প্ৰস্তৰ – মিতালি বৰঠাকুৰ

Pc Unsplash

প্ৰস্তৰ 

মিতালি বৰঠাকুৰ
মালিগাওঁ, আদৰ্শ কলনী,গুৱাহাটী

এতিয়া দুঃসময়
আদিম সভ্যতাৰ যবনিকা পৰিল যদিও
শেষ হোৱা নাই মানুহৰ সহজাত প্ৰবৃত্তি
সেই আদিমতা
চকুৰ দৃষ্টিত এতিয়াও সেই আদিম কামুকতা
নাৰী বোৰ একো একোটি শিল হৈ পৰিছে
যুগে যুগে  তেওঁলোকে বুকুত কঢ়িয়াই ফুৰিছে
শিলৰ দৰে দুখ যন্ত্ৰণাৰ চাপ লগা
দুঃসময়ৰ বেদনা
কঠিন শিলৰ দৰে ঢাকি ৰাখিছে বুকুৰ
কামিহাড়ৰ অন্তৰালত চিৰাচিৰ কলিজা
বেদনাৰ বুকুত সি লৈছে
তেওঁলোকৰ সাহস আৰু ধৈৰ্য্যৰ  কঠিন বুটাম
যাৰ বাবে নাৰী বোৰ ফুল হৈ ফুলিব পাৰে
মম হৈ গলিব পাৰে
চগা হৈ জুইত জপিয়াব পাৰে
শিলৰ দৰে বতাহ – বৰষুণ – ৰ’দৰ সীমাহীন তাপকো
অনায়াসে বুকুত কঢ়িয়াই ফুৰিব পাৰে
নাৰী বোৰ প্ৰস্তৰ —