অহংকাৰৰ মৰীচিকা আৰু কেঁকোৰা মানসিকতা: বিপন্ন সময়ৰ এক সামাজিক ব্যাধি – শচীন্দ্ৰ কুমাৰ দাস

Lyadov Business Therapy

অহংকাৰৰ মৰীচিকা আৰু কেঁকোৰা মানসিকতা: বিপন্ন সময়ৰ এক সামাজিক ব্যাধি

শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী

বৰ্তমান সময়ৰ মানৱ সভ্যতা এক তীব্ৰ আৰু অন্ধ প্ৰতিযোগিতাৰ আৱৰ্তত আৱদ্ধ। এই প্ৰতিযোগিতা কোনো সৃষ্টিশীল উৎকৰ্ষ সাধনৰ বাবে নহয়, নহয় কোনো মহৎ লক্ষ্য প্ৰাপ্তিৰ বাবেও। ই হৈছে এক আত্মকেন্দ্ৰিক, আত্মশ্লাঘামূলক জঘন্য মানসিক প্ৰৱণতা— য’ত মানুহে কোনো প্ৰত্যাহ্বান অবিহনেই, নিজৰ যোগ্যতাৰ সামান্যতম প্ৰমাণ নিদিয়াকৈয়ে কেৱল আনতকৈ নিজকে ‘শ্ৰেষ্ঠ’ বুলি প্ৰতিষ্ঠা কৰাৰ এক অলীক মোহত অন্ধ হৈ পৰিছে। এই দৌৰাত্ম্য কোনো সুস্থ প্ৰতিযোগিতা নহয়, ই হৈছে বৰ্তমান সমাজৰ এক গভীৰ মানসিক বিকৃতি, য’ত মানৱীয় প্ৰমূল্য আৰু বিবেকৰ চৰম স্খলন ঘটিছে।

মনোবিজ্ঞানৰ গভীৰতালৈ গ’লে অনুধাৱন কৰিব পাৰি যে, সমাজৰ এটা বুজন অংশ আজি এক ধৰণৰ অলক্ষিত অথচ ভয়ংকৰ মানসিক ব্যাধিত আক্ৰান্ত। বিশেষকৈ চৰম ঈৰ্ষা, অন্তঃসাৰশূন্য অহংকাৰ আৰু অন্তৰ্নিহিত নিৰাপত্তাহীনতাই এই শ্ৰেণীটোৰ চিন্তাধাৰাক পংগু কৰি পেলাইছে। সমাজত এনে কিছুমান ব্যক্তিক দেখা পোৱা যায়— যিসকল হয়তো কোনো কু-অভ্যাস বা মানসিক বিকৃতিৰ চিকাৰ, আৰু তেওঁলোকে নিজৰ অপূৰ্ণতা বা বিফলতাক লুকুৱাবলৈ অহৰহ আনতকৈ নিজক উচ্চ জ্ঞান কৰাৰ এক ভ্ৰান্ত ধাৰণাত মগ্ন হৈ থাকে। তেওঁলোকৰ সমগ্ৰ সত্তা কেৱল ‘অহং’ ক লৈয়ে ব্যস্ত।

এই বিকৃত মানসিকতাৰ লোকসকলৰ চিকাৰ বা লক্ষ্য (Target) কোন হয়? যিজন ব্যক্তি সমাজত নীৰৱে নিজৰ কৰ্মত ব্ৰতী হৈ থাকে; যাৰ জীৱনৰ একমাত্ৰ ব্