শব্দৰ সিপাৰে এজন লেখকৰ আত্মাকথা: সৃষ্টিৰ যন্ত্ৰণা আৰু সাৰ্থকতা – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

শব্দৰ সিপাৰে এজন লেখকৰ আত্মাকথা: সৃষ্টিৰ যন্ত্ৰণা আৰু সাৰ্থকতা

শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী

এটা কবিতা, এটা গল্প এটা প্ৰবন্ধ বা যিকোনো লেখা— বাহিৰৰ পৰা চালে ই কেৱল কাগজৰ বুকুত সিঁচি থকা কেইটামান ক’লা আখৰৰ সমষ্টি। কিন্তু এজন লেখকৰ বাবে ই তেওঁৰ বুকুৰ এফাল, তেজ-মাংসৰে গঢ়া এটা জীৱন্ত সন্তান।

প্ৰতিটো নিটোল লেখাৰ আঁৰত লুকাই । যেতিয়া সমগ্ৰ পৃথিৱীয়ে গভীৰ নিদ্ৰাত লালকাল দিয়ে, ঠিক তেতিয়াই এজন লেখকে নিজৰ টোপনিক বিসৰ্জন দি নিজৰ নিসংগতাক সাৱটি লয়। চকুৰ কোণৰ ভাগৰ আৰু মগজুৰ ক্লান্তিক নেওচি তেওঁ উজাগৰী ৰাতিবোৰ পাৰ কৰে কেৱল এটা নিখুঁত শব্দৰ সন্ধানত। নিজৰ কলিজাৰ তেজেৰে মনৰ ভাবনাক শব্দৰ ৰূপ দিওঁতেও তেওঁৰ বুকুত এক অজান শংকাই চাবুক মাৰে— “মই যি লিখিছোঁ, সমাজে তাক আদৰি ল’বনে? মোৰ মনৰ এই হাহাকাৰ পাঠকৰ হৃদয়লৈ বৈ যাবনে?” সৃষ্টিৰ এই প্ৰাক-মুহূৰ্তৰ মানসিক যন্ত্ৰণা সঁচাকৈয়ে অবৰ্ণনীয়।

কিন্তু এই সুদীৰ্ঘ চেষ্টা-বেদনাৰ শেষত, যেতিয়া লেখাটোৱে পূৰ্ণতা পায়, তেতিয়া লেখকৰ মনলৈ আহে এক স্বৰ্গীয় তৃপ্তি। সেয়া যেন এক সুদীৰ্ঘ তপস্যাৰ অন্তত পোৱা বৰদান! তাৰ পিছত আৰম্ভ হয় অন্য এক অধ্যায়। যেতিয়া সেই মৰমৰ লেখনিটো কোনো বাতৰি কাকত বা আলোচনীৰ সম্পাদকৰ মেজলৈ যায়, তেতিয়া প্ৰতিটো মূহূৰ্ত উৎকণ্ঠাৰ হৈ পৰে। অবশেষত, সম্পাদকৰ মানদণ্ডৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ যেতিয়া সেই লেখা কাকত বা আলোচনীৰ পৃষ্ঠাত জিলিকি উঠে, তেতিয়া লেখকৰ বুকুত আনন্দৰ এক অনাবিল জোৱাৰ উঠে। নিজৰ নামটো ছপা আখৰত দেখাৰ সেই মূহূৰ্তটোত সকলো পুৰণি কষ্ট এক নিমিষতে ধূলিসাৎ হৈ যায়।

প্ৰকাশ পোৱাৰ পিছত সেই লেখাটো আৰু কেৱল লেখকৰ হৈ নাথাকে; ই আলোচনীৰ পৃষ্ঠাৰে বৈ গৈ হেজাৰজন পাঠকৰ নিজা সম্পত্তি হৈ পৰে। আৰু যাত্ৰাটোৰ আটাইতকৈ আবেগিক আৰু পবিত্ৰ মূহূৰ্তটো তেতিয়াই আহে, যেতিয়া মাজৰাতি বা ব্যস্ততাৰ মাজত কোনোবা এজন অচিনাকি পাঠকৰ ফোন আহে। সিপাৰৰ পৰা ভাঙি পৰা বা আপ্লুত কণ্ঠেৰে যেতিয়া কোনোবাই কয়— “আপোনাৰ লেখাটোৱে মোৰ বুকুত চুই গ’ল, মোৰ নিজৰ কথা যেন লাগিল!”

ঠিক সেই মূহূৰ্ততে এজন লেখক পুনৰ জন্ম হয়। সেই এটা ফোন কল, সেই অকণমান প্ৰশংসাই লেখকজনক বুজাই দিয়ে যে তেওঁৰ উজাগৰী ৰাতিবোৰ ফুট ছাই হোৱা নাছিল। তেওঁৰ কষ্টই মৰ্যাদা পালে। পাঠকৰ সেই মৰম আৰু চকুলোৱে লেখকৰ আত্মাক স্পৰ্শ কৰে আৰু তেওঁক পুনৰ কলম তুলি ল’বলৈ, ভৱিষ্যতে আৰু এটা নতুন সৃষ্টিৰ বাবে নিজক উচৰ্গা কৰিবলৈ এক আদিম প্ৰেৰণা যোগায়। এয়াই চাগে সাহিত্য, এয়াই চাগে এজন স্ৰষ্টাৰ জীৱনৰ চৰম সাৰ্থকতা!