দুপৰতে আধা লিখা কবিতা – বিশ্বজিৎ বৈশ্য

Pc StockCake

দুপৰতে আধা লিখা কবিতা

বিশ্বজিৎ বৈশ্য
বংশৰ,শুৱালকুছি

দুপৰীয়াৰ আকাশত এটি মিঠা হাহি ওলমি আহিল হঠাৎ,….
বেলিটো আহি মুৰৰ ওপৰত
কিছুসময়ৰ বাবে চিকমিকাইছে আৰু ওপৰত থকা ঘৰৰ মুধচৰ ফাকেৰে
একেধাৰে চাই ৰলো।
চকুযোৰি লাহে লাহে মুদা গ’ল
আৰু মই শুই পৰিলো।
আকৌ কোনোবা ফালৰ পৰা মোৰ মুদা চকুযোৰিত পোহৰ পৰিল….
মই অলপ আচৰিত হোৱা যেন লাগিল ভাৱ হ’ল মই ক’ত শুই পৰিলো….
সকলো যেন আধা….