CBSE ৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ফলাফল ঘোষণা

CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- বহু জল্পন-কল্পনাৰ অন্তত ঘোষণা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড(CBSE)ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল।এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে ৮৮.৩৯ শতাংশ ছাত্ৰ-ছাত্ৰী।পূৰ্বৰ বছৰৰ তুলনাত ০.৪১ শতাংশ বেছি ৷প্ৰতিবাৰৰ দৰে দ্বাদশ শ্ৰেণীৰ ফলাফলত এইবাৰো ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি। এইবাৰ ৯১.৬৪ শতাংশ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৫.৭০ শতাংশ।চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৪ এপ্ৰিললৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৮ মাৰ্চত দশম শ্ৰেণীৰ পৰীক্ষা সমাপ্ত হৈছিল ৷ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১৬ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হয়, ইয়াৰে ১৪ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হয় ৷ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১,১১,৫৪৪গৰাকী পৰীক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে। এক বিবৃতিত চিবিএছইয়ে ১৭খন জিলাৰ উত্তীৰ্ণৰ শতাংশ অনুযায়ী অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত সৰ্বাধিক ৯৯.৬০ শতাংশ উত্তীৰ্ণ হয় ৷ ইফালে প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে প্ৰয়াগৰাজ ৷