Assam Pearl Development Cooperative Society Ltd ৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

Assam Pearl Development Cooperative Society Ltd ৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

আদিলুৰ ৰহমান, টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাওঁ জিলাৰ ধিঙৰ শালকাটি পথাৰস্থিত মূখ্য কাৰ্যালয়ত Assam pearl development cooperative society Ltd ৰ ২০২৩-২০২৪ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন যোৱা ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায়।আজিৰ এই বাৰ্ষিক সাধাৰণ সভাৰ উদ্দেশ্য বাখ্যা কৰে সমবায়ৰ মূখ্য কাৰ্যবাহী বিষয়া চফীক উল্লাহ। সমবায়খনৰ উপ- সভাপতি ৰুলেন হাজৰিকাই সভাপতিত্ব কৰা বাৰ্ষিক সাধাৰণ সভাখনত নগাঁও জিলাৰ সমবায় বিভাগৰ পৰিদৰ্শক পুটোকন বৰদলৈ আৰু সমবায়ৰ মুখ্য কাৰ্য্যবাহী বিষয়া চফীক উল্লাহৰ লগতে সমবায়খনৰ অসমৰ বিভিন্ন জিলাৰ সঞ্চলিক মণ্ডলী আৰু অংশীদাৰ সকল উপস্থিত আছিল।