মই তোমাকেই ভাল পাওঁ – ৰূপালী গগৈ চুতীয়া 

Pc Pexels

মই তোমাকেই ভাল পাওঁ 

 ৰূপালী গগৈ চুতীয়া,ডিব্ৰুগড়

বহুতে সোধে
ভাল পাওঁ নেকি তোমাক ?
নিজেই নাজানোঁ
 আচলতে বেয়া নে ভাল পাওঁ ।
তোমাকো সোধে নেকি
মোৰ কথা কোনোবাই ?
কি সম্বন্ধ আছে
মোৰ লগত তোমাৰ ?
মোক পিছে তোমাৰ ঠিকনা লাগে,
ভাবিছোঁ এদিন বিচাৰি যাম
মাজনিশা সপোনত ।
মনে মনে বহিম
তোমাৰ নিচেই কাষত
আলফুলে চুই চাম,
সোমাই চাম এবাৰ
তোমাৰ গভীৰ হৃদয়ত।
তোমাৰ কবিতাৰ
আৱেগ অনুভূতি বোৰত
মই নিজক বিচাৰি পাওঁ ,
তোমাৰ অসীম হেঁপাহত
মই তোমাৰ হৈ যাওঁ,
তোমাৰ বিনা অনুমতিত
মই তোমাকেই ভাল পাওঁ।
তোমাক আলফুলে সাৱটি
মনৰ মাজত তোমাকেই
বিচাৰি চাওঁ,
কিজানিবা মোৰ অজানিতে
শৰতৰ সন্ধিয়া শেৱালিৰ সুবাসৰ
কোমল বতাহে ওঁঠত এটি
বিশেষ বাৰ্তা দি যায় ,
যত মই তোমাৰ মৰমবোৰ
সহজতে বুজি পাওঁ
সহজতে বুজি পাওঁ।