সপোনৰ অন্য দেশ
ভটিমা ৰাজবংশী,নলবাৰী
এদিন সপোনত দিশ হেৰাই
পাইছিলোঁ এখন অন্য দেশ,
বন্দি হোৱাৰ ভয়ত পেপুৱা লাগি
লৈছিলোঁ সেই দেশৰ বেশ।
ৰাম নজন্মোতেই ৰামৰ বনবাস
কুঁজী মন্থৰাই দিয়ে কুমন্ত্ৰণা,
চতুৰ শিয়ালে সংবিধান লিখিলে
জনতাৰ নসহে কোনো অৱমাননা।
ঢোল পিটি পিটি এই সংবাদ
প্ৰচাৰ কৰিলে সমগ্ৰ দেশত,
চকু আৰু মুখ বান্ধি ৰাখিলে
জনতা হেনো থাকিব সুখত।
ইখন দেশে সিখন দেশক
কথাই প্ৰতি কৰে কটাক্ষ
ৰাজনীতি কূটনীতি কাম নকৰে
যুদ্ধেৰে কৰে দেশ ৰুদ্ধ।
মিহি ৰামৰ চতুৰ বাণে
কাটে হেনো দেশৰ কাণ
চেনি ৰামৰ মিঠা বানত
বাঢ়ে হেনো দেশৰ মান।
শকুনি মামাৰ ঘোৰ প্ৰৰোচনাত
কৌৰৱ-পাণ্ডৱ
বহু দিনে পাশা খেলত,
দেশ এৰি আদেশ মানি
পাণ্ডৱ আকৌ যায় বনত।
যি ব্যাসে মহাকাব্য লিখে
নৃপতিৰ সহচৰে তেওঁৰ আঙুলি কাটে,
বাটৰ নাটৰ অভিনয় কৰি
সেই ব্যাসক ৰাজনীতিলৈ মাতে।
শিয়াল হ’ল দেশৰ উচ্চাধিপতি
নীল বৰণে হেনো সাজে,
কুকুৰ মেকুৰী হাতী ঘোঁৰা
ঠেং তুলি হেনো নাচে।
জনতাৰ দেশ, জনতাৰ শ্ৰম
জনতাই পাতে যিজনক ৰজা,
শিয়াল নৃপতিৰ চল-চাতুৰীয়ে
জনতাক সজাই কেৱল হজা।
হঠাৎ এদিন পালোঁ গৈ
আকৌ সেই চিনাকি জাৰণি
হাত সাৰি ভৰি সাৰি
বিচাৰি পালোঁ আপোন জননী।
