পাহৰোঁ বুলিয়েই পাহৰি গ’লা
মেৰী বৰদলৈ, নগাঁও,ফুলগুৰি
পাহৰোঁ বুলিয়েই
পাহৰি গ’লা
কথা আছিল আমাৰ ভালপোৱাবোৰ
চিৰ নতুন কৰি ৰখাৰ৷
যাওঁ বুলিয়েই
গুছি গ’লা
কোনোবা অচিনা চহৰলৈ
মনত জানো
পৰা নাই
একেলগে পাৰ কৰা
সেই সন্ধিয়াৰ কথা৷
সঁচাকৈ বৰ অভিমানী তুমি
প্ৰেমৰ সাগৰত ডুবাই
বদনামী সজাই
গুচি গ’লা
অকলশৰীয়া কৰি
হয়তো এইয়াই আজিৰ সময়ৰ
প্ৰেম ভালপোৱা৷
পাহৰোঁ বুলিয়েই
পাহৰি গ’লা
পিছে…
আমাৰ ভালপোৱাবোৰ যে
মিছা নাছিল কোনোকালে
সকলোৱে জানে
অপেক্ষা কৰাটো যদিহে পাপ নহয়
আওমৰণ কৰিম
সেই অপেক্ষা!!
