শিক্ষাক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ,উন্মোচন হ’ল ৰাণী শিক্ষাখণ্ডৰ ব্যতিক্ৰমী শীৰ্ষ গীত ‘ৰাণী’
মিৰ্জা , ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষাক্ষেত্ৰত এক ঐতিহাসিক নজিৰ সৃষ্টি কৰি অলপতে কামৰূপ জিলাৰ ৰাণী শিক্ষাখণ্ডৰ কাৰ্যালয়ত খণ্ডটিৰ এক স্বকীয় শীৰ্ষ গীত ‘ৰাণী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ৰাণী শিক্ষাখণ্ডৰ কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ব্যতিক্ৰমী গীতটি উন্মোচন কৰে প্ৰাক্তন ৰাণী খণ্ড শিক্ষা বিষয়া তথা বৰ্তমানৰ বাক্সা জিলাৰ জিলা শিক্ষা বিষয়া দিগন্ত পাঠকে। ৰাণী অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু শৈক্ষিক বাতাবৰণৰ এক অপূৰ্ব সাংগীতিক সমাহাৰেৰে এই শীৰ্ষ গীতটি প্ৰস্তুত কৰি উলিওৱা হৈছে। উল্লেখযোগ্য যে, সমগ্ৰ গীতটিৰ পৰিকল্পনা বাক্সা জিলাৰ জিলা শিক্ষা বিষয়া দিগন্ত পাঠকৰ। গীতটিৰ কথা আৰু সুৰ কৃতী শিক্ষয়িত্ৰী মামণি কলিতাৰ আৰু সংগীত ব্যৱস্থাপনা শিক্ষক তথা চি আৰ চি চি নৱ কুমাৰ দাসৰ। গীতটিত কণ্ঠদান কৰিছে শিক্ষাখণ্ডটোৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে। কেৱল অডিঅ’ই নহয়, সামগ্ৰিকভাৱে এটা সুদৃশ্য আৰু আকৰ্ষণীয় ভিডিঅ’ৰ জৰিয়তেও গীতটি দৃশ্যমান কৰি তোলা হৈছে। ৰাণী শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ বিশেষ প্ৰচেষ্টাত প্ৰস্তুত হোৱা এই ভিডিঅ’টোৱে গীতটি অধিক উপভোগ্য কৰি তুলিছে। উন্মোচনী সভাত উপস্থিত থাকি বৰ্তমানৰ ৰাণী শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া দেৱাশীষ সিনহাৰ লগতে উপস্থিত সকলো গুণী-জ্ঞানী ব্যক্তিয়ে গীতটি শুনি আৰু ভিডিঅ’টো চাই উচ্চ প্ৰশংসা কৰে। কাৰ্যালয় সহায়ক গৌড় চন্দ্ৰ বৰ্মনে অতি সুন্দৰভাৱে আঁত ধৰা এই অনুষ্ঠানটিৰ শেষৰ ফালে স্থানীয় শিক্ষক-ছাত্ৰৰ উদ্যোগত গীত-মাত, নৃত্য আৰু আবৃত্তি পৰিৱেশন কৰা হয়। এনে এক ঐতিহাসিক আৰু শৈক্ষিক পদক্ষেপে অনাগত দিনত শিক্ষাখণ্ডটোৰ শৈক্ষিক পৰিৱেশক আৰু অধিক উৎসাহিত কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।
