বৰাজুলী নেপালীত সাৰ্বজনীন দুৰ্গোৎসৱৰ ৰূপালী জয়ন্তী উদযাপন
স্মৃতিৰ সুবাস’ আলোচনীৰ শুভ উন্মোচন
বিহমাৰী, পিজোস বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- মহানৱমীৰ পবিত্ৰ আৰু আনন্দমুখৰ ক্ষণত বৰাজুলী নেপালী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে গৌৰৱোজ্জ্বল ২৫ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰে। ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত মূল সভাখনত অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এই বিশেষ অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় মুহূৰ্ত আছিল ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘স্মৃতিৰ সুবাস’ ৰ আনুষ্ঠানিক উন্মোচন। বিশিষ্ট সাহিত্যিক, কবি, সমাজসেৱক, তথা শিক্ষক দিগন্ত দাসে গ্ৰন্থখনি উন্মোচন কৰি এই প্ৰচেষ্টাক শলাগ লয় আৰু কয় যে এনে স্মৃতিগ্ৰন্থই এটা সমাজৰ ইতিহাসক জীয়াই ৰাখে। এই গৌৰৱময় অনুষ্ঠানটোত পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গকুল মহন্ত, জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজকুমাৰ চাহু, সমাজসেৱক কৃষ্ণ আচাৰ্য, শ্যামন্ত ৰিজাল, অৰুণ গৌতমৰ লগতে দুৰ্গোৎসৱ উদযাপন সমিতিৰ সভাপতি, সম্পাদক, সমূহ বিষয়ববীয়া আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উন্মোচনক দিগন্ত দাসে তেখেতৰ বক্তব্যত কয় যে, ‘স্মৃতিৰ সুবাস’ কেৱল এখন গ্ৰন্থই নহয়, ই হৈছে বৰাজুলী নেপালী সাৰ্বজনীন দুৰ্গোৎসৱৰ ২৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা, স্মৃতি, ঐতিহ্য, সংস্কৃতি আৰু সামাজিক সম্প্ৰীতিৰ এক মূল্যৱান দলিল। এনে প্ৰচেষ্টাই অতীতৰ সোণালী স্মৃতিবোৰক সজীৱ কৰি ৰখাৰ লগতে ভৱিষ্যৎ প্ৰজন্মকো নিজৰ শিপা আৰু ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিব বুলি সকলোৱে আশা প্ৰকাশ কৰে। শেষত আয়োজক সমিতিয়ে এই গৌৰৱময় ক্ষণৰ অংশীদাৰ হোৱা সকলো বিষয়ববীয়া, কৰ্মকৰ্তা আৰু শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনতো এই উৎসৱে সমাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাণী বিলাই যাব বুলি কামনা কৰে।
