ASTC ৰ বাছ নিলাম কৰাত সংঘটিত হৈছে কেলেংকাৰী – তদন্তৰ দাবী আপৰ
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক পৰিবহণ নিগমত সংঘটিত দুর্নীতি আপ অসমে বিভিন্ন সময়ত উদঙাই আহিছে। পৰিবহণ নিগমৰ ৰঙা বাছৰ সৈতে অসমৰ ৰাইজৰ আবেগ জড়িত আছে । কিন্তু চৰকাৰৰ অদুৰদৰ্শিতা, দুৰ্নীতি আৰু সঠিক পৰিকল্পনাৰ অভাৱত অসম ৰাজ্যিক পৰিবহণ নিগম এতিয়া ধ্বংসমুখী । এই নিগমটোক উজ্জীৱিত কৰণৰ শ্লো গান চৰকাৰে দিয়া দেখা যায় । কিন্তু কার্য ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পদ লুণ্ঠনতহে নামি পৰিছে চৰকাৰ তথা একাংশ আমোলা। আজি গণেশগুৰিস্থিত আপ অসমৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে – অসম ৰাজ্যিক পৰিবহণ নিগম এতিয়া বাছ চলোৱা নিগম হৈ থকা নাই বাছ বিক্ৰী কৰা নিগমত হে পৰিণত হৈছে। লোকচানত চলা এই নিগমটোৰ মাটি সম্পত্তি ৰাজ্যজুৰি কোনে কি দৰে দখল কৰি এফালৰ পৰা এই নিগমটোক গ্ৰাস কৰি আহিছে সেয়া সুকীয়া প্রসঙ্গ। কিন্তু বাছ বিক্ৰী কৰি অসম ৰাজ্যিক পৰিবহণ নিগমে অভিলেখ ৰচিছে। ২০১৭-১৮ ৰ পৰা ২০২২-২৩ লৈ ASTC য়ে মুঠ ৬৬৬ খন বাছ স্ক্রেপ হিচাপে নিলাম কৰিছে। ২০১৭-১৮ ত ৩১খন, ২০১৮-১৯ ত ২০৯খন, ২০১৯-২০ ত ১০৮ খন, ২০২১- ২২ ত ২০৫ খন আৰু ২০২২–২৩ ত ১১৩ খন। এই বাছ নিলাম কৰি ASTC যে লাভ কৰিছে মুঠ ৯ কোটি ২১ লাখ টকা। ২০১৭-১৮ ত ৪৮.৮৮ লাখ, ২০১৮-১৯ ত ২৬৪.৮ লাখ, ২০১৯-২০ ত ১৩৫.১ লাখ, ২০২১-২২ ত ২৪৩.৫৯ লাখ, ২০২২-২৩ ত ২২৯.২৯ লাখ টকা মুঠ ৯ কোটি ২১ লাখ ৬৬ হাজাৰ টকা। আশ্বর্যৰ বিষয় এই যে যি সময়ত কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ে চৰকাৰী বিভাগ, নিগমৰ ১৫ বছৰ পুৰণি গাড়ী ফ্লেপ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে সেই সময়ত ASTC য়ে ফ্লেপ হিচাপে নিলাম কৰা বেছি ভাগ বাছৰ বয়স নিলাম কৰা দিনটোলৈ ১০ বছৰৰ তলৰ। অর্থাৎ এই নিগমটোৱে বাছ এখন নিয়াৰিকৈ ১০ বছৰো চলাব নোৱাৰে । তাতোকৈ ডাঙৰ কথা ASTC ৰ বৰ্তমান অচল, অকামিলা হৈ পৰা বাছৰ সংখ্যা ১৮৪ খন। ইয়াৰ ভিতৰত ৫/৬ বছৰ পুৰণি বাছো বিকল হৈ আছে। যি বাছ সমূহ হয়টো সামান্য মেৰামতি কৰিলেই ৰাজ পথত চলাৰ বাবে উপযুক্ত হব। এইদৰে পেলাই ৰখা বাছ সমূহ ASTC যে হয়তো দুই – এবছৰতে গ্রুেপ হিচাপে নিলাম কৰিব। ২০১৬-১৭ বৰ্ষত ASTC যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পুজিৰে ৫৪খন, ২০১৭-১৮ বৰ্ষত ১৯ খন, ২০১৯-২০ বৰ্ষত ১৫ খন, ASTC ৰ নিজা পুঁজিৰে ২০১৮-১৯ বর্ষত ৬৯খন, ২০২০-২১ বৰ্ষত ৪০খন, ২০২১-২২ বৰ্ষত ১৪ খন বাছ কিনিছিল। এতিয়া প্রশ্ন হয় এটা চৰকাৰী নিগমে ৫ বছৰত যদি ৬৬৬ খন বাছ নিলাম কৰে তেনেহলে এই নিগমটোৰ বাছ চলোৱাৰ যোগ্যতা নাই। নাইবা তাত দক্ষ পৰিচালনাৰ অভাৱ ঘটিছে নতুবা বাছ নিলামৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত হৈছে। ১৫ বছৰ নোহোৱাকৈ চৰকাৰী নিগম এটাৰ বাছ সমূহ বিকল হোৱা, এই বিকল বাহু সমূহ ক্ষেপ কৰি নিলাম কৰাৰ আঁৰত বৃহৎ কেলেংকাৰী আছে। এই কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী কৰিছে আপ অসমে। ইয়াৰ বিপৰীতে বাছ বিক্ৰী কৰি তৎ নোপোৱা ASTC ৰ লোকচানৰ পৰিমাণ দিনক দিনে বাঢ়ি গৈ আছে। ২০১৬-১৭ বৰ্ষত অর্থাৎ ৰাজ্যত প্ৰথম বাৰলৈ বি জে পি চৰকাৰ আহোঁতে ASTC ৰ লোকচানৰ পৰিমাণ আছিল ৭৭.৮৬ কোটি টকা আৰু ২০২১-২২ বৰ্ষত ASTC ৰ লোকচানৰ পৰিমাণ হয়গৈ ৮২.৬৩ কোটি টকা। লক্ষণীয় ভাবে এই সময়ছোৱাত আকৌ তেতিয়াৰ বি জে পি চৰকাৰে ASTC ক সংস্কাৰ কৰাৰ বাবে আনন্দ প্রকাশ তিৱাৰী নামৰ আই পি এছ বিষয়া এজনক নিগমৰ এম ডি পাতিছিল। আপ অসমে পুনৰ দোহাৰে অসমৰ ৰাইজৰ আবেগ জড়িত হৈ থকা এই নিগমটো ৰক্ষা কৰাৰ স্বাৰ্থত মুখ্যমন্ত্রীয়ে এক তদন্ত ঘোষণা কৰিব লাগে আৰু কেলেংকাৰী সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লোকচানৰ দোহাই দি ASTC ক যাতে কোনো পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ চেষ্টা নকৰে, তাৰ বাবে চৰকাৰক সকীয়াই দিছে আপ, অসমে । আজিৰ সংবাদ মেলত আপৰ যুটীয়া সমন্বয়ক কমল কুমাৰ মেধি আৰু যুটীয়া সম্পাদক অম্লান জ্যোতি হাতী বৰুৱাও উপস্থিত থাকে ।