সহায়
ৰীমা গায়ন বৰা,নাওকটা , মৰিগাঁও
ফৰিং এটা জপিয়াই জপিয়াই আহি আছিল ,
ধাননিডৰা ইয়াৰ পৰা কিমান দূৰত
য’ৰ পৰা সি আহিছিল ?
চিৰসেউজ পথাৰখনত ইমান দম্ভালনি
পাতবোৰ চিৰিলি চিৰিলি কৰিলে ;
এজাক বা মাৰলীৰ অত্যাচাৰ সহিব নোৱাৰি
ফৰিঙটো সহায় বিচাৰি মানুহৰ কাষত !
সপোনৰ কাৰেঙত জুই লাগিল
চকুচৰহাই কু -অভিসন্ধি ৰচিলে ;
সু -মন্ত্ৰণা বিচাৰি হাবাথুৰি খাই সময়
নিজেই যন্ত্ৰণা কাতৰ হৈ পৰিছিল ।
