বাল্যবিবাহ এক মাৰাত্মক সামাজিক ব্যাধি – নাছিৰ আহমেদ

Pc Hindustan Times

বাল্যবিবাহ এক মাৰাত্মক সামাজিক ব্যাধি

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

Prohibition of child marriage act,2006 মতে ল’ৰা আৰু ছোৱালীৰ বিবাহযোগ্য ন্যূনতম বয়স হ’ল ক্ৰমে ২১ আৰু ১৮ বছৰ।  এই নিৰ্দিষ্ট বয়সৰ সীমাত উপনীত হোৱাৰ আগতে অভিভাৱকসকলৰ সন্মতি সাপেক্ষে বা ল’ৰা ছোৱালীয়ে স্বইচ্ছাই বিবাহ পাশত আবদ্ধ হোৱাকে  বাল্যবিবাহ বুলি কোৱা হয়।

অতি প্ৰাচীন কালৰে পৰা আমাৰ ভাৰতবৰ্ষত বাল্যবিবাহ প্ৰথা প্ৰচলিত  আছিল।

প্ৰাচীন ভাৰতীয় হিন্দু ধৰ্মশাস্ত্ৰ যেনে  মনুস্মৃতিকে আদি কৰি কিছুমান ধৰ্মশাস্ত্ৰৰ দৃষ্টিভংগী মতে কম বয়সত কন্যাসন্তানৰ বিবাহৰ নিৰ্দেশ আছে । এনেকি কোনো ব্ৰাহ্মণকুলৰ কন্যাসন্তানে  পুষ্পিতা কাল (১২-১৩) অতিক্ৰম কৰিলে আজীৱন অবিবাহিতা থকাৰ নিয়ম আছিল।

ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন বা হাদীছত ল’ৰা ছোৱালীৰ কোনো বিবাহযোগ্য ন্যূনতম বয়সৰ উল্লেখ নাই ; কেৱল বয়ঃসন্ধিকালত উপনীত হলেই এজনী ছোৱালী বিবাহযোগ্যা বুলি বিবেচিত হৈছিল।

আধুনিক ভাৰতবৰ্ষতো এই বাল্যবিবাহৰ দৰে কুপ্ৰথা চলি আছিল ; এতিয়াও বিশেষকৈ, উত্তৰ ভাৰতৰ হিন্দীবলয় আৰু অসমৰ চৰ-চাপৰি, চাহবাগিচা আৰু বিভিন্ন জনজাতিৰ মাজত বাল্যবিবাহ প্ৰথা প্ৰবল ভাৱে প্ৰচলিত হৈ আছে।

ভাৰতৰ আধুনিক চিন্তাবিদসকলে ( সমাজ সংস্কাৰক, আধুনিক বুদ্ধিজীৱী, ৰাজনীতিবিদ, অৰ্থনীতিবিদ, মনস্তাত্বিক বিশ্লেষক, মানসিক ৰোগৰ চিকিৎসক ইত্যাদি) বিভিন্ন দিশ চালিজাৰি বিশ্লেষণ কৰি এই কুপ্ৰথাৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তোলে। যাৰ ফলত, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ” The Prohibition of Child Marriage act,2006 ” আইনখন গৃহীত কৰে। এই আইনখনৰ সৰ্বমুঠ ২১টা ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেইবোৰৰ ভিতৰত মূল ধাৰাসমূহ হ’ল-

(১):- ১৮ বছৰৰ তলৰ ছোৱালী আৰু ২১ বছৰৰ তলৰ ল’ৰাক শিশু বুলি গণ্য কৰা হয়।

(২):- ল’ৰা ছোৱালীবোৰে স্বইচ্ছাই বাল্যবিবাহ কৰা, অভিভাৱকৰ দ্বাৰা বাল্যবিবাহ সম্পন্ন কৰা, বাল্যবিবাহত  সহযোগিতা কৰাটো শাস্তিযোগ্য হ’ব পাৰে।

(৩) :- সাধাৰণতে বাল্যবিবাহ শিশুপক্ষৰ আবেদনৰ ভিত্তিত বা আইনৰ ১২ আৰু ১৪ ধাৰামতে নিৰ্দিষ্ট পৰিস্থিতিত বিবাহ অবৈধ হয়।

(৪):- বাল্যবিবাহৰ বলি হোৱা মহিলাৰ ভৰণ-পোষণ আৰু বাসস্থানৰ ব্যৱস্থা কৰা।

(৬):- বাল্যবিবাহৰ পৰা জন্ম হোৱা শিশুৰ বৈধতাৰ সুৰক্ষা প্ৰদান ।

(৯):- প্ৰাপ্তবয়স্ক পুৰুষে নাবালিকাক বিবাহ কৰালে শাস্তি প্ৰদান।

(১০) :- বাল্যবিবাহ সম্পন্ন কৰা ব্যক্তিৰ শাস্তি প্ৰদান ।

(১১) বাল্যবিবাহত সহায় কৰা বা অনুমতি প্ৰদান কৰা ব্যক্তিৰ শাস্তি।

(১৩) :- বাল্যবিবাহ বন্ধ কৰিবলৈ আদালতৰ নিষেধাজ্ঞা।

(১৫) :- অপৰাধসমূহ আমলযোগ্য আৰু জামিন- অযোগ্য।

এই আইনখনৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ’ল

(১) বাল্যবিবাহ প্ৰতিৰোধ কৰা।

(২) শিশুৰ জীৱন, স্বাস্থ্য, শিক্ষা আৰু অধিকাৰ সুৰক্ষিত কৰা।

(৩) বাল্য বিবাহৰ লগত জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰা।

(৪) বাল্যবিবাহৰ বলি হোৱা ব্যক্তিক আইনী সুৰক্ষা আৰু প্ৰতিকাৰ প্ৰদান কৰা।

অসমৰ বাল্যবিবাহবিৰোধী অভিযানৰ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু গোচৰ ৰুজু কৰাৰ লগতে আইনৰ সঠিক প্ৰয়োগৰ ওপৰত বিষয়েও আলোচনা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ চনত কিছুমান গোচৰত গ্ৰেপ্তাৰ আৰু POCSO আইনৰ প্ৰয়োগ সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ পৰা বুজিব পাৰি যে, আইন প্ৰয়োগৰ ক্ষেত্ৰত শিশুৰ সুৰক্ষাৰ লগতে ন্যায়সঙ্গত প্ৰক্ৰিয়াও গুৰুত্বপূৰ্ণ । চৰকাৰে আইনখন প্ৰয়োগ কৰোঁতে এই আইনৰ ধাৰাসমূহ বিশেষকৈ ২নং আৰু ৪নং ধাৰাক সম্পূৰ্ণ মৰ্যাদা দান কৰিব লাগিব।

তথাপি এই আইনখন সমৰ্থনযোগ্য এই কাৰণে যে, বাল্যবিবাহৰ কুফলসমূহ সমাজৰ মাৰাত্মক সামাজিক ব্যাধি হিচাপে নিৰ্ণিত হৈছে। সেইবোৰ হ’ল-

(১) কম বয়সতে গৰ্ভধাৰণ কৰিলে মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত এক গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। মাতৃ আৰু শিশুৱে ৰক্তশূন্যতা, আয়ৰণৰ অভাৱ আৰু শৰীৰৰ বিভিন্ন অংগ বিকাশৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হৈ গোটেই জীৱন পঙ্গুত্ব বা অকাল মৃত্যুক সাৱটি ল’ব লগীয়া হয়।

(২) অপৈণত বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ ফলত সংসাৰ আৰু শিশুৰ দায়িত্ব পালন কৰিবলৈ অপাৰগ হয়। বিভিন্ন যৌন কাৰ্যাৱলীৰ ক্ষেত্ৰত পৰস্পৰে পৰস্পৰৰ পৰিপূৰক হ’ব নোৱাৰাৰ ফলত যৌন সমস্যাত আক্ৰান্ত হৈ বৈবাহিক জীৱন দুৰ্বিসহ যন্ত্ৰণাৰ মাজেৰে পাৰ কৰে।

যাৰ ফলত, স্বামী-স্ত্ৰী দুয়োজনেই মানসিক চাপ, উদ্বেগ আৰু হতাশাগ্ৰস্ত হৈ বিভিন্ন মানসিক ৰোগৰ চিকাৰ হৈ হয় উৰ্ধ উন্মাদ হৈ পৰে বা আত্মহত্যাৰ পথ বাচি লয়।

(৩) বাল্যবিবাহৰ ফলত বহুত শিশুৱে আধাতে পঢ়া-শুনা এৰিব লগীয়া হোৱাৰ ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন নহয়। বেছিভাগ ক্ষেত্ৰতে এই অৰ্ধশিক্ষিত যুৱচাম উচ্ছৃংখল জীৱন যাপন কৰে, মদ আৰু ড্ৰাগছৰ আসক্ত হয় আৰু সমাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিয়পায়।

(৪) বাল্যবিবাহৰ ফলত পৰিকল্পনা নোহোৱাকৈ অসংখ্য সন্তানৰ জন্ম হোৱাৰ বাবে দেশত জন বিস্ফোৰণ ঘটি সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু পৰিৱেশতন্ত্ৰ বিনষ্ট হৈ মানৱ অধিকাৰ সুৰক্ষা প্ৰদান কৰা অসম্ভৱ হৈ পৰে।

(৫) বাল্যবিবাহ পাশত আৱদ্ধ হোৱা ল’ৰা বা ছোৱালীয়ে কোনো শিক্ষাগত অৰ্হতা বা শ্ৰমদানৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ বাবে এওঁলোক পৰিয়াল বা সমাজৰ গধুৰ বোজা হৈ পৰে। যাৰ ফলত, সমাজত অৰ্থ সঞ্চয় ব্যাহত হয়, কৰ্মসংস্থান হ্ৰাস হয়। পৈণত শ্ৰমিকৰ তুলনাত অপৈণত শ্ৰমিকৰ অধিক বৃদ্ধিয়ে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান শিল্প-বাণিজ্য কেন্দ্ৰ আদিৰ বিকাশ সাধন ব্যাহত হৈ দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ একেবাৰে স্থবিৰ হৈ পৰে।

 নিঃসন্দেহে, এই বাল্যবিবাহৰ প্ৰচলন চলি থকাৰ বাবে আমাৰ অসম তথা ভাৰতৰ সমাজ-ব্যৱস্থা এক দুৰ্বল কাঠামোৰ ওপৰত কোনোমতে বৰ্তি আছে।

গতিকে, এই বাল্যবিবাহ প্ৰতিৰোধ কৰিবলৈ কেৱল কঠোৰ আইন প্ৰণয়ন আৰু প্ৰয়োগ কৰিলেই নহ’ব,এই ক্ষেত্ৰত সমাজৰ ধৰ্মীয় নেতা, সমাজ সচেতক অভিভাৱক, শিক্ষাবিদ, চিকিৎসক, বিভিন্ন সংস্থাৰ সমাজকৰ্মী সকলে সমাজত বিভিন্নধৰণৰ প্ৰচাৰ কাৰ্য্য ( সমাজ-সজাগতা সভা, দেৱাল , পুস্তিকা, বেনাৰ, পোষ্টাৰ,ছাইনবোৰ্ড আদি লিখন, বিভিন্ন সাহিত্যালোচনীৰ জৰিয়তে প্ৰচাৰ কাৰ্য্য চলোৱা, স্মাৰকপত্ৰ লিখা,কুইজ, চিত্ৰাংকন,তৰ্ক প্ৰতিযোগিতা, কবিতা আৰু গল্প প্ৰতিযোগিতা, নাট্যাভিনয় , বিভিন্ন প্ৰদৰ্শনী , পৰিয়াল পৰিকল্পনা ইত্যাদি হাতত লোৱা ) চলাই সমাজত অধিক সচেতনতা বৃদ্ধি কৰি বাল্যবিবাহৰ দৰে এই মাৰাত্মক সামাজিক ব্যাধিক সমাজৰ পৰা সমূলে উৎপাটন কৰাৰ প্ৰয়োজন আহি পৰিছে।