শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যতৰ সন্ধানত: বৰপেটা আৰু বজালী জিলাত দুটা বৃহৎ কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী – ড° বুলজিৎ বুঢ়াগোহাঁই

শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যতৰ সন্ধানত: বৰপেটা আৰু বজালী জিলাত দুটা বৃহৎ কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
আজাৰা,গুৱাহাটী

শিক্ষাৰ্থী জীৱনৰ এক গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক সিদ্ধান্ত হৈছে উপযুক্ত কেৰিয়াৰ নিৰ্বাচন। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মাজতে কিছুমান অন্তৰ্নিহিত প্ৰতিভা, আগ্ৰহ, দক্ষতা আৰু সপোন নিহিত হৈ থাকে। কিন্তু সঠিক দিক্‌নিৰ্দেশনা, পৰ্যাপ্ত তথ্য আৰু ভৱিষ্যতৰ সম্ভাৱনাসমূহৰ বিষয়ে স্পষ্ট ধাৰণাৰ অভাৱত বহু শিক্ষাৰ্থীয়ে নিজৰ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সন্মুখীন হয়। বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত কেৰিয়াৰৰ পৰিসৰ কেৱল চিকিৎসা, অভিযান্ত্ৰিক বা চৰকাৰী চাকৰিৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। উচ্চ শিক্ষাৰ নতুন নতুন শাখা, পেছাদাৰী পাঠ্যক্ৰম, দক্ষতাভিত্তিক বৃত্তি, উদ্যোগশীলতা, তথ্য-প্ৰযুক্তি আৰু প্ৰযুক্তিনিৰ্ভৰ কৰ্মক্ষেত্ৰই শিক্ষাৰ্থীসকলৰ সন্মুখত অসংখ্য নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। সেয়েহে বিদ্যালয় পৰ্যায়ৰ পৰাই শিক্ষাৰ্থীসকলক কেৰিয়াৰৰ বিভিন্ন দিশৰ বিষয়ে সচেতন কৰি তোলা আৰু সময়োপযোগী পৰামৰ্শ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়।

এই লক্ষ্য আগত ৰাখি ৭ নৱেম্বৰ, ২০২৬ তাৰিখে বৰপেটা আৰু বজালী জিলাত পৃথকে পৃথকে আয়োজিত দুটা বৃহৎ কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচীত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰি মই অত্যন্ত আনন্দিত আৰু উৎসাহিত হৈছোঁ। দুয়োখন জিলাৰ চৰকাৰী, প্ৰাদেশিকীকৃত, ভেঞ্চাৰ, ব্যক্তিগত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কেৰিয়াৰ নিৰ্বাচনৰ বিভিন্ন দিশ, উচ্চ শিক্ষাৰ সুযোগ-সম্ভাৱনা আৰু ভৱিষ্যতৰ কৰ্মসংস্থাপনৰ বিস্তৃত ক্ষেত্ৰসমূহৰ বিষয়ে সঠিক তথ্য আৰু উপযুক্ত দিক্‌নিৰ্দেশনা প্ৰদান কৰাই আছিল এই কাৰ্যসূচীসমূহৰ মূল উদ্দেশ্য।

দুয়োটা অনুষ্ঠানতে মই শিক্ষাৰ্থীসকলৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰি বৰ্তমানৰ সময়োপযোগী পাঠ্যক্ৰম, উচ্চ শিক্ষাৰ বিভিন্ন শাখা, পেছাদাৰী শিক্ষা, প্ৰৱেশ পৰীক্ষা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰোঁ। কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত আনৰ সফলতাক অন্ধভাৱে অনুসৰণ কৰাৰ পৰিৱৰ্তে নিজৰ আগ্ৰহ, সামৰ্থ্য, ব্যক্তিত্ব আৰু দক্ষতাক যথোচিত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰোঁ। লগতে জীৱনত কেৱল এটা কেৰিয়াৰ বিকল্পৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি বিকল্প পৰিকল্পনা (Alternative Career Plans) প্ৰস্তুত কৰি ৰখাৰ বিষয়েও পৰামৰ্শ আগবঢ়াওঁ।

আধুনিক প্ৰযুক্তিৰ দ্ৰুত বিকাশে কৰ্মক্ষেত্ৰৰ প্ৰকৃতি আৰু প্ৰয়োজনীয় দক্ষতাৰ পৰিসৰ সলনি কৰিছে। বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence), তথ্য-প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি আৰু স্বয়ংক্ৰিয়কৰণৰ প্ৰভাৱে প্ৰায় প্ৰতিটো পেছাগত ক্ষেত্ৰতে নতুন সম্ভাৱনা সৃষ্টি কৰাৰ লগতে নতুন প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। এনে পৰিস্থিতিত কেৱল পাঠ্যপুথিৰ জ্ঞান আহৰণ কৰাই যথেষ্ট নহয়। ইয়াৰ লগতে যোগাযোগৰ দক্ষতা, সমস্যা সমাধানৰ ক্ষমতা, সমালোচনাত্মক চিন্তাধাৰা, সৃজনশীলতা, দলগতভাৱে কাম কৰাৰ মানসিকতা আৰু প্ৰযুক্তিৰ ব্যৱহাৰিক জ্ঞান আহৰণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। এই দিশসমূহৰ ওপৰতো শিক্ষাৰ্থীসকলৰ দৃষ্টি আকৰ্ষণ কৰোঁ।

দিনটোৰ প্ৰথমটো কাৰ্যসূচী পুৱা ১০ বজাত বজালী জিলাৰ পাঠশালাস্থিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। বজালী জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ ১৩৭খন বিভিন্ন বিদ্যালয়ৰ মুঠ ৪১১গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বৃহৎ সংখ্যক বিদ্যালয়ৰ প্ৰতিনিধি, শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ গুৰুত্ব আৰু ব্যাপকতাক প্ৰতিফলিত কৰে। অনুষ্ঠানটোত বজালী জিলাৰ আয়ুক্ত মধুমিতা ভাগৱতী, বৰপেটাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, বজালী জিলা অধিবিদ্যা পৰিষদৰ কাৰ্যবাহী সভাপতি শৈলেন দত্ত আৰু সম্পাদক পৰীক্ষিত তালুকদাৰ, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তী আৰু বৰ্তমানৰ অধ্যক্ষ হেমাংগ তালুকদাৰ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কিশোৰ কুমাৰ ৰাজবংশী, ভৱানীপুৰ আঞ্চলিক লীড্ কলেজৰ অধ্যক্ষ ড° ধৰ্মেশ্বৰ বৰ্মন, ভৱানীপুৰ আঞ্চলিক কলেজৰ অধ্যাপক তথা আভ্যন্তৰীণ পৰীক্ষা সমিতিৰ সমন্বয়ক ৰাজু কুমাৰ দাস আৰু পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা দক্ষতা বিকাশ অভিযানৰ সমন্বয়ক সনাতন কাকতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন কেৰিয়াৰ বিকল্প, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, প্ৰৱেশ পৰীক্ষা, দক্ষতাভিত্তিক শিক্ষা আৰু ভৱিষ্যতৰ কৰ্মসংস্থাপনৰ সুযোগসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰোঁ। বিশেষকৈ বিদ্যালয় পৰ্যায়ৰ পৰাই নিজৰ প্ৰতিভা আৰু আগ্ৰহ চিনাক্ত কৰি সেই অনুসৰি ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। শিক্ষাৰ্থীসকলৰ উৎসাহ, আগ্ৰহ আৰু কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নই তেওঁলোকৰ মাজত সঠিক দিক্‌নিৰ্দেশনাৰ প্ৰয়োজনীয়তাক পুনৰ স্পষ্ট কৰি তোলে।

দিনটোৰ দ্বিতীয়টো কাৰ্যসূচী দিনৰ ১২ বজাত বৰপেটা জিলাৰ হাউলীৰ বি. এইচ. কলেজ ((বৰপেটা ৰোড-হাউলী কলেজ) প্রেক্ষাগৃহত অনুষ্ঠিত হয়। বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আয়োজিত এই বৃহৎ কাৰ্যসূচীত জিলাখনৰ ৫২৯খন বিভিন্ন বিদ্যালয়ৰ মুঠ ৯৫০গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইমান বৃহৎ সংখ্যক বিদ্যালয়ৰ অংশগ্ৰহণে জিলাখনত কেৰিয়াৰ সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত শিক্ষা বিভাগ আৰু সংশ্লিষ্ট অনুষ্ঠানসমূহৰ ইতিবাচক প্ৰচেষ্টাক প্ৰতিফলিত কৰে। অনুষ্ঠানটোত বৰপেটাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, বি. এইচ. কলেজৰ অধ্যক্ষ ড° ভূষণ চন্দ্ৰ পাঠক, বৰপেটা অধিবিদ্যা পৰিষদৰ সচিব চাৰু চক্ৰৱৰ্তী আৰু বৰপেটা জিলা বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নিৰঞ্জন ওজাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতো শিক্ষাৰ্থীসকলৰ সৈতে কেৰিয়াৰ নিৰ্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে মত বিনিময় কৰাৰ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত উপলব্ধ বিভিন্ন বিষয় আৰু পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰোঁ। বিশেষকৈ বিজ্ঞান, কলা আৰু বাণিজ্য—এই তিনিওটা শৈক্ষিক শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষা আৰু পেছাদাৰী কেৰিয়াৰৰ বিস্তৃত সম্ভাৱনাসমূহৰ বিষয়ে আলোকপাত কৰোঁ। শিক্ষাৰ্থীসকলে নিজৰ শৈক্ষিক শাখা বা অধ্যয়নৰ বিষয়ৰ মাজতে কেৰিয়াৰৰ সম্ভাৱনাক সীমাবদ্ধ নাৰাখি কেনেদৰে বিভিন্ন নতুন আৰু আন্তঃবিষয়ক ক্ষেত্ৰত (Interdisciplinary Fields) নিজৰ ভৱিষ্যৎ গঢ়িব পাৰে, সেই বিষয়েও ব্যাখ্যা কৰোঁ। লগতে কেৰিয়াৰ নিৰ্বাচনত অভিভাৱকৰ ভূমিকা, শিক্ষাৰ্থীৰ নিজস্ব সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু জীৱনৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সঠিক সময়ত উপযুক্ত পৰামৰ্শ লাভ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰোঁ।

কেৰিয়াৰ পৰামৰ্শদান কেৱল বছৰত এবাৰ অনুষ্ঠিত হোৱা কোনো বিশেষ অনুষ্ঠানতে সীমাবদ্ধ নাৰাখি ইয়াক বিদ্যালয়ৰ নিয়মীয়া শৈক্ষিক কাৰ্যসূচীৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিদ্যালয়তে এটা সক্ৰিয় কেৰিয়াৰ কোষ (Career Cell) গঠন কৰাৰ লগতে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীক কেৰিয়াৰ নোডেল শিক্ষক (Career Nodal Teacher) হিচাপে দায়িত্ব প্ৰদান কৰিবলৈ আয়োজকৰ তৰফৰ পৰা বিদ্যালয়সমূহৰ প্ৰতিনিধিসকলক আহ্বান জনোৱা হয়। কেৰিয়াৰ নোডেল শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা, বিভিন্ন পাঠ্যক্ৰম, বৃত্তিমূলক শিক্ষা, বৃত্তি, প্ৰৱেশ পৰীক্ষা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ সম্ভাৱনাসমূহৰ বিষয়ে প্ৰয়োজনীয় তথ্য প্ৰদান কৰাৰ লগতে বিদ্যালয়ৰ কেৰিয়াৰ কোষৰ কাৰ্যকলাপসমূহ পৰিচালনা আৰু সমন্বয় কৰিব পাৰিব। ইয়াৰ উপৰি, প্ৰতিটো শনিবাৰে বিদ্যালয়সমূহত নিয়মীয়াকৈ কেৰিয়াৰ সম্পৰ্কীয় আলোচনা, তথ্য বিনিময় আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এনে কাৰ্যসূচীত বিভিন্ন বৃত্তি আৰু পেছাৰ পৰিচয়, সফল ব্যক্তিসকলৰ জীৱন আৰু কৰ্মজীৱনৰ অভিজ্ঞতা, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু পাঠ্যক্ৰম, প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি, দক্ষতা বিকাশ, নতুন কেৰিয়াৰৰ সম্ভাৱনা আৰু কৰ্মসংস্থাপনৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে প্ৰয়োজন অনুসৰি বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিসকলৰ সৈতে মত বিনিময়ৰো ব্যৱস্থা কৰিব পাৰি। মোৰ বিশ্বাস, বিদ্যালয় পৰ্যায়ৰ পৰাই এনে এক নিয়মীয়া আৰু সুসংগঠিত কেৰিয়াৰ চৰ্চাৰ পৰিৱেশ গঢ়ি তুলিব পাৰিলে শিক্ষাৰ্থীসকলে নিজৰ আগ্ৰহ, যোগ্যতা আৰু প্ৰতিভা চিনাক্ত কৰি ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্তসমূহ অধিক সচেতন, আত্মবিশ্বাসী আৰু পৰিকল্পিতভাৱে গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।

মোৰ দৃঢ় বিশ্বাস, কেৰিয়াৰ পৰামৰ্শদানৰ উদ্দেশ্য কেৱল কোনো এটা নিৰ্দিষ্ট বৃত্তি বা চাকৰিৰ পৰামৰ্শ প্ৰদান কৰাতে সীমাবদ্ধ নহয়। ইয়াৰ প্ৰকৃত লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক নিজৰ সামৰ্থ্য আৰু প্ৰতিভা চিনাক্ত কৰিবলৈ, বিভিন্ন সুযোগ-সম্ভাৱনাৰ বিষয়ে অৱগত হ’বলৈ আৰু তথ্যভিত্তিক তথা যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম কৰি তোলা। এগৰাকী শিক্ষাৰ্থীয়ে ভৱিষ্যতে কি হ’ব বিচাৰে, সেই সিদ্ধান্তৰ সমান্তৰালভাৱে তেওঁ নিজৰ লক্ষ্যত উপনীত হ’বলৈ কেনেদৰে প্ৰস্তুতি চলাব, সেই বিষয়টোও সমানেই গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ প্ৰতিভা, আগ্ৰহ আৰু জীৱনৰ লক্ষ্য সুকীয়া; সেয়েহে সকলোৰে বাবে একেটা কেৰিয়াৰ উপযুক্ত হ’ব নোৱাৰে।

এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীৰ ওপৰত নিজৰ পছন্দ বা অপূৰ্ণ সপোন জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ আগ্ৰহ, প্ৰতিভা আৰু সম্ভাৱনাক বুজি উপযুক্ত পৰামৰ্শ আগবঢ়োৱাটো প্ৰয়োজন। শিক্ষাৰ্থীসকলক প্ৰশ্ন কৰিবলৈ, নতুন বিষয় অন্বেষণ কৰিবলৈ, নিজৰ ভুল আৰু ব্যৰ্থতাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু আত্মবিশ্বাসেৰে নিৰ্ধাৰিত লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰিব লাগে।

এই দুয়োটা বৃহৎ কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচীলৈ মোক আমন্ত্ৰণ জনাই শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ এনে এক সুন্দৰ সুযোগ প্ৰদান কৰাৰ বাবে বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বজালী আৰু বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ বিষয়ববীয়া, সংশ্লিষ্ট বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, অনুষ্ঠানৰ আয়োজক আৰু সহযোগী সকলোৰে প্ৰতি আন্তৰিক ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ নিষ্ঠা, আন্তৰিক প্ৰচেষ্টা আৰু সহযোগিতাৰ ফলতেই এনে বৃহৎ পৰিসৰৰ কাৰ্যসূচী দুটা সফলতাৰে অনুষ্ঠিত কৰিব পৰা গ’ল।

দুয়োখন জিলাৰ মুঠ ৬৬৬খন বিদ্যালয়ৰ ১,৩৬১গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কাৰ্যসূচী দুটা মোৰ বাবে এক স্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। এই অভিজ্ঞতাই পুনৰ উপলব্ধি কৰালে যে আমাৰ শিক্ষাৰ্থীসকলৰ মাজত অপাৰ সম্ভাৱনা আৰু সুপ্ত প্ৰতিভা নিহিত হৈ আছে। প্ৰয়োজন মাথোঁ সেই সম্ভাৱনাক চিনাক্ত কৰা, উপযুক্ত দিক্‌নিৰ্দেশনা প্ৰদান কৰা আৰু তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰা।

মই আশা কৰোঁ, বৰপেটা আৰু বজালী জিলাত অনুষ্ঠিত এই কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী দুটাই শিক্ষাৰ্থীসকলক নিজৰ ভৱিষ্যৎ সম্পৰ্কে অধিক সচেতন, আত্মবিশ্বাসী আৰু লক্ষ্যাভিমুখী কৰি তুলিব। লগতে বিদ্যালয়সমূহত গঢ় লৈ উঠা সক্ৰিয় কেৰিয়াৰ কোষ আৰু নিয়মীয়া কেৰিয়াৰ চৰ্চাই শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ প্ৰস্তুত কৰি তুলিব। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিভা, আগ্ৰহ আৰু দক্ষতাৰে জীৱনৰ একোটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হওক। তেওঁলোকৰ সপোনে নতুন দিগন্তৰ সন্ধান পাওক, সম্ভাৱনাই বাস্তৱ ৰূপ লাভ কৰক আৰু জীৱনৰ প্ৰতিটো খোজে সফলতাৰ নতুন বাট মুকলি কৰক।

https://www.youtube.com/@Buljit/videos