বেদেতীৰ দেৱাশীষৰ সোণৰ পদক : ৰাষ্ট্ৰীয় পাৱাৰ লিফ্টিংত অসমলৈ গৌৰৱ
১৬ বছৰ অনুৰ্ধ্ব শাখাত প্ৰথম স্থান – ৰাছিয়াত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলাৰ সুযোগ অৰ্জন
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেদেতীৰ অৰুণ দাস আৰু সৰস্বতী বৈষ্ণৱ দাসৰ সুযোগ্য সন্তান দেৱাশীষ দাসে যোৱা ২১ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাৱাৰ লিফ্টিং প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক অৰ্জন কৰি বেদেতীবাসী তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, WORLD RAW POWERLIFTING FEDERATION (WRPF) ৰ অধীনত POWERLIFTING FEDERATION OF INDIA ই আয়োজন কৰা ১৬ বছৰ অনুৰ্ধ্ব NATIONAL POWER LIFTING CHAMPIONSHIP প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ মাজত নিজৰ শক্তি, কৌশল আৰু দৃঢ় মনোবলৰ পৰিচয় দি তেওঁ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে, দেৱাশীষ দাস শংকৰদেৱ শিশু নিকেতন, বৰগাঙৰ ছাত্ৰ আছিল আৰু যোৱা ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়, বৰ্তমান বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত আগশাৰীৰ বিদ্যালয় “শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰ” ত একাদশ শ্ৰেণীত (বিজ্ঞান শাখাত) অধ্যয়ন কৰি আছে, সৰুৰে পৰা খেল-ধেমালি আৰু শাৰীৰিক চৰ্চাৰ প্ৰতি আগ্ৰহী দেৱাশীষে কঠোৰ অনুশীলন আৰু অধ্যৱসায়ৰ বলত পঢ়া-শুনাৰ লগতে খেলতো এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে, আৰু এই সুনাম অৰ্জন কৰাৰ বাবে তেওঁ পৰৱৰ্তী সময়ত ৰাছিয়াত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ অৰ্জন কৰিছে, এই খবৰে বেদেতীৰ লগতে সমগ্ৰ বিহালী অঞ্চলত আনন্দৰ জোৱাৰ তুলিছে।

