সমস্যাৰ সৈতে মোকাবিলা
দুলুমণি দেৱী
প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা এটা সমস্যা থাকেই । প্ৰত্যেকৰে সমস্যাসমূহ বেলেগ বেলেগ । সমস্যাই মানুহক বহু ক্ষেত্রত আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰে । এটা সমস্যা শেষ হ’লে আন এটা সমস্যাই মুৰ দাঙি উঠে , সেয়া স্বাভাৱিক । পাৰিবাৰিক জীৱনতেই হওঁক বা সামাজিক ক্ষেত্রতেই হওঁক, সেই সমস্যা সমূহৰ সৈতে আমি কেনেদৰে মোকাবিলা কৰিব পৰা যায় ।আমাৰ মনৰ মাজত উকমুকাই থকা কথাসমুহে মানসিক অন্তদ্বন্দ সৃষ্টি কৰে । শীতল মগজু আৰু সাহসেৰে মনৰ মাজত খেলি–মেলিৰ সৃষ্টি কৰা অন্ত দ্বন্দ সমুহৰ তথা সমস্যাৰ উপশম কৰিব পৰা যায় । সাগৰৰ ঢৌৰ দৰে মনৰ ভিতৰত থকা কথাবোৰে বহু সময়ত জোৱাৰ –ভাটা তোলে । এই মনৰ ভিতৰত খুন্দিয়াই থকা কথাবোৰে নানা সমস্যাৰো সৃষ্টি কৰে । ইয়াক যদি আমি প্ৰকাশৰ থল পাওঁ , তাৰ মাদকতাইও আমাক সান্তনা দিব পাৰে ।
মনৰ প্ৰবল ইচ্ছাই যি কোনো কাম হৈ উঠাত তথা সমাধান সূত্র বিচাৰি উলিওৱাটো সহায় কৰে । ঠিক সেই দৰে সমস্যা উপশম কৰিবলৈ মহান ব্যক্তিৰ সান্নিধ্য তথা তেওঁলোকৰ লেখনি পঢ়িও উপকৃত হ’ব পৰা যায় । মহান ব্যক্তি সকলৰ লেখনিৰ যোগেদি সৃষ্টি মূলক কাম কৰাৰো প্ৰেৰণা পোৱা যায় ।সৃষ্টি মূলক কৰ্মই মনত উৎসাহ যোগোৱাৰ লগতে বহুতকে প্ৰেৰণা দিব পাৰে ।
কৰ্মই ধৰ্ম ——– যাৰ কাম কৰাৰ মানসিকতা আছে , তেওঁক কোনো সমস্যাই জুৰুলা কৰিব নোৱাৰে । কামৰ মাজত আমি বহু কথাই পাহৰি থাকিব পাৰো । জটিল পৰিস্থিতি আহিলেও কৰ্ম স্পৃহাই মন আপ্লুত কৰে । কুটিল মানসিকতাক প্ৰশ্ৰয় দি বহুতে সমস্যাৰ সৈতে মোকাবিলা কৰিব নোৱাৰি অৱহেলিত , অপৰ্দাথ বুলি অন্তদ্বন্দত ভোগে । আকৌ বহুলোক পথভ্ৰষ্ট হয় । বহুতে অনৈতিক কাৰ্য কৰে । তেনেলোকৰ ক্ষেত্রত ঘৰুৱা পৰিৱেশৰ গুৰুত্বও অপৰিসীম । ঘৰুৱা পৰিৱেশ প্ৰফুল্ল হৈ থাকিলে অশান্ত মনও শান্ত হৈ পৰে । আমাৰ সমাজত অগণন সমস্যা । দৰিদ্ৰতা সমস্যা , নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো খোজতে ন –ন সমস্যা । জটিল পৰিস্থিতিয়ে সমস্যাৰ মাত্রাও বৃদ্ধি কৰিছে । আমি প্ৰত্যেকেই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ শিকিলে জটিল পৰিস্থিতিয়েও আমাক সাৰ মনাব নোৱাৰে ।
