Cradle of the world- দেৱীকা বৰপূজাৰী

pc The Week
Cradle of the world…….
Surrogate – এই শব্দটোৰ লগত আজি আমি খুবেই পৰিচিত ; সন্তান জন্ম দিব নোৱাৰাৰ বেদনা এই শব্দটোৱে আজি বহুখিনি লাঘৱ কৰিছে। আনকি গুজৰাটৰ এগৰাকী প্ৰসূতি বিদ্যাৰ ডাক্তৰ, নয়না পেটেলৰ উদ্যোগত বেলেগে এখন ‘হাউছিং চচাইতি’ গঢ় লৈছে বুলি শুনা যায় ।
পোন্ধৰ বছৰ আগৰ পৰা আৰম্ভ এই কাহিনী।পৃথিৱীৰ সন্তানহীন দম্পতী গুজৰাটৰ আনন্দ নামৰ ঠাইলৈ ঢপলিয়াই আহিছিল- এনে  এগৰাকী নাৰীৰ সন্ধানত যিয়ে তেওঁলোকৰ সন্তান দেহত ধাৰণ কৰিব পাৰে।
     Chaitan Hatti ৰ কথাৰে আৰম্ভ কৰা যাওক। Norway ত থকা চৈতন বন্ধ কটাবলৈ বঙ্গালোৰৰ ঘৰলৈ আহোতে বন্ধু এজনৰ পৰা গম পালে যে, আনন্দত পেশাদাৰী গোট এটা আছে যিয়ে surrogacy কৰে। ভালদৰে ‘নেট’ত চাই মেলি দুয়ো পতি পত্নী আনন্দত আহি উপস্থিত হল আৰু এখন ক্লিনিক ত তেওঁলোকে কেইবাগৰাকী মহিলাৰ সাক্ষাৎকাৰ লবলৈ আৰম্ভ কৰিলে আৰু শেষত এগৰাকী মহিলা তেওঁলোকে পুষ্পা নামৰ, মানুহৰ ঘৰত সহায়িকা হিচাবে কাম কৰা মহিলাক বাছনি কৰিলে। পুষ্পাৰ স্বামীয়ে স্কুল এখনত চাফাই কাম কৰে। ষ্টাম্প পেপাৰত চুক্তিৰ চহি কৰাৰ ন মাহৰ পাছত, দুয়ো পক্ষৰ আনন্দৰ সীমা নোহোৱা হ’ল- চৈতন আৰু পত্নীয়ে পালে নতুন জীৱনৰ আনন্দ স্বৰূপ এক পুত্ৰ সন্তান আৰু পুষ্পাই পালে – মোটা অংকৰ চেক ( cheque)
      এই ধৰণৰ ঘটনা আনন্দত সঘনাই হৈ আছিল, যেতিয়া ভাৰতৰ আন ৰাজ্যত এই surrogacy বৰকৈ শুনিবলৈ পোৱা নগৈছিল। মহিলাই নিজৰ egg প্ৰদান কৰি এক ব্যৱসায় চলাইছিল। বিনিময়ত যি খিনি আৰ্থিক সহায় পায়, সেয়া সিহঁতৰ গিৰিহঁতে গোটেই বছৰটো কাম কৰিও আৰ্জিব নোৱাৰে। ব্যৱস্থাটো এনে ধৰণৰ-  ভাৰাতিয়া মাতৃ বা surrogate মাতৃ আৰু সন্তান পাবলৈ ইচ্ছুক দম্পতীয়ে চুক্তি পত্ৰত ঘোষণা কৰিব যে, surrogate মাতৃয়ে সন্তানৰ কোনো অধিকাৰ পাব নোৱাৰিব আৰু তেওঁৰ ‘ফিজ ‘ নিগাজীকৈ বেংকত তেওঁৰ নামত একাউণ্ট খুলি জমা কৰা হ’ব আৰু মাহে মাহে তাৰ পৰাই পইচা উলিয়াই surrogate কৰিব খোজা মাতৃয়ে নিজৰ শৰীৰৰ যত্নৰ বাবে সুষম খাদ্যৰ ব্যৱস্থা কৰিব পাৰিব।
