শৰতৰ এমুঠি বিষাদৰ জোনাক
বনজিত দাস,ৰিহাবাৰী, বজালী
য’ত হেৰাই যায় শান্তিৰ এমুঠি জোনাক
সেউজ মাটিৰ দুখত খহিপৰা
সোণবৰণীয়া হাঁহি,
“আহিম” বুলি ক’লেই শেষ নহয়
পথভ্ৰষ্ট কৰা হ’ল
অনুভৱৰ অলেখ ছবি
নীৰৱতাৰ শীতল বুকুত ৰৈ গ’ল
তুমি অহা বাটৰ উমান ।
পাহাৰবোৰ মাটি, শিলবোৰ
বুকু বিদাৰি অস্ত্ৰোপচাৰ
ধংস যজ্ঞৰ বিভিষিকাৰ প্ৰয়োভৰ
বোৱাই দিয়া হ’ল মহাপ্ৰলয়
তুমি অহাৰ পথত
তথাপি–
দুখৰ সঁফুৰা বুকুত বান্ধি
হাঁহিত সিঁচিলা
আকাশত শুকুলা মেঘৰ ৰং সানি
সেউজ সপোনৰ বীজ
ৰূপেচ’ৰা হাঁহিত হেপাহৰ জোনাক
আশাৰ ৰেঙনি
তথাপি তুমিয়েইতো শাৰদীয় ৰাণী ।
