ভালপোৱাবোৰো ডিজিটেল হ’ল – হৰেন কপ্তাক

Pc StockCake

ভালপোৱাবোৰো ডিজিটেল হ’ল

হৰেন কপ্তাক

আজিকালি ভালপোৱাবোৰো সলনি হ’ল,
ক’বলগা কথাবোৰো নোৱাৰে ক’ব গোপনে।

ম’বাইলৰ অনুমতি অবিহনে
কোনোদিনে নোৱাৰে ক’ব লুকাই তোমালৈ,
যিদৰে ছাত্ৰই অংকৰ বহীখন শিক্ষকক দেখুৱায়
ঠিক সেইদৰেই ম’বাইলে সুধি থাকে –
কি ক’ব, কি লিখিব তোমালৈ?

আজিকালি মৰমবোৰো কিনিব লগা হ’ল,
টপ-আপ, প্ৰিপেইড,
ভিন্ন জাতৰ ভিন্ন দৰ,
প্ৰেমটো জি,এছ,টি এম,আৰ,পি লাগিল

কৰ দিব নোৱাৰে মানে ব্ৰেক্ আপ্, ব্লক ব্যস্ত

গামোচাৰ ঠাইত মবাইলৰ উপহাৰ
মৰমবোৰ সঁচাই সলনি হ’ল

তোমাৰ কথাবোৰকো ৰিচাৰ্জ ভৰাই কিনিবলগা হ’ল
অন্যথা, ইনকামিং কল ইজ ন’ট এভেইলেবল
মানে ভালপোৱাবোৰো ডিজিটেল হ’ল