   স্বাভাৱিকতেই এই  মাতৃ সকলে নিজৰ পৰিচয় দিবলৈ বা বাতৰি কাকতত নিজৰ ছবি প্ৰকাশ কৰিবলৈ অনিচ্ছুক। বহুতেই নিজৰ surrogacy লুকুৱাই ৰাখিব খোজে । আনন্দৰ কাষৰ গাঁও বোৰৰ পৰাই এনে মহিলা আনন্দ ত থকা ক্লিনিক লৈ আহে যদিও আন ৰাজ্যৰ পৰাও মহিলা আনন্দলৈ আহে। যেনে হাওৰাৰ পৰা অহা প্ৰণতি মণ্ডল, যিয়ে কৰিয়ান দম্পতী এহালৰ সন্তানৰ মাতৃ। প্ৰণতিৰ ডাঙৰ ল’ৰাটো অসুখীয়া, হাৰ্ট ৰ অপেৰেচনৰ বাবে টকাৰ বৰ প্ৰয়োজন বাবেই আনন্দ চহৰৰ এই ব্যৱসায়ৰ বিষয়ে এজনীয়ে খবৰ দিয়াত গুচি আহিছে।
   অন্ধ্ৰপ্ৰদেশৰ মঞ্জুলাৰ স্বামী মদাহী, কাম পালেও মদাহী বাবেই কামৰ পৰা খেদা খায়। Surrogacy কৰি পোৱা ধনেৰে এতিয়া তাইৰ স্বামীয়ে সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিছে আৰু মদ খাবলৈকো এৰিছে।
      ওপৰত উল্লেখ কৰা পুষ্পাৰ ইমান অভাৱ নাছিল কিন্তু জীৱন ধাৰণৰ প্ৰণালী অলপ উন্নত কৰিবলৈকে পুষ্পাই এই কামলৈ আগ্ৰহ কৰিছিল আৰু ইয়াত পুষ্পাৰ স্বামীৰো সমৰ্থন আছিল। পদ্মা শ্ৰীমণি, পুষ্পাৰ ননদয়েও নিজৰ ঠাই এৰি আনন্দলৈ আহিছিল, surrogacy ৰ পৰা পোৱা মোটা টকাৰে সন্তানৰ ভৱিষ্যত উজ্জল কৰিবলৈ।
 এই মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতা আৰু বিদেশী সকলেও ইউৰোপ আমেৰিকাতকৈ বহু কম খৰছ তে সন্তান এটা পোৱাৰ বাবে – দুয়ো পক্ষৰ লাভ হৈছে। সেইবাবেই ,আনন্দ ইউৰোপ আমেৰিকাৰ পৰা অহা অতিথিৰে ভৰপূৰ। তাতে মুম্বাইৰ পৰা আনন্দ ওচৰত বাবে, বহু দম্পতিয়ে surrogacy ৰ বাবে মুম্বাই পছন্দ কৰে, যদিও মুম্বাইত এই কাম সহজতে কৰিব।পাৰি কিন্তু পৰিয়ালৰ পৰা নানা কথা শুনিব লগীয়া হয় বাবেই বেছি ভাগেই আনন্দ চহৰক অগ্ৰাধিকাৰ দিয়ে।
Surrogacy লৈ আগবঢ়াৰ আগতে , ইচ্ছুক মহিলা গৰাকীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ চকু দিয়া হয়। নিয়মিতভাৱে পৰীক্ষা কৰাটো প্ৰয়োজন।
সুদক্ষ ডাক্তৰৰ হতুৱাই যদি মাজে সময়ে চলি জাৰি চাই পৰীক্ষা কৰি থকা হয়, তেনেহলে, egg দান কৰা মহিলাৰ আভ্যন্তৰীণ শৰীৰত কোনো আসোঁৱাহ দেখা নাযায়। ডাক্তৰ সকলৰ মতে, ‘ surrogacy শেষ বিকল্প, যেতিয়ালৈকে কোনো দম্পতীৰ সন্তান জন্ম দিয়াৰ কোনো আশা নাই, তেতিয়া হে এই প্ৰথা অৱলম্বন কৰা উচিত ‘।
      Single পুৰুষ বা নাৰীৰ বাবে surrogacy আমাৰ দেশত ২০১৫ চনত আইনমতে দণ্ডনীয় বুলি ঘোষণা কৰা হৈছিল ।  দৰিদ্ৰ মহিলা সকলে ন মাহ গৰ্ভত নিজৰ সন্তান ধাৰণ কৰি পাছত সেই  নিঃসন্তান দম্পত্তিৰ হাতত  নিজৰ মায়া এৰি তুলি দিব লগীয়া হয়  চাৰি পাঁচ লাখ টকাৰ বিনিময়ত। চাবলৈ গলে, দুয়ো পক্ষৰে লাভ।
দেৱীকা বৰপূজাৰী
মুম্বাই