মৰাণ গাঁৱত দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ আৰতী প্ৰতিযোগিতা সম্পন্ন
বিহমাৰী,পিজোস বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- মৰাণ গাঁও সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিৰ বিশেষ আকৰ্ষণ হিচাপে পৰিগণিত আৰতী প্ৰতিযোগিতাখনি এইবাৰো মহা-অষ্টমীৰ পবিত্ৰ ক্ষণত অতি উলহ-মালহেৰে অনুষ্ঠিত হয়। এই আৰতী প্ৰতিযোগিতা এই পূজা সমিতিৰ এক গৌৰৱময় পৰম্পৰা। প্ৰতিবছৰে দুৰ্গা পূজাৰ মহা-অষ্টমীৰ দিনা এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে আৰু ই স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰি আহিছে। যোৱা ইংৰাজী ১৯ অক্টোবৰত এইবাৰৰ অনুষ্ঠানত সঞ্চালকৰ গুৰু দায়িত্ব পালন কৰে থানেশ্বৰী কুৰ্মী গঞ্জুৱে। তেখেতৰ সুন্দৰ সঞ্চালনাই অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ৩৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ বিচাৰকৰ আসন অলংকৃত কৰে তিনিগৰাকী বিশিষ্ট ব্যক্তি হৰিপদ বিশ্বাস, ড০ বিজয় মণ্ডল আৰু শীলা দত্তই। তেওঁলোকৰ নিখুঁত বিচাৰেৰে প্ৰতিযোগিতাখনি সুচাৰুৰূপে সম্পন্ন হয়।

সমিতিৰ কৰ্মকৰ্তাসকলৰ সম্পূৰ্ণ সহযোগিতা আৰু কষ্টৰ ফলত অনুষ্ঠানটি সফল হৈ উঠে। প্ৰতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত কৰা হয়। প্ৰতিটো শাখাতে প্ৰতিযোগীসকলে ভক্তি আৰু নিষ্ঠাৰে আৰতী পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত ফলাফল অনুসৰি – (গ) শাখা – প্ৰথম – শ্ৰীয়া বিশ্বাস, দ্বিতীয় – লক্ষ্মী ভূমিজ, তৃতীয় – দীপ্তি বিশ্বাস। (খ) শাখা – প্ৰথম – জোলন বিশ্বাস, দ্বিতীয় – অঙ্কিতা কুমাৰী, তৃতীয় – জোনমণি ওৰাং। (ক) শাখা – প্ৰথম – বিপুল বিশ্বাস, দ্বিতীয় – তনুকা বিশ্বাস, তৃতীয় – ৰিয়া পাল। উক্ত অনুষ্ঠানত স্বপন পাল, বিজয় বৰুৱা ফুকন, সুজিত বিশ্বাস, প্ৰণৱ গঞ্জু, সুজন পাল, জগন্নাথ দাস, উপেন ভূমিজ, অজিত মুদৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে, বিজয়ীসকলক উৎসাহিত কৰাৰ বাবে পুৰস্কাৰ আগবঢ়ায় দুৰ্গা পাল, বিমল সিং, জগন্নাথ দাস, বিজয়া বৰুৱা, প্ৰদীপ পাল, সাধন বৰুৱা, দুৰ্গা দেৱী আৰু সত্যেন্দ্ৰ ঠাকুৰে। শেষত পুৰস্কাৰ বিতৰণীৰে অনুষ্ঠানৰ সামৰণি পৰে।
