BNSS ধাৰা ২০৮নং ধাৰা সংযোজনে তদন্তক নতুন মাত্রা প্রদান কৰিবঃমুন্নাপ্ৰসাদ গুপ্তা

BNSS ধাৰা ২০৮নং ধাৰা সংযোজনে তদন্তক নতুন মাত্রা প্রদান কৰিবঃমুন্নাপ্ৰসাদ গুপ্তা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চার্জশ্বীট অহা ১০ ডিচেম্বৰৰ ভিতৰত আদালতত দাখিল কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ পাছতে এছআইটিয়েও ১০ ডিচেম্বৰক লক্ষ্য হিচাপে লৈ চার্জশ্বীট প্ৰস্তুত কৰি আছে। তদন্তৰ অগ্ৰগতিৰ মাজতে এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই সংবাদ মাধ্যমক সম্বোধন কৰে। প্রিয় শিল্পীৰ হত্যাৰ গোচৰত ২০৮নং ধাৰা সংযোজনে তদন্তক নতুন মাত্রা প্রদান কৰিব বুলি আশা প্রকাশ কৰি মুন্নাপ্রসাদ গুপ্তাই কয় যে কিছুমান গোচৰ আদালতত চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদনৰ প্ৰয়োজন হয়। জুবিন গাৰ্গৰ মৃত্যু যিহেতু বিদেশত হৈছিল, গতিকে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ(BNSS) ২০৮নং ধাৰাৰ অধীনত আমি গোচৰটো আদালতত চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাইছিলোঁ। আজি এই অনুমোদন লাভ কৰিছোঁ। বিএনএছএছৰ ২০৮নং ধাৰাৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে যেতিয়া কোনো ঘটনা বিদেশত হয় আৰু তাত যদি ভাৰতীয় নাগৰিক জড়িত থাকে, তেন্তে আদালতত গোচৰ চলাবলৈ বিএনএছএছৰ ২০৮নং ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাগে। এয়া এটা প্রয়োজনীয় পদক্ষেপ বুলি মন্তব্য কৰি তেওঁ কয় যে এই অনুমোদনে তদন্তক অধিক ক্ষিপ্ৰতৰ কৰি তুলিব। বর্তমানলৈকে ১৬০জনৰো অধিক লোকৰ সাক্ষ্য এছআইটিয়ে গ্রহণ কৰিছে। তদন্ত সুন্দৰ গতিত অব্যাহত আছে। অকল সাক্ষ্যগ্রহণেই নহয়, ছিংগাপুৰৰ পৰা তদন্তৰ বাবে প্ৰয়োজনীয় সকলো তথ্য ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে। বিগত কিছুদিন পূর্বে শিল্পীগৰাকীৰ লগতে মেনেজাৰ সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ ম’বাইলকেইটাও এছআইটিয়ে পৰীক্ষাৰ বাবে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছিল। উক্ত পৰীক্ষাৰ প্ৰতিবেদনসমূহো ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে।