INDIA BOOK OF RECORD ত নাম সন্নিৱিষ্ট হ’ল ধিঙৰ ভৰত জ্যোতি দেৱ নাথৰ

INDIA BOOK OF RECORD ত নাম সন্নিৱিষ্ট হ’ল ধিঙৰ ভৰত জ্যোতি দেৱ নাথৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাহ শিল্পৰ বাবে INDIA BOOK OF RECORD ত জিলিকিল ভৰত জ্যোতি দেৱ নাথ।বাহ শিল্পৰ বাবে INDIA BOOK OF RECORD ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল ধিঙৰ এজন উদ্যমী যুৱক । নাম তেওঁৰ ভৰত জ্যোতি দেৱ নাথ । ঘৰ ধিঙৰ বেটকাতি গাঁৱত । এইজন উদ্যমী যুৱকে সৰুৰে পৰা বাঁহৰ বিভিন্ন সঁজুলি তৈয়াৰ কৰি ভাল পাইছিল । বাঁহৰ কাঠি কামি কৰি সাজি উলিয়াইছিল ঘৰত ব্যৱহাৰ হোৱা প্ৰতিটো সঁজুলি । তাৰ মাজতেই ভৰতে সাজি উলিয়াবলৈ যত্ন কৰিছিল অসমীয়া অংকীয়া ভাওনাত ব্যৱহাৰ কৰা ভগবান শ্ৰীকৃষ্ণৰ পোছাক যোৰ । কথামতেই বাহেৰে সাজি উলিয়াইছিল শ্ৰীকৃষ্ণই সেই বিশেষ পোচাক যোৰ। যিটো বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল, আৰু আজি সেই পোচাক যোৰ বাবে INDIA BOOK OF RECORD ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল এইজন উদ্যমী যুৱক।ভৰতৰ এই সাফল্যত উৎফুল্লিত এতিয়া নিজৰ গাঁওখনৰ লগতে সমগ্ৰ ধিঙবাসী ।