স্মৃতিৰ চোতালত হেৰাই যোৱা শৈশৱ – জ্যোতিস্মা বৰা

Pc StockCake

স্মৃতিৰ চোতালত হেৰাই যোৱা শৈশৱ

জ্যোতিস্মা বৰা 
আউনীআটী বিশ্ববিদ্যালয়
 টীয়ক, যোৰহাট

ধূলিৰে ধেমালি, বোকাত সেই খোজ,
ক’ত জানো হেৰাল ,সেই ল’ৰালিৰ সুখ।
মাৰ হাতৰ ভাত সাঁজ, দেউতাৰ সেই গালি,
আজি যেন লাগে সকলো অৰ্থহীন ধেমালি।
চোতালত নাই এতিয়া কুকুৰা-ঠেঙীয়াৰ চিন,
মোবাইলৰ পৰ্দাত আবদ্ধ এতিয়া প্ৰতিটো দিন।
গছৰ ছাঁত জিৰণি নাই, নাই বিৰিখৰ ফল,
চহৰীয়া যান্ত্ৰিকতাত হেৰাল ল’ৰালিৰ বল।
কাগজৰ নাওখন এতিয়াও চাগে সিপাৰতে ৰ’ল,
লগৰীয়া জাকটোও ক’ত জানো হেৰাই গ’ল।
কাঁচি জোনটোৰ দেশত বুঢ়ী আইৰ সেই সাধু,
আজিৰ শিশুৰ বাবে চোন সকলোৱে নুবুজা যাদু।
আইতাৰ কোলাত সোমাই শুনা বিৰিখৰ গীত,
নৰা-বগাই ফুৰা সেই চোতালখনত আছিল কিমান প্ৰীত!
আজি হাতত গধুৰ বেগ, বুকুত প্ৰতিযোগিতাৰ ভয়,
কৃত্ৰিমতাৰ এই পৃথিৱীত শৈশৱৰ জানো হ’ব জয়?
পথাৰৰ বোকা-পানী, বৰষুণত তিতাৰ সেই সুখ,
নালাগে আমাক আজিৰ এই কৃত্ৰিম চহৰৰ মুখ।
স্মৃতিৰ দাপোনত আজিও ল’ৰালিৰ ছবি নাচে,
কিন্তু সময়ৰ সোঁতত সি মাথোঁ অতীতেই হৈ বাচে।
হেৰাই যোৱা শৈশৱ তোক ক’ত জানো বিচাৰি পাওঁ,
বিচাৰি গৈ গৈ মই ভাগৰি চোন নীৰৱে ৰৈ যাওঁ।
ইচ্ছা যায় আকৌ এবাৰ সেই ধূলিৰ কোলাত শুৱলৈ,
হেৰাই যোৱা সেই সৰলতাক বুকুত আকৌ সাৱটি ল’বলৈ।