বিহালীৰ বিধায়কৰ পিতৃৰ বিয়োগত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ শোক প্ৰকাশ

বিহালীৰ বিধায়কৰ পিতৃৰ বিয়োগত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ শোক প্ৰকাশ

বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  বিহালী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ পৰম পূজনীয় পিতৃ প্ৰয়াত মোহন চন্দ্ৰ দাসৰ বিয়োগত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে, যোৱা ইং ১৪ অক্টোবৰ, ২০২৬ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেত এগৰাকী নিষ্ঠাৱান, সহজ-সৰল আৰু সমাজহিতৈষী ব্যক্তি আছিল। তেখেতৰ বিয়োগ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অভিহিত কৰে। যোৱা ইং ২২ অক্টোবৰ তাৰিখে সন্মিলনীৰ তৰফৰপৰা প্ৰয়াত মোহন চন্দ্ৰ দাসৰ বাসগৃহত উপস্থিত হৈ এক শোকসভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মৃতকৰ আলোকচিত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হয়। শোকসভাৰ আঁত ধৰে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক প্ৰেম বৈষ্ণৱে। প্ৰধান সম্পাদকৰ অনুৰোধমৰ্মে সহঃ সম্পাদক জীৱন নেপালে শোক প্ৰস্তাৱটি পাঠ কৰে। প্ৰধান সম্পাদকৰ আহ্বানমৰ্মে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্যা থানেশ্বৰী কুৰ্মী গঞ্জুৱে প্ৰয়াত দাসদেৱক সোঁৱৰি চমু বক্তব্য প্ৰদান কৰে । ইয়াৰ পিছত সন্মিলনীৰ তৰফৰপৰা যুগুত কৰা শোক প্ৰস্তাৱটি শোকসন্তপ্ত পৰিয়ালবৰ্গক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । এৰাব নোৱৰা বিশেষ কাৰণবশতঃ সন্মিলনীৰ সভাপতি পৰেশ বৰা উক্ত কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলে বুলি আমাক জানিব দিয়ে। উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত প্ৰধান সম্পাদক প্ৰেম বৈষ্ণৱ, সহঃ সম্পাদক জীৱন নেপাল, ৰাজ্যিক সদস্যা থানেশ্বৰী কুৰ্মী গঞ্জু, ন্যাস সম্পাদক সঞ্জীৱ কুমাৰ দাস, প্ৰাক্তন পত্ৰিকা সম্পাদিকা অৰ্পণা শইকীয়া দাস, জ্যেষ্ঠ শিক্ষক ৰঞ্জন কিলিং, টংকলাল দাস, জিনজিয়া কেন্দ্ৰ সম্পাদক সঞ্জীৱ ৰংপী, বৰগাং কেন্দ্ৰ সম্পাদক ৰাজু গিৰি, উত্তৰ বেদেতী কেন্দ্ৰ সম্পাদক নৰেন বিশ্বকৰ্মা, পশ্চিম বেদেতী কেন্দ্ৰ সম্পাদক জীৱন ভৰালী, পশ্চিম বেদেতী কেন্দ্ৰ সভাপতি ডিম্বেশ্বৰ কটকী, দীনেশ চাহুকে আদি কৰি বিভিন্ন কেন্দ্ৰৰ প্ৰায় অৰ্ধশতাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।