বিহালীৰ বিধায়কৰ পিতৃৰ বিয়োগত বিহালী আঞ্চলিক নমঃশূদ্ৰ উন্নয়ন পৰিষদৰ গভীৰ শোক প্ৰকাশ
বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- বিহালী বিধানসভা সমষ্টিৰ বিধায়কৰ পিতৃ স্বৰ্গীয় মোহন চন্দ্ৰ দাসৰ বিয়োগত বিহালী আঞ্চলিক নমঃশূদ্ৰ উন্নয়ন পৰিষদে গভীৰ শোক প্ৰকাশ কৰে। পৰিষদৰ তৰফৰপৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, প্ৰয়াত মোহন চন্দ্ৰ দাস এগৰাকী নিষ্ঠাৱান, সহজ-সৰল আৰু সমাজহিতৈষী ব্যক্তি আছিল। তেখেতৰ বিয়োগ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। পৰিষদৰ তৰফৰপৰা প্ৰয়াত দাসৰ বাসগৃহত উপস্থিত হৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত প্ৰয়াতৰ প্ৰতিচ্ছবিৰ সন্মুখত পৰিষদৰ সভাপতি ড° বিজয় মণ্ডল আৰু সাধাৰণ সম্পাদক প্ৰেম বৈষ্ণৱে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছত এক মিনিট মৌন প্ৰাৰ্থনাৰে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হয়।

পৰৱৰ্তী সময়ত পৰিষদৰ সাধাৰণ সম্পাদক প্ৰেম বৈষ্ণৱে পৰিষদৰ তৰফৰপৰা যুগুত কৰা শোক প্ৰস্তাৱ পাঠ কৰে। পিছত সভাপতি ড° বিজয় মণ্ডল, উপ-সভাপতি অনিল ৰয় আৰু কোষাধ্যক্ষ বিনোদ চৰকাৰকে প্ৰমুখ্য কৰি উপস্থিত বিষয়ববীয়াসকলে শোক প্ৰস্তাৱটি শোকসন্তপ্ত পৰিয়ালবৰ্গক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিষদৰ সভাপতি ড° বিজয় মণ্ডল, উপ-সভাপতি অনিল ৰয়, কোষাধ্যক্ষ বিনোদ চৰকাৰ, সাধাৰণ সম্পাদক প্ৰেম বৈষ্ণৱ, সাংগঠনিক সম্পাদক ধৰণীকান্ত ৰয়, তথ্য আৰু প্ৰচাৰ সম্পাদক বিপ্লৱ ৰয়, সহঃ সম্পাদক বিজিত ৰয়, ৰৌমাৰী শাখা সমিতিৰ সভাপতি তাপস চৰকাৰ, সক্ৰিয় সদস্য মৃদুল মণ্ডল, সুজিত বিশ্বাস, বাৰীন্দ্ৰ ৰয়, জয়ন্ত বিশ্বাস, অখিল দাস, জগন্নাথ দাস, পম্পী চৰকাৰ দাসকে আদি কৰি বহু সংখ্যক সদস্য-সদস্যা উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
