আমি প্ৰত্যেকেই মানসিক ৰোগী
হেৰম্ব নাথ
সময়ে কৈছে—
আমি প্ৰত্যেকেই একো একোজন মানসিক ৰোগী!
কিয়নো আমি পৰচৰ্চা কৰি ভাল পাওঁ
আমি আনৰ দোষ ঘ্ৰুকুটি পৈশাচিক আনন্দ লভোঁ
সীমা চেৰাই পূৰ্ণিমাৰ জোনটোৰ দেহটো কলংক বিচাৰোঁ
অভিনয় কৰোঁ
নিজৰ দোষ ঢাকিবৰ বাবে
সমাজ সেৱকৰ পোছাক পিন্ধি
নিজকেই এনকাউণ্টাৰ কৰোঁ
মাতৃভাষাৰ কথা কৈ
সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাও
পিতৃ-মাতৃক দেৱ-দেৱী বুলি কৈ
বৃদ্ধাশ্ৰমত থওঁ
বিবেক দংশনত মদ খাওঁ
পাহৰিব বিচাৰোঁ নৈতিকতাক জীয়াই জীয়াই হত্যা কৰাৰ কথা
পাহৰিব বিচাৰোঁ প্ৰেয়সীক কথা দি কথা ৰাখিব নোৱৰাৰ কথা
আমি প্ৰত্যেকেই মানসিক ৰোগী
একো একোজন নাৰ্চিচাছ
নিজৰেই প্ৰেমত পৰোঁ
নিজকে নিজে হাঁহো
কেতিয়াবা কান্দো
কিন্তু চকুপানী নোলোৱাকৈ
ফেচবুকত
লাইক কমেণ্ট বিচাৰি হাবাথুৰি খাওঁ
নাপালে নিজৰ নখ কামোৰোঁ
ধেৎ চাল্লা বুলি গালতে চৰ মাৰোঁ
আচলতে, যন্ত্ৰ বেয়া নে?
আমি বেয়া?!
আমি যন্ত্ৰক পাগল কৰিছোঁ নে
যন্ত্ৰই আমাক পাগল কৰিছে?!
মস্তিষ্কৰ অবৰ্তমানত
উদ্দেশ্যবিহীন মানুহ
কি আচৰিত প্ৰাণী আমি
সভ্যতাৰ আঁলোকেৰে কাপোৰ পিন্ধি লাজ ঢকা
আধুনিক মানুহ
নীতি শিক্ষাৰ ফুলজাৰি মাৰোঁ
কিন্তু নিজৰ পত্নীক পণবন্দী কৰি ৰাখোঁ
ইচ্ পাহৰি যাওঁ—
সন্তানৰ আলফুল নিষ্পাপ হাঁহিটোৰ কথা
কি সুন্দৰ আপাহৰ নিভাঁজ মাত—
অ’ দেউতা মোলৈ কি আনিছ’!
অ’ মা— দেউতা আহিছে
ভণ্ড পুৰুষবোৰে পাহৰি যায় সেইবোৰ
ফুলতকৈয়ো কোমল সিহঁতৰ ফেঁহুকোমল স্পৰ্শ
পাহৰি যায় ভণ্ড পুৰুষবোৰে
কন্যা সন্তানটিৰ প্ৰতি থকা গধুৰ দায়িত্বক
হেই চাল্লা আমি মানুহ নে?
আমি মাথোঁ মানুহৰ নামান্তৰ
জনতাৰ সন্মুখত মাটি-সম্পত্তি, ধন-টকা-পইচা এইবোৰ ডাঙৰ বস্তু নহয়
কিন্তু দুখীয়া ৰোগীক ধন ধাৰে দি
মাটি দাবী কৰোঁ
সম অধিকাৰৰ কথা কৈ মুখাবোৰে পিতৃহাৰা সন্তানক পঢ়ুৱাম বুলি ঘৰত ৰাখে বন্দী কৰি
খিৰিকীৰ ফাঁকেৰে সি জুমি জুমি চাই
কণ কণ শিশুবোৰৰ পিঠিত স্কুল বেগ দেখি
হিয়া ভাগি উচুপে
সিহঁতৰ হাঁহিৰ কল্লোলত খিৰিকীৰ গ্ৰিলত খামুচি
সি ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে
হেই ঈশ্বৰ তুমি কিয় পিতৃহাৰা কৰিলা মোক?
কি ভুল কৰিছিল মোৰ দেউতাই?
মোক পিতৃহাৰা কৰাৰ তোমাৰ অধিকাৰ ক’ত?
গ্ৰীলৰ পাট্টিত চকুলো বৈ আহে তাৰ
অবুজ মনে নেমানে
মুৰ খুন্দিয়াই খুন্দিয়াই উচুপে
চোলাৰ বুটাম চিঙি প্ৰশ্ন কৰে
হে ঈশ্বৰ জান’নে তুমি
মোৰো এটা মন আছিল আকাশ চুবলৈ
সপোন দেখিছিলোঁ
ভাল মানুহ হোৱাৰ……
কিয় হেৰাই গ’ল
পখিলা খেদাৰ বয়স
বন্দীত্ব জীৱনে দেখা নীলাভ আকাশৰ
চিলাবোৰ দেখি
আৱেগে উৰি যায় ডেউকা মেলি
অ’ মা লৈ যোৱা মোক পাষণ্ডৰ হাতোৰাৰ পৰা
মন গৈছে
চিলা উৰুৱাবলৈ জয়ন্ত-প্ৰশান্ত-পুলকেশহঁতৰ স’তে
গাঁৱৰ কেঁচা মাটিৰ গোন্ধে মাটিছে মোক
অ’ মা চহৰৰ প্ৰকাণ্ড অট্টালিকা কিছুমানত
দুই ঠেঙীয়া পশু থাকে অ’
লৈ যোৱা মোক
তাৰ বুকুত বেদনাৰ তৰোৱালে হানে
দেউতা থকা হ’লে….!
হেই মুখাধাৰী মা-নু-হ
বগাসাজ পিন্ধা মোৰ মা’ৰ ফালেও চোৱা বেঁকা চাৱনিৰে
ছি: ছি: তহঁতৰ আত্মা কোনোবাদিনাই মৰিছে
অফিচতো থাকিব নোৱাৰে
নিৰাপদে
তহঁতৰ বিষাক্ত চাৱনিত সুন্দৰী নাৰীয়ে ত্ৰাহি মধুসূদন সুঁৱৰে
তহঁতৰ এ চি গাড়ীত মদৰ বটল থাকে
আৰু থাকে বিবেক হত্যাৰ ঘৃণনীয় অস্ত্ৰ
তহঁতৰ চুটকেচত ঘাটমাউৰাৰ টকাৰ বান্দিলে উচুপি থাকে
কঁপি থাকে কল লেটাৰৰ জেৰক্স কঁপিয়ে
জানোচা……….!!
সুন্দৰী নাৰী দেখিলে তহঁতে সময়তকৈয়ো আগবঢ়া
চকুবোৰ চঞ্চল হয়
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
বিকৃত কামনাৰ
না-ধিন-না তবলা বাজে
এটা চহী কৰিবলৈ সময় নাই
অথচ ফোন নম্বৰ দিয়’ নোসোধাকৈয়ে
ধনীৰ দুলালহঁতক
বাহ্ তহঁতৰ মুখত কি লেক্চাৰ
আকাশ ফাটি যায়
গছৰ ডালত উমনিত থকা কপৌটোৱে উৰা মাৰে
মেল-মিটিংত
তোমালোকে ভাল মানুহ হ’বলৈ সাধনা কৰ’
সত্যক সাৰথি কৰি জীৱনৰ ৰথখন আগুৱাই নিয়’
পৰিশ্ৰমৰ বিকল্প নাই
সততাৰ বিকল্প নাই
কি সুন্দৰ সুন্দৰ নীতিবাণীবোৰ
শুনিলেই পেট ভৰি যায়
কিন্তু দুখীয়াৰ সন্তানে যেতিয়া
আই এ এছ পায় তেতিয়া তহঁতৰ
উচ্চ ৰক্তচাপৰ ৰিডিং বাঢ়ি যায়
অভাৱনীয় হাৰত
কথাটো কি বাৰু ?
কিয় বা এনে হয় ?
