Guidance Academyত শিশু দিৱস উৎযাপন

Guidance Academyত শিশু দিৱস উৎযাপন

দেৱাশীষ গোস্বামী,নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ এখন অতি আগশাৰীৰ বিদ্যালয় Guidance Academyতো শিশু দিৱস অতি উলহ মালহেৰে পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষদ্বয় ক্ৰমে বিনা শইকীয়া আৰু প্ৰয়াগ জ্যোতি শইকীয়াই পণ্ডিত নেহেৰুৰ কৰ্ম জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁলোকৰ সাৰুৱা বক্তব্য কণ কণ মইনা সকললৈ আগবঢ়ায়। পৰৱৰ্তী পৰ্য্যায়ত বিদ্যালয়খনৰ কণ কণ মইনা সকলে বিভিন্ন গীত, নৃত্য, বক্তৃতাৰে সম্পূৰ্ণ অনুষ্ঠানতো উদ্ভাষিত কৰি তোলে। কণ কণ মইনা সকলৰ অন্ত ৰ্নিহিত প্ৰতিভা সমূহ দেখি সকলো আপ্লুত হৈ পৰে।

অন্যহাতে বিদ্যালয় খনে Class 1 অৰ পৰা Class 5 অৰ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পবিত্ৰ স্থান বৰদোৱালৈ যোৱা ১২ নৱেম্বৰ তাৰিখে এক শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰে। “আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত’’ কথাষাৰ যথাৰ্থ প্ৰতিপন্ন কৰি Guidance Academyৰ কণ কণ শিশু সকলৰ বিভিন্ন দিশত উৎকৰ্ষ সাধনৰ বিভিন্ন পদক্ষেপক সকলোৱে ভূয়ষি প্ৰশংসা কৰে তথা অদূৰ ভৱিষ্যতেও এনে ধৰণৰ শিশু সকলৰ শাৰিৰীক তথা মানসিক উৎকৰ্ষ সাধন কৰিব পৰা বিভিন্ন পদক্ষেপৰ অন্তঃকৰণেৰে কামনা কৰে।