চুগাৰ ডেডি – ইভা গন্ধীয়া ফুকন 

Pc Hindustan Times

চুগাৰ ডেডি

ইভা গন্ধীয়া ফুকন 

সাম্প্ৰতিক সময়ত সঘনাই শুনা এটি শব্দ “চুগাৰ ডেডি “। এই শব্দটো মই আগতে কেতিয়াও শুনা নাছিলোঁ।  অলপ দিনৰ আগতে এগৰাকী বোৱাৰীৰ কটা মূৰ ফ্ৰীজৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল । ঘটনা সংঘটিত কৰিছিল নিজৰ স্বামীয়ে। নাম নক’লেও নিশ্চয় বুজিব পাৰিছে কাৰ কথা কৈছোঁ।  এই ঘটনা পত্নীয়ে বোলে চুগাৰ ডেডিৰ লগত সম্পৰ্ক ৰখা কাৰণে সংগঠিত হৈছিল। তেতিয়াহে এই “চুগাৰ ডেডি”  শব্দটো শুনি পালোঁ।

এদিন ছোৱালীৰ লগত কথা পাতি থাকোতে কথাৰ প্ৰসংগত “চুগাৰ ডেডি” শব্দটো “চুগাৰ বাবা” বুলি কৈ পালোঁ। ছোৱালীয়ে ইমান হাঁহিলে অ । মই বোলো সেই এইবোৰ আমি নুশুনা শব্দ এতিয়াহে শুনিছোঁ।  আমাৰ মুখত পটকৈ নাহে। নতুন প্ৰজন্মইহে জানে এইবোৰৰ অর্থ।

পতিয়ে পত্নীৰ মূৰ কাটিব লগা অবস্থা কিয় সংগঠিত হ’বলৈ পালে । সঁচাকৈ পত্নীৰ চুগাৰ ডেডিৰ লগত সম্পৰ্ক আছিল নে পৰকীয়া প্ৰেম আছিল। অ এই পৰকীয়া প্ৰেমো আজিকালি বৰ সহজ হৈ পৰিছে । এইবিলাক শব্দৰ ব্যৱহাৰো অধিক হ’বলৈ ধৰিছে। এই বিলাকৰ পৰা বহু পতি- পত্নীৰ মাজত ফাট মেলিছে, বিবাহ বিচ্ছেদ হৈছে ,সংসাৰ পৰিয়াল ধ্বংস হৈছে।

পুনৰ মূৰ কটা ঘটনালৈ আহোঁ। পত্নীৰ মূৰ কাটি স্বামীয়ে পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। কোনো পতিয়ে পত্নীৰ আনৰ লগত সম্পৰ্ক থকাটো সহ্য কৰিব নোৱাৰে, ই সত্য কথা। সেইবুলি ইমান নৃশংস হত্যা ? শহুৰ -শাহুৱেকে বোৱাৰীয়েকৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰা দিনা খবৰ পালে পুলিচ কাষ্টৰিত পুত্ৰৰ এনকাউণ্টাৰ হৈছে। দোষীয়ে মুক্তি পালে।  কিন্তু মাক দেউতাকে কেনেকৈ সহ্য কৰে এই সত্যৰ। কোনো মাক -দেউতাকে সন্তানক হত্যাকাৰী হ’বলৈ শিক্ষা নিদিয়ে।  সকলোৱে নিজৰ সন্তানক ভাল সংস্কাৰ দিবলৈ চেষ্টা কৰে।

চুগাৰ ডেডি আৰ্থিক ভাৱে সছল বয়সস্থ লোক।  টকা- পইচা, উপহাৰ আদি দি “চুগাৰ বেবী”ৰ লগত সম্পৰ্ক ৰাখে। চুগাৰ বেবী হ’ল কম বয়সীয়া লোক। কিছুমানে মাহেকীয়া খৰচ, পঢ়াৰ খৰচ বা আধুনিকতাৰ লগত ফেৰ মাৰিবলৈ এনে ধৰণৰ চুগাৰ ডেডিৰ লগত সম্পৰ্ক ৰাখে। ইয়াত দুয়োজনৰ মাজত গোপন চুক্তি থাকে। বোৱাৰী সকলৰ এনেধৰণৰ চুগাৰ ডেডিৰ লগত  সম্পৰ্ক থকাটো অতি পৰিতাপৰ কথা। যি সকল তেনে সম্পৰ্কত আছে সেই সকলৰ কথাহে কোৱা হৈছে।

বিশ্লেষণ কৰি চালে বহু কথাই মনলৈ আহে। স্বামীজন পত্নীৰ প্ৰতি উদাসীন নেকি, পতিয়ে পত্নীক অধিক শাসন কৰিছে নেকি,  প্ৰতিটো কথা পতিৰ মতে কৰিব বা চলিব লগা হয় নেকি,  পত্নীয়ে বিচৰা সৰু সৰু অভাৱ পতিয়ে পূৰ কৰিব পৰা নাই নেকি,  পত্নী অধিক বিলাসী নেকি,  পত্নীক যৌন সুখ দিবলৈ অসমৰ্থ নেকি এনে বহু কথা আহি পৰে।

এগৰাকী ছোৱালী যেতিয়া আন এঘৰৰ বোৱাৰী হৈ আহে । তেতিয়া এই ন বোৱাৰী গৰাকীয়ে নিজকে বহুখিনি পৰিবৰ্তন কৰিব লগা হয় । এইখিনি সম্ভৱ নতুন ঘৰখনৰ পৰিয়ালৰ আদৰ- যতন আৰু যি জনক আপোন কৰি নিজৰ স্বামী বৰণ কৰে সেইজনৰ অকৃত্ৰিম মৰম ভাল পোৱা থাকিলে সেয়া সহজ হৈ পৰে। বিবাহ নামৰ পবিত্ৰ বন্ধনত বান্ধ খাই পতি- পত্নী উভয়ে উভয়ৰ পৰিপূৰক হৈ পৰে। ইজনে সিজনৰ সুখ -দুখৰ সমভাগী হ’ব পাৰিব লাগিব। আজিকালি প্ৰায় বোৱাৰী আৰ্থিক ভাবে স্বাবলম্বী।  বোৱাৰী গৰাকীয়ে স্বামীক ঠগি অধিক বিলাসী জীৱন আশা কৰি এনে চুগাৰ ডেডিৰ কৱলত পৰা কোনো যুক্তি নাথাকে। ঠিক তেনেকৈ পতিয়েও নিজৰ পত্নীক অৱহেলা কৰি আনৰ লগত সম্বন্ধ ৰখা উচিত নহয়। পত্নী গৰাকীৰ দায়িত্ব আৰু কৰ্তব্য প্ৰথম নিজৰ সংসাৰখন। দিনক দিনে বাঢ়ি অহা এনেধৰণৰ ঘটনা পুনৰাই নঘটক তাৰ বাবে সজাগ সচেতনতাৰ প্ৰয়োজনীয়তা আহি পৰিছে।