লাইফষ্টাইল ডিছঅৰ্ডাৰ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় – ডা০ বিজিতা চুতীয়া

pc Telegraph India

লাইফষ্টাইল ডিছঅৰ্ডাৰ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়

            লাইফষ্টাইল ডিছঅৰ্ডাৰ (Lifestyle disorder) বর্তমান সময়ত এক ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে ৷ গোটেই বিশ্বৰ প্ৰায় ১৪.২ মিলিয়ন লোক প্ৰতি বছৰে লাইফষ্টাইল ডিছঅৰ্ডাৰত মৃত্যুমুখত পৰা দেখা গৈছে। লাইফষ্টাইল ডিছঅৰ্ডাৰ হৈছে আধুনিক জীৱনশৈলীজনিত কাৰণত হোৱা এবিধ ৰোগ ৷ আজিকালি প্রায়ভাগ লোকে পশ্চিমীয়া সংস্কৃতিৰ সৈতে খোজ মিলাবলৈ যি জীৱনশৈলী বা খাদ্যাভ্যাস গঢ়ি তুলিছে তাৰ ফলস্বৰূপে এইবিধ ৰোগৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। এই ৰোগসমূহৰ ভিতৰত ডায়েবেটিছ, মেদবহুলতা, হৃদৰোগ, ষ্ট্রোক, উচ্চ ৰক্তচাপ, কেঞ্চৰ, আর্থ্রাইটিছ ইত্যাদি অন্যতম।

            লাইফষ্টাইল ডিছঅৰ্ডাৰৰ কাৰণঃ

            আজিকালি ৰাতি দেৰিলৈকে জাগি থকা আৰু পুৱা দেৰিকৈ শুই উঠাটো আধুনিক জীৱনশৈলীৰ অংগ হৈ পৰিছে আৰু ই স্বাস্থ্যৰ বাবে অতিকৈ বিৰূপ প্ৰভাৱ পেলাইছে। এই কু-অভ্যাসৰ ফলত অমনোযোগিতা, মূৰৰ বিষ, কামৰ প্ৰতি অনীহা, মানসিক চাপ আদি বাঢ়ি গৈছে। দেৰিকৈ শোৱাৰ ফলত আমাৰ দেহত কৰ্টিচল নামেৰে এবিধ হৰম’ন নির্গত হয় আৰু ই উচ্চ ৰক্তচাপ বঢ়োৱাৰ লগতে আমাৰ শৰীৰৰ কোষসমূহৰ ৰিজেনেৰেচন (Regeneration) ক্ষমতা কমাই পেলায়।

            বিভিন্ন ধৰণৰ জাংক ফুড গ্ৰহণৰ ফলত মেদবহুলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি হোৱাৰ আশংকা বাঢ়ি গৈছে। দিনটোত যথেষ্ট পৰিমাণৰ পানী সেৱন নকৰাৰ ফলতো কিডনী পাথৰ, কোষ্ঠকাঠিন্য আদি বেমাৰ হোৱা পৰিলক্ষিত হৈছে।

            যিসকল লোকে গোটেই দিনটো চকীত বহি কাম কৰিব লগা হয় তেওঁলোকৰ চাৰ্ভাইকেল আৰু লাম্বাৰ স্পণ্ডালাইটিছ হ’বলৈ লৈছে। কোনোধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰা আৰু চকীত বহি বহি কাম কৰা ডাক্তৰ, উকীল, ব্যৱসায়ী আৰু প্ৰশাসক শ্ৰেণীৰ মানুহবোৰ অতি সোনকালেই হৃদৰোগ, ডায়েবেটিছ আদি ৰোগত আক্রান্ত হয়।

            আনহাতে কম্পিউটাৰত বহুত সময় ধৰি একেৰাহে কাম কৰাৰ ফলত ড্রাই আই বা কম্পিউটাৰ ভিজন ছিণ্ড্ৰম নামৰ ৰোগৰ সৃষ্টি হৈছে।

