বিধায়কৰ পিতৃবিয়োগত কেটেলা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ শোক প্ৰকাশ
কেটেলা, ৰঙিলী বাৰ্ত্তাসেৱা- বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাসৰ পিতৃ স্বৰ্গীয় মোহন চন্দ্ৰ দাসৰ বিয়োগত কেটেলা চাহ বাগিচা আদৰ্শ বিদ্যালয় পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছে। বিদ্যালয়ৰ শিক্ষক আৰু পৰিচালনা সমিতিৰ তৰফৰপৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ বিজিত ৰয়ৰ নেতৃত্বত আয়োজিত এক শোকসভাত সহকাৰী শিক্ষক বিৰাজ লামা, কৰণ ভূঞা, ৰাম নায়ক আৰু পৰিচালনা সমিতিৰ সদস্য ৰবাৰ্ট টিগা আৰু পল বাগোৱাৰ উপস্থিত থাকে। সভাত প্ৰয়াত ব্যক্তিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত সহকাৰী শিক্ষক কৰণ ভূঞাই শোকবাৰ্তা পাঠ কৰে। তেওঁ প্ৰয়াতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। এই দুখৰ মুহূৰ্তত কেটেলা চাহ বাগিচা আদৰ্শ বিদ্যালয় পৰিয়ালে শোকসন্তপ্ত পৰিয়ালৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে।
