূ-সমকালীন উপগ্ৰহ উৎক্ষেপণ অভিযানটো প্ৰায় ২২৩২ কিলোগ্ৰাম ওজনৰ। উল্লেখ্য এনভিএছ-অ’১ হৈছে ভাৰতীয় নক্ষত্ৰমণ্ডল (নেভিআইচি) সেৱাৰ নেভিগেশ্বনৰ বাবে পৰিকল্পনা কৰা দ্বিতীয় সংস্কৰণৰ উপগ্ৰহবোৰৰ ভিতৰত প্ৰথম।