স্বাধীনতাৰ অধিকাৰ – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc StockCake

স্বাধীনতাৰ অধিকাৰ

ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও

শতিকাৰ বুৰঞ্জী সেইদিনা মই লুটিয়াই চালোঁ,
মহাজনৰ শোষণ-ৰাজত্বৰ ক’লা কাহিনীবোৰ
পিতাইৰ ক্ষত-বিক্ষত পিঠিত জিলিকি থকা দেখিলোঁ।
এমুঠি ধানৰ বাবে লুটিবাগৰ খোৱা
মহাজনৰ চাবুকৰ কৰুণ ইতিহাস পঢ়িলোঁ।
মানুহবোৰ সৰল আছিল বাবেই নেকি
দাসত্বৰ নাগপাশে শুহিছিল তেজৰ শেষ টোপাল?
মানুহবোৰ দুৰ্বল আছিল বাবেই নেকি
প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰি
বন্দী কৰিছিল তেওঁলোকৰ নিজস্বতাক?
জাতিৰ উচ্চ-নীচ ভেদাভেদৰ বাবেই নেকি
মহাজন নামৰ শোষকৰ জন্ম হৈছিল?
এইবোৰ মোৰ বাবে আজিও একো একোটা প্ৰশ্নবোধক!
তথাপি আজিও নিজক প্ৰশ্ন কৰোঁ
যুগে যুগে দৰিদ্ৰৰ প্ৰাপ্য অধিকাৰ
দাসত্বৰ নিগড়তে অৱৰুদ্ধ হৈ ৰ’ব নেকি?
উঠা, জাগ্ৰত হোৱা…
অধিকাৰৰ বাবে যুঁজা অদম্য সাহসেৰে।
দাসত্বই কেতিয়াও নিলিখে সোণালী ইতিহাস।
তুমি যদি আজি নিমাত হৈ ৰোৱা,
আগন্তুক প্ৰজন্মক কি দি যাবা?
দাসত্বৰ শিকলিৰ উত্তৰাধিকাৰ?
নে স্বাভিমানী মানুহৰ সুদীপ্ত পৰিচয়?