আশীৰ দশকৰ ভক্তিৰ ফল্গুধাৰা বনাম আধুনিকতাৰ প্ৰদৰ্শনকামিতা
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
শৰৎ আহে। শেৱালিৰ সুবাস, নিয়ৰসিক্ত দূবৰি আৰু কাঁচিয়লি ৰ’দে আজিও প্ৰকৃতিৰ বুকুলৈ দেৱী দুৰ্গাৰ আগমনৰ বাৰ্তা কঢ়িয়াই আনে। কিন্তু ধৰিত্ৰীৰ এই চিৰন্তন পৰিৱৰ্তনৰ মাজতো মানুহৰ সমাজখন আৰু উৎসৱ উদযাপনৰ মানসিকতা যেন বহুদূৰ সলনি হৈ গ’ল। আজিৰ ‘দুৰ্গাপূজা’ শব্দটোৱে মনলৈ আনি দিয়ে দুখন সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰস্পৰবিৰোধী ছবি। এখন ছবিত আছে আশীৰ দশকৰ সেই নিৰ্ভেজল ধূলি-বালিৰ মাজত লুকাই থকা এক সৰল আধ্যাত্মিক সুবাস, আৰু আনখন ছবিত আছে একবিংশ শতিকাৰ কৃত্ৰিমতাৰে ভৰা এক ৰঙীন, ব্যৱসায়িক কোলাহল।
যদি আমি অতীতৰ বুকুলৈ উভতি চাওঁ, আশীৰ দশকৰ সেই দিনবোৰৰ পূজা আছিল সম্পূৰ্ণ ব্যতিক্ৰম। তেতিয়া পূজা মানে আছিল এক আন্তৰিক আকুলতা। শৰতৰ পুৱতি নিশাৰ নিয়ৰ সৰা বতাহজাকৰ মাজতেই সমগ্ৰ পৰিৱেশটো পবিত্ৰ হৈ পৰিছিল। কাপোৰৰ দোকানত ভিৰ আছিল যদিও তাত প্ৰদৰ্শনকামিতা নাছিল, আছিল নতুন সাজযোৰ পিন্ধাৰ এক নিষ্পাপ আনন্দ। মণ্ডপবোৰ সজা হৈছিল বাঁহ-খেৰ , টিনপাত ,আৰু ৰঙীন কাগজ কাটি। বিজুলী বাতিৰ পোহৰ বুলিবলৈ আছিল কেতবোৰ সৰু বাল্ব বা টুনি লাইট, যাৰ মৃদু পোহৰত দেৱীৰ মৃণ্ময় মূৰ্তিৰ চকুযুৰি জিলিকি উঠিছিল। আটাইতকৈ ডাঙৰ কথা, তেতিয়া প্ৰতিমাৰ মাজত কোনো কৃত্ৰিম কায়দা নাছিল— দেৱীৰ মুখমণ্ডলত বিৰাজ কৰিছিল এক অলৌকিক শান্ত আৰু সৌম্য ভাৱ। ধূপ-ধূনাৰ গোন্ধ, ডবা-শংখৰ ধ্বনি আৰু চুবুৰীয়াৰ মাজত ভোগ বিতৰণৰ যি নিৰ্মল আনন্দ, সিয়েই আছিল সেই সময়ৰ পূজাৰ প্ৰাণ। তাত বিত্তৰ অহংকাৰ নাছিল, আছিল কেৱল ভক্তিৰ অকৃটিম ফল্গুধাৰা। চুবুৰীৰ সকলো সৰু-বৰ মানুহ একগোট হৈ একেলগে বহি খিচিৰি প্ৰসাদ খোৱাৰ যি হেঁপাহ, সি কেৱল ধৰ্মীয় আচাৰ নাছিল, আছিল সামাজিক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।
কিন্তু বৰ্তমান সময়ৰ দুৰ্গাপূজা যেন এক বৃহৎ, অন্তহীন প্ৰতিযোগিতালৈ পৰিবৰ্তন হৈছে। আজি উৎসৱৰ পবিত্ৰতাক গ্ৰাস কৰিছে বাণিজ্যিকীকৰণে। পূজাৰ আৰম্ভণিতেই প্ৰতিযোগিতা আৰম্ভ হয় দেৱী প্ৰতিমাৰ উচ্চতা আৰু তাত ব্যৱহৃত সামগ্ৰীক লৈ। ‘কেনে সামগ্ৰীৰে মূৰ্তি সজা হৈছে’, ‘কিমান লাখ বা কোটি টকা খৰচ হৈছে’— এইবোৰেই এতিয়া চৰ্চাৰ মূল বিষয়। ইয়াৰ পিছতে আহে পূজা সমিতিসমূহৰ মাজত ‘শ্ৰেষ্ঠ মণ্ডপ’, ‘শ্ৰেষ্ঠ আলোকসজ্জা’ৰ প্ৰতিযোগিতা। আজিকালি আকৌ নতুনকৈ সংযোগ হৈছে ‘শ্ৰেষ্ঠ চেলফী পইণ্ট’ চেলফী প্ৰতিযোগিতা। দেৱীৰ চৰণত মূৰ দোঁৱাই আশীৰ্বাদ বা অন্তৰৰ শান্তি বিচৰাতকৈ, মণ্ডপৰ কৃত্ৰিম সৌন্দৰ্যৰ সন্মুখত নিজৰ ছবি তুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাটোৱেই যেন বহুতৰ বাবে পূজাৰ একমাত্ৰ সাৰ্থকতা হৈ পৰিছে।
কেৱল মণ্ডপৰ ভিতৰতেই নহয়, এই প্ৰতিযোগিতা মানুহৰ ব্যক্তিগত জীৱনলৈকো বিয়পি পৰিছে। কোনে কিমান দামী পোছাক পিন্ধিব, কোনে কিমান আড়ম্বৰপূৰ্ণ বাহন লৈ পথলৈ ওলাই আহিব, কোনখন দামী হোটেলত বহি নিশাটো অতিবাহিত কৰিব— এই সকলোবোৰক লৈ এক অঘোষিত আৰু বিসংগতিপূৰ্ণ প্ৰতিযোগিতা চলে। এনেকুৱা লাগে যেন পূজাৰ দিনকেইটা আধ্যাত্মিক চৰ্চাৰ দিন নহয়, বৰঞ্চ নিজৰ আৰ্থিক স্থিতি প্ৰদৰ্শন কৰাৰহে এক সূবৰ্ণ সুযোগ।
এইখিনিতেই এক গভীৰ প্ৰশ্নবোধক চিন আহি পৰে— এই সমগ্ৰ আড়ম্বৰতাই জগতজননীক সঁচাকৈয়ে সন্তুষ্ট কৰিব পাৰেনে? দেৱী পূজাৰ বাবে ঘৰৰ পৰা ওলাই আহি বজাৰ সমাৰ কৰা, দামী হোটেলত বহি মদ্যপান বা আমিষ আহাৰ গ্ৰহণ কৰি নিশাটো কটোৱা— এইবোৰ কৰ্মই জানো আৰাধনাক সাৰ্থক কৰে? যি উৎসৱত অন্তৰৰ শুচিতা আৰু ভক্তিৰ স্থান নাই, তাত দেৱীৰ আশীৰ্বাদ কেনেকৈ বৰ্ষিত হ’ব?
আজিকালি বিভিন্ন কৰ্প’ৰেট সংস্থাসমূহে যিবোৰ পুৰস্কাৰ বা প্ৰতিযোগিতাৰ আয়োজন কৰে, তাৰ আঁৰতো আধ্যাত্মিকতাতকৈ ‘সস্তীয়া জনপ্ৰিয়তা’ আৰু ব্যৱসায়িক স্বাৰ্থহে প্ৰকট হৈ পৰে। ইয়াৰ ফলত সমাজৰ এক ভয়ংকৰ ক্ষতি হৈছে। আশীৰ দশকৰ পূজাত যি ভক্তিৰ ৰস আছিল, সি মানুহৰ মনক সংযত আৰু নিয়ন্ত্ৰিত কৰি ৰাখিছিল। সমাজত এক নৈতিক ভয় আৰু শ্ৰদ্ধাবোধ আছিল। কিন্তু আজি যিহেতু উৎসৱবোৰ কেৱল ভোগ আৰু উচ্ছৃংখলতাৰ মাধ্যম হৈ পৰিছে, সেইবাবেই হয়তো আজিকালি পূজাৰ দিনকেইতাত সমাজত ইমান দুৰ্ঘটনা, বিশৃংখলতা আৰু অপৰাধমূলক ঘটনা বৃদ্ধি পোৱা দেখা যায়।
উৎসৱ সদায় সমাজৰ দাপোণস্বৰূপ। বৰ্তমানৰ পূজাৰ এই পৰিৱৰ্তনে আমাৰ মানসিকতাৰ অৱক্ষয়কে সূচাইছে। যদি আমি এতিয়াও উৎসৱৰ মূল দৰ্শন— অৰ্থাৎ আধ্যাত্মিকতা, সমাজৰ কল্যাণ আৰু অন্তৰৰ পবিত্ৰতাক ঘূৰাই আনিব নোৱাৰো, তেন্তে ভৱিষ্যতে এই পবিত্ৰ উৎসৱ কেৱল এটা যান্ত্ৰিক কোলাহলতকৈ বেছি একো হৈ নাথাকিব।