            বিশ্বৰ প্ৰায় ৩০ শতাংশ লোকৰ মৃত্যু অকল হৃদৰোগৰ ফলত হোৱা দেখা গৈছে। অত্যাধুনিক উচ্চ চর্বিযুক্ত আহাৰ সেৱনৰ ফলত হৃৎপিণ্ডৰ অসুখ, ধমনীৰ অসুখ, ষ্ট্রোক, ডায়েবেটিছ, মেদবহুলতা, কৰ্কট ৰোগ আদি বৃদ্ধি পাইছে। অত্যাধিক চর্বিযুক্ত আহাৰ গ্ৰহণৰ ফলত শৰীৰত কলেষ্টেৰ’লৰ পৰিমাণ বৃদ্ধি পায়৷ তেজত প্ৰয়োজনীয় কলেষ্টেৰ’ল এইচ ডি এলৰ পৰিমাণ হ্রাস হোৱাৰ বিপৰীতে ক্ষতিকাৰক এল ডি এলৰ পৰিমাণহে বৃদ্ধি পায়। তেজত অধিক পৰিমাণৰ কলেষ্টেৰ’ল থাকিলে বক্তবাহী ধমনীৰ ভিতৰৰ বেৰত জমা হৈ ‘এথেৰোছক্লেৰ’ছিছ’ (Atherosclerosis)ৰ ৰোগ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ, টান হয় আৰু স্থিতিস্থাপকতা কমি আহে৷ ‘এথেৰোছক্লেৰ’ছিছ’ৰ বাবে ৰক্তবাহী নলীবোৰৰ তেজ চলাচল কৰা পথটো সৰু হৈ পৰে। ইয়াৰ ফলত হাৰ্টলৈ তেজ চলাচল কমি আহে আৰু কেতিয়াবা একেবাৰে বন্ধ হৈ যায়। ইয়াৰ ফলত হার্ট এটেক আনকি স্ট্রোক পর্যন্ত হ’ব পাৰে। যিহেতু লাইফষ্টাইল ডিছঅৰ্ডাৰ জীৱনশৈলীজনিত কাৰণত হয় সেয়েহে জীৱনশৈলী পৰিৱৰ্তনৰ যোগেদি এইবিধ ৰোগ সম্পূৰ্ণ প্ৰতিৰোধ কৰাটো সম্ভৱ। অন্যাৰ্থত প্ৰতিৰোধেই হৈছে সর্বোত্তম চিকিৎসা।

            আয়ুৰ্বেদত জীৱনশৈলীজনিত ৰোগৰ প্ৰতিৰোধৰ উদ্দেশ্যে দিনচর্যা (দৈনন্দিক মানি চলিবলগীয়া নীতি-নিয়ম) সম্পর্কে অতি সুন্দৰকৈ বর্ণনা কৰিছে। সময়ৰ প্ৰভাৱৰ ফলত হোৱা বিভিন্ন ধৰণৰ পৰিৱৰ্তনে ৰোগৰ উৎপন্ন হোৱাত যথেষ্ট অৰিহণা যোগায়। যদিহে দিনচৰ্যাত উল্লিখিত নীতি নিয়মসমূহৰ দ্বাৰা এই পৰিৱৰ্তন বিনষ্ট কৰিব পাৰে তেন্তে ৰোগৰ প্ৰতিৰোধ অৱশ্যম্ভাৱী। আয়ুৰ্বেদত ব্রাহ্ম মুহূৰ্তত (অর্থাৎ পুৱা ৪ বজাৰ পৰা ৫.৩০ লৈকে এইখিনি সময় ব্রাহ্ম মুহূর্ত নামে জনা যায়।) শুই উঠিবলৈ উপদেশ দিছে। এইখিনি সময় পঢ়াশুনা, যোগ সাধনা কৰাৰ উপযুক্ত সময়।

            শৰীৰৰ ওজন সঠিক মতে ৰখাঃ গোটেই বিশ্বত মেদবহুলতা দ্রুতগতিত বৃদ্ধি পাইছে। বি এম আই (বডী মাছ ইনডেক্স) ব্যৱহাৰ কৰি শৰীৰৰ স্বাভাৱিক ওজন নির্ণয় কৰা হয়। বি এম আই হ’ল লিংগ আৰু বয়সৰ বিষয়ে জানি লৈ শৰীৰৰ ওজনক শৰীৰৰ উচ্চতা মিটাৰৰ বৰ্গসংখ্যাৰে হৰণ কৰি পোৱা যায়। বি এম আই ২৫তকৈ অধিক হ’লে মাত্ৰাধিক ওজন আৰু বি এম আই ৩০ তকৈ অধিক হ’লে মেদবহুলতা হোৱা বুলি থিৰাং কৰা হয়। ১৮.৫ৰ পৰা ২৫ৰ ভিতৰত হ’লে স্বাভাবিক ওজন বুলি জনা যায়। অত্যধিক ওজনযুক্ত ব্যক্তিৰ কৰ’নাৰি আৰ্টেৰি ডিজিজ আৰু উচ্চ ৰক্তচাপ হোৱাৰ আশংকা ৩ গুণ স্বাভাবিক ওজন থকা ব্যক্তিৰ তুলনাত বাঢ়ি যায় আৰু ডায়েবেটিছৰ আশংকা ১০ গুণতকৈ বেছি বৃদ্ধি পায়। অত্যধিক ওজন আৰু মেদবহুলতাযুক্ত ব্যক্তিৰ কলন কঞ্চাৰ, স্তন, কিডনী, এণ্ডোমেট্রিয়াম আৰু অন্যান্য অংগৰ কেঞ্চাৰৰ ফলত মৃত্যুমুখত পৰা দেখা গৈছে। মেদবহুলতা আৰু অত্যধিক ওজনৰ পৰা হাত সাৰিবলৈ শৰ্কৰাযুক্ত খাদ্য কমাব লাগিব। সেয়েহে চেনি থকা আৰু চেনিৰে প্ৰস্তুত খাদ্য যেনে— মিঠাই, মিঠাযুক্ত খাদ্য আদিৰ পৰা আঁতৰি থাকিব লাগে। তেনেদৰে অত্যধিক তেলত ভজা খাদ্যৰ পৰাও সাৱধান হ’ব লাগে। অত্যধিক চর্বিযুক্ত আহাৰ, ফাষ্টফুড, জাংকফুড আদি খোৱাৰ পৰা বিৰত থাকিব লাগে। বহুত সময় উপবাসে থাকি ওজন কমাবলৈ চেষ্টা কৰাটো হানিকাৰক বুলি বিশেষজ্ঞসকলে গণ্য কৰিছে। তাৰ সলনি দুঘণ্টাৰ মূৰে মূৰে অলপকৈ সুষম খাদ্য খোৱাহে উপকাৰী।

            নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰাঃ প্রত্যেক ব্যক্তিয়ে নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰা অতি দৰকাৰ। শাৰীৰিক শ্ৰম নকৰিলে আমি খাদ্যৰ পৰা পোৱা কেলৰি অৰ্জন অনুপাতে ব্যয় নহয়। যেতিয়া এইবোৰ উপাদানৰ ব্যয় নহ’ব, তেতিয়া সেইবোৰ বৰ্জ্যৰূপত শৰীৰত জমা হৈ থাকি বিভিন্ন ধৰণৰ ৰোগ যেনে— ডায়েবেটিছ, মেদবহুলতা সৃষ্টি কৰিব পাৰে।

            প্ৰতিৰোধৰ উপায়ঃ

            ব্যায়ামঃ নিয়মিত ব্যায়ামৰ ফলত শৰীৰৰ মনোবল বৃদ্ধি পায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, শৰীৰৰ তেজ চলাচল সঠিক ৰূপত হয়, ভোক লাগে, হজম শক্তি বৃদ্ধি পায় আৰু মেদবহুলতা প্ৰতিৰোধ হয়। যিসকল লোকৰ পৰিশ্ৰম কৰাৰ সুযোগ নাথাকে তেওঁলোকে নিতৌ খোজকঢ়াৰ লগতে ব্যায়াম কৰা উচিত।

            স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাঃ খাদ্য তালিকাত সদায় সুষম খাদ্য অন্তর্ভুক্ত কৰাটোত গুৰুত্ব আৰোপ কৰিব লাগে। শেহতীয়াকৈ গৱেষণা কৰি পোৱা গৈছে যে আহাৰৰ লগত বিভিন্ন ধৰণৰ কেঞ্চাৰ, ডায়েবেটিছ, কেটাৰেক্ট, গলব্লাডাৰ ষ্ট’ন, কিডনী ষ্ট’ন, দাঁতৰ বিভিন্ন ধৰণৰ ৰোগ আদিৰ ওতপ্রোত সম্বন্ধ আছে। গতিকে প্রত্যেকে স্বাস্থ্যকৰ আহাৰ অৰ্থাৎ দৈনিক নির্দিষ্ট পৰিমাণে স্বাস্থ্যসন্মত ফলমূলেৰে সমৃদ্ধ খাদ্য খাব লাগে। তদুপৰি শাক-পাচলি খোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা উচিত। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে সতেজ ফলমূল, শাক-পাচলি খালে হাওঁফাওঁ, পাকস্থলী, মূত্রথলী, স্তন, অগ্ন্যাশয় আদিৰ কেঞ্চাৰ হোৱাত বাধা দিব পাৰি। আঁহযুক্ত খাদ্য খাব লাগে। আঁহযুক্ত খাদ্যই আমি খোৱা খাদ্যৰ পানী অংশ শোষণ কৰি বর্জ্য পদার্থসমূহ শৰীৰৰ পৰা সহজে ওলাই যোৱাত সহায় কৰে। ই তেজৰ কলেষ্টেৰ’ল আৰু শৰ্কৰা কমোৱাত সহায় কৰে লগতে কোষ্ঠকাঠিন্যৰ পৰাও হাত সাৰিব পাৰি। সাধাৰণতে অ’টছ, মটৰ, বীনজাতীয় খাদ্য, গাজৰ, বন্ধাকবি, বার্লি আদিত আঁহ থাকে। গৱেষণাত প্রমাণ হৈছে যে আঁহজাতীয় খাদ্য বেছিকৈ খালে উচ্চ ৰক্তচাপ কমে। বিশেষকৈ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে আঁহ চাবিকাঠী। উল্লেখ্য যে অ’মেগা-৩ ফেটি এচিডে কেঞ্চৰৰ দৰে ভালেমান দুৰাৰোগ্য ৰোগ প্ৰতিৰোধ কৰিব পাৰে। কেইবাবিধো সাগৰীয় আৰু নদ-নদীত পোৱা মাছত অ’মেগা-৩ ফেটি এচিড পর্যাপ্ত পৰিমাণত পোৱা যায়। শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে অ’মেগ-৩ ফেটি এচিডৰ বাবে প্ৰোষ্টেট কেঞ্চৰ হোৱাৰ সম্ভাৱনা হ্রাস পায়। অ’মেগা-৩ ফেটি এচিডে কলেষ্টেৰ’ল, ট্রাইগ্লিচাৰাইডৰ পৰিমাণ কমাই আনে, হৃদৰোগৰ স্বাস্থ্য ভালে ৰাখে, ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে, দেহত ইনচুলিন প্ৰস্তুত কৰাত সহায় কৰে।

            মানসিক চাপ পৰিহাৰ কৰাঃ মানসিক চাপ, টেনচন আদি পৰাপক্ষত পৰিহাৰ কৰা উচিত। মানসিক চাপত ভুগি থাকিলে আমাৰ দেহটোৱে কৰ্টিচল হৰম’ন নিৰ্গত কৰে। এই হম’নবিধ নিৰ্গত হোৱাৰ লগে লে তেজত চৰ্বি আৰু শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। এই হৰম’নবিধ বহু সময় ধৰি নিৰ্গত হৈ থাকিলে শৰীৰলৈ ভাগৰ আৰু ক্লান্তি ভাব আহে। মানসিক চাপৰ ফলত ৰক্তচাপ বৃদ্ধি পোৱাৰ যথেষ্ট আশংকা থাকে। মানসিক চাপত ভুগিলে উশাহ-নিশাহ ধীৰে ধীৰে ল’ব লাগে। গভীৰভাৱে উশাহ ল’লে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। এই অভ্যাসে হৃদস্পন্দনৰ গতি কমাই অনাৰ লগতে ৰক্তচাপো কমাই আনে।

            পর্যাপ্ত পৰিমাণৰ পানী সেৱন কৰাঃ দৈনিক যথেষ্ট পৰিমাণৰ পানী খালে হৃদস্পন্দনৰ কাম স্বাভাৱিকভাৱে চলে। বিশেষজ্ঞসকলৰ মতে দিনে পাঁচ গিলাচ বা ততোধিক পানী খোৱা মহিলাৰ হৃদৰোগৰ সম্ভাৱনা শতকৰা ৪১ভাগ কম হয়। সেইদৰে সুস্থ পুৰুষে দিনে পাঁচ গিলাচ বা ততোধিক পানী খালে হৃদৰোগৰ সম্ভাৱনা শতকৰা ৫৪ ভাগ কমে। সঠিক পৰিমাণৰ পানী খালে বৃক্কত পাথৰৰ সৃষ্টি হোৱা ৰোগ নহয়। দৈনিক ৮ ৰ পৰা ১০ গিলাচ পানী গ্ৰহণ কৰিলে দেহৰ বর্জ্য পদার্থসমূহ বাহিৰ হৈ যায় আৰু বিপাকীয় কার্য (Metabolism) সূচাৰুৰূপে সম্পন্ন হয়।

            ধূমপান তথা অন্যান্য নিচাজাতীয় দ্রব্য পৰিহাৰঃ ধূমপান কৰা লোকে উশাহ-নিশাহৰ সমস্যা, হাওঁফাওঁৰ কেঞ্চাৰ, হৃদৰোগ আদিত আক্ৰান্ত হয়৷ তদুপৰি এথেৰোছক্লেৰোছিছৰ মুখ্য কাৰণ হৈছে ধূমপান। ধূমপান কৰা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল লোকে দিনে এপেকেটকৈ চিগাৰেট সেৱন কৰে, তেনে লোকৰ চিগাৰেট নোখোৱা লোকৰ তুলনাত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা দুগুণ হয়। সেয়েহে যিসকল লোকে নিয়মীয়া চিগাৰেট খায়, তেওঁলোকে এই অভ্যাস পৰিৱৰ্তন কৰিব লাগে। ইয়াৰ দ্বাৰা হৃদৰোগ, মুখগহ্বৰৰ কেঞ্চৰ, হাওঁফাওঁৰ কেঞ্চাৰ আদি ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

            এনে ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ সজাগতা অনাটো অতি জৰুৰী হৈ পৰিছে। ঠায়ে ঠায়ে সজাগতা শিবিৰ পাতি, বিদ্যালয় পর্যায়ত চিকিৎসক আৰু বিশেষজ্ঞসকলে জীৱনশৈলীৰ পৰিৱৰ্তন, সঠিক খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম কৰা, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা আদিৰ ওপৰত ভাষণ দি সজাগতা অনাটো দৰকাৰ। সজাগতাৰ অভাৱ, শিক্ষাহীনতা আৰু অসাৱধানতাৰ বাবেই এনেধৰণৰ ৰোগসমূহ দ্রুতগতিত বৃদ্ধি পাইছে। গতিকে পার্যমানে এনেধৰণৰ স্বাস্থ্য ৰক্ষাৰ সজাগতাৰ জৰিয়তে ঘাতকৰূপী লাইফষ্টাইল ডিছঅৰ্ডাৰসমূহ প্ৰতিৰোধ কৰি সুস্বাস্থ্য গঢ়ি তোলাটো সম্ভৱ হ’ব।

ডা০ বিজিতা চুতীয়া
বি. এ. এম. এচ., এম. ডি.(আয়ুৰ)
ষ্টেট কনচালটেণ্ট, ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম
দিছপুৰ, বনফুল নগৰ পথ
ফোন নং – ৯৭০৭২৮৪১০০