কেৰিয়াৰ পৰামৰ্শ: মোৰ অভিজ্ঞতা, দৃষ্টিভংগী আৰু দায়বদ্ধতা – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc StockCake

কেৰিয়াৰ পৰামৰ্শ: মোৰ অভিজ্ঞতা, দৃষ্টিভংগী আৰু দায়বদ্ধতা 

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
আজাৰা,গুৱাহাটী-

২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ প্ৰদান কৰি আহিছো। এই সময়ছোৱাত ২০০ৰো অধিক কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আৰু আলোচনা-চক্ৰত অংশগ্ৰহণ কৰাৰ লগতে ১৫০ৰো অধিক ৱেবিনাৰত সমল ব্যক্তি হিচাপে জড়িত হৈ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিছো। এই অভিজ্ঞতাই মোক তেওঁলোকৰ আশা-আকাংক্ষা, সমস্যা আৰু কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুজি পোৱাত সহায় কৰিছে। এই অভিজ্ঞতাৰ আধাৰত কেৰিয়াৰ পৰামৰ্শমূলক কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিবলৈ মই কিয় আগ্ৰহী, সেই বিষয়ে কেইটামান কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিব বিচাৰিছো।

মোৰ অভিজ্ঞতা অনুসৰি কৰ্মশালাত শিক্ষাৰ্থীসকলে সাধাৰণতে প্ৰায় এঘণ্টা ধৰি আলোচনাৰ প্ৰতি মনোযোগ বৰ্তাই ৰাখে।  সেয়েহে, এই সীমিত সময়খিনি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি তেওঁলোকক স্পষ্ট, নিৰ্ভৰযোগ্য আৰু ব্যৱহাৰিক তথ্য প্ৰদান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কেৰিয়াৰ সম্পৰ্কীয় আলোচনা এনে হোৱা উচিত, যাতে শিক্ষাৰ্থীসকলে উপলব্ধ সুযোগসমূহৰ বিষয়ে জানিব পৰাৰ লগতে নিজৰ ভৱিষ্যৎ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিশ-নিৰ্দেশনা লাভ কৰে।

মই প্ৰায়ে লক্ষ্য কৰিছো যে একেটা বিষয়ত একাধিক সমল ব্যক্তিয়ে বক্তব্য আগবঢ়ালে তেওঁলোকৰ পৰামৰ্শ আৰু দৃষ্টিভংগীৰ মাজত পাৰ্থক্য থাকিব পাৰে। বিভিন্ন মতামতে কোনো বিষয়ৰ বহুমুখী দিশ উন্মোচন কৰিলেও, কেৰিয়াৰ সম্পৰ্কে পৰ্যাপ্ত জ্ঞান আৰু অভিজ্ঞতা নথকা শিক্ষাৰ্থীসকলৰ বাবে ই কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ফলত, নিজৰ আগ্ৰহ, যোগ্যতা, সামৰ্থ্য আৰু ভৱিষ্যৎ পৰিকল্পনাৰ সৈতে কোনটো পৰামৰ্শ অধিক সামঞ্জস্যপূৰ্ণ, সেয়া নিৰ্ধাৰণ কৰাত তেওঁলোকে অসুবিধা পাব পাৰে।

অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে এখন কেৰিয়াৰ পৰামৰ্শমূলক কৰ্মশালাত কেৱল এজন সমল ব্যক্তিয়েহে অংশগ্ৰহণ কৰিব লাগে। বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ জ্ঞান আৰু অভিজ্ঞতাই শিক্ষাৰ্থীসকলক উপকৃত কৰিব পাৰে। কিন্তু এনে কাৰ্যসূচীত সমল ব্যক্তিসকলৰ বক্তব্য পৰস্পৰ পৰিপূৰক হোৱা আৰু সকলোৰে আলোচনা শিক্ষাৰ্থীসকলৰ প্ৰয়োজনকেন্দ্ৰিক হোৱাটো জৰুৰী। কৰ্মশালাৰ উদ্দেশ্য কেৱল তথ্যৰ পৰিমাণ বৃদ্ধি কৰা নহয়; বৰং শিক্ষাৰ্থীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়া, ভুল ধাৰণা দূৰ কৰা আৰু তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলাহে হোৱা উচিত।

মই বিশ্বাস কৰো যে কেৰিয়াৰ পৰামৰ্শৰ উদ্দেশ্য কোনো নিৰ্দিষ্ট বৃত্তি বা পেছা বাছি ল’বলৈ শিক্ষাৰ্থীসকলক প্ৰভাৱিত কৰা নহয়। বৰং তেওঁলোকৰ আগ্ৰহ, দক্ষতা, যোগ্যতা আৰু সামৰ্থ্যৰ সৈতে সামঞ্জস্য ৰাখি বিভিন্ন কেৰিয়াৰৰ সুযোগসমূহ চিনাক্ত কৰাত সহায় কৰাটোহে ইয়াৰ মূল লক্ষ্য। ইয়াৰ বাবে কেৱল সম্ভাৱনাৰ বিষয়ে অৱগত কৰাই যথেষ্ট নহয়; সংশ্লিষ্ট শিক্ষাগত অৰ্হতা, প্ৰয়োজনীয় দক্ষতা, প্ৰশিক্ষণৰ সুযোগ আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিষয়েও বাস্তৱসন্মত ধাৰণা প্ৰদান কৰাটো প্ৰয়োজন।

মোৰ বাবে কেৰিয়াৰ পৰামৰ্শ প্ৰদান কৰাটো কেৱল বক্তব্য আগবঢ়োৱাৰ বিষয় নহয়, বৰং শিক্ষাৰ্থীসকলক জীৱনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সঠিক দিশ-নিৰ্দেশনা প্ৰদান কৰাৰ এক দায়িত্ব। সময়োপযোগী আৰু উপযুক্ত পৰামৰ্শই তেওঁলোকক নিজৰ আগ্ৰহ আৰু সামৰ্থ্য চিনাক্ত কৰি উপলব্ধ কেৰিয়াৰৰ সুযোগসমূহৰ বিষয়ে অৱগত হোৱাৰ লগতে আত্মবিশ্বাসেৰে ভৱিষ্যতৰ দিশত আগবাঢ়িবলৈ সহায় কৰিব পাৰে।

সেয়েহে, অসমৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ বিভিন্ন সম্ভাৱনা আৰু সুযোগৰ বিষয়ে সজাগ কৰাৰ লগতে নিৰ্ভৰযোগ্য তথ্য আৰু উপযুক্ত দিক্‌-নিৰ্দেশনাৰে শিক্ষাৰ্থীসকলক নিজৰ আগ্ৰহ, যোগ্যতা আৰু সামৰ্থ্য অনুসৰি সঠিক কেৰিয়াৰ নিৰ্বাচনত সহায় কৰাই মোৰ মূল লক্ষ্য। মই বিশ্বাস কৰো যে সফল কেৰিয়াৰ পৰামৰ্শৰ মূল উদ্দেশ্য কেৱল তথ্য প্ৰদান কৰাত নহয়, বৰং সেই তথ্যৰ ভিত্তিত শিক্ষাৰ্থীসকলক নিজৰ বাবে উপযুক্ত কেৰিয়াৰৰ পথ বাছনি কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম কৰি তোলাহে।