শিক্ষক নেতা পৰেশ বৰাৰ আশু আৰোগ্য কামনাৰে ঘৰত উপস্থিত ৰাজ্যিক নেতৃত্ব

শিক্ষক নেতা পৰেশ বৰাৰ আশু আৰোগ্য কামনাৰে ঘৰত উপস্থিত ৰাজ্যিক নেতৃত্ব

বিহমাৰী, পিজোস বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰেশ বৰাই যোৱা ৫ নৱেম্বৰত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত আজি তেখেতৰ বাসগৃহত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্ব উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। জানিব পৰা মতে, যোৱা ৫ নৱেম্বৰ তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ হাটখোলাৰ সমীপত সন্মুখৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন স্কুটীয়ে তেখেতৰ দুচকীয়া বাহনত খুন্দা মাৰে। খুন্দাৰ ফলত তেখেত নিয়ন্ত্ৰণ হেৰুৱাই পথত পৰি যায়। দুৰ্ঘটনাটোত তেখেতৰ বুকুত আৰু কামি হাড়ত বেয়াকৈ আঘাত লাগে। আজি তেখেতৰ খা-খবৰ ল’বলৈ তেখেতৰ ঘৰত উপস্থিত হয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক শৈলেন্দ্ৰ কলিতা (নাজিৰা), উপ-সভাপতি মোহন হালৈ (নলবাৰী), সহঃ সম্পাদক বিজয় ডেকা (মঙলদৈ), গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক তথা ৰাজ্যিক সন্মিলনীৰ সৰ্বভাৰতীয় সদস্য অমল কুমাৰ শৰ্মা (গুৱাহাটী) আৰু বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহঃ সম্পাদক জীৱন নেপাল (বিশ্বনাথ)। বৰ্তমান পৰেশ বৰা যথেষ্ট সুস্থ হৈছে যদিও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে। নেতৃবৰ্গই তেখেতৰ দ্ৰুত আৰোগ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।‌বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰেম বৈষ্ণৱে সকলো শিক্ষাগুৰুকে সভাপতি গৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে।