IAS শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- IAS শেৱালী দেৱী শৰ্মাৰ কনিষ্ট কন্যাক গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ। গ্ৰেপ্তাৰৰ পিছতে বিশেষ আদালতত হাজিৰ কৰোৱা হয় IAS শেৱালী দেৱী শৰ্মাৰ কণিষ্ঠ কন্যাক। শেৱালী দেৱী শৰ্মাৰ কনিষ্ঠ কন্যাৰ একাউণ্টত SCERTৰ ৪ কোটি ৯৯ লাখ টকা সোমাইছিল। ইফালে আৰক্ষীয়ে শেৱালী দেৱী শৰ্মাৰ কনিষ্ট কন্যাক গ্ৰেপ্তাৰৰ পাছতে সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছিল। আৰু আদালতে তেওঁক গুৱাহাটী কেন্দ্ৰিয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ হৈছে ১০৫ কোটি টকীয়া কেলেংকাৰীত জড়িত শেৱালী দেৱী শৰ্মা। শেৱালীৰ লগতে গ্ৰেপ্তাৰ আন ৩ জনকো। গ্ৰেপ্তাৰ কৰা হৈছে জোঁৱায়েক অজিত পাল সিং, বন্ধু আমিন আৰু চাকৰ মাজনী কাইথাক। ৰাজস্থানৰ আজমেৰৰ ক্ৰছলেণ্ড হোটেলৰ পৰা গ্ৰেপ্তাৰ চাৰিওকে। গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে আটাইকেইজনকে ৰাজস্থানৰ এখন আদালতত হাজিৰ কৰি ট্ৰেনজিত ৰিমাণ্ডত লৈ অনা হ’ব গুৱাহাটীলৈ।