APSCত ৯৮সংখ্যক স্থান পোৱা ডলী ডেকাৰ নিযুক্তি স্থগিত

APSCত ৯৮সংখ্যক স্থান পোৱা ডলী ডেকাৰ নিযুক্তি স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৯৮সংখ্যক স্থানপ্ৰাপ্ত ৰঙিয়াৰ তিতকুৰিৰ ডলী ডেকাৰ EWS প্ৰমাণ পত্ৰত বিসংগতি থকাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে ডলী ডেকাৰ নিযুক্তি স্থগিত ৰখা হৈছে। কামৰূপ জিলাৰ কমাৰগাঁৱৰ ডলী ডেকা নামৰ প্ৰাৰ্থীগৰাকী অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল যদিও EWS প্ৰমাণ পত্ৰত বিসংগতিৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হ’বলগা হৈছে। লোকসেৱা আয়োগৰ ফলাফল ঘোষণা হোৱাত ডলী ডেকাই ৯৮সংখ্যক ৰেংক লাভ কৰিবলৈ সক্ষম হয় যদিও প্ৰমাণ পত্ৰখনত বিসংগতি ধৰা পৰাত সমস্যাৰ সন্মুখীন হ’বলগা হয়। বিষয়টো পোহৰলৈ অহাত ৰঙিয়া চক্ৰ বিষয়াই প্ৰাৰ্থীগৰাকীক ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ মাতি আনি EWS প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ সময়ত জমা দিয়া নথি পত্ৰসমূহ নিৰীক্ষণ কৰে। জানিব পৰা মতে, চক্ৰ বিষয়াগৰাকীয়ে ডলী ডেকাৰ EWS প্ৰমাণপত্ৰ নিৰীক্ষণ কৰাৰ সময়ত কিছু বিসংগতি ধৰা পৰিছে। ইফালে, ডলী ডেকাই এই ক্ষেত্ৰত তেওঁ কোনো ভুল কৰা নাই বুলি দাবী কৰে। তেওঁ প্ৰদান কৰা EWS প্ৰমাণপত্ৰ সম্পূৰ্ণ নিয়মৰ মাজেৰে লাভ কৰিছে বুলি উল্লেখ কৰে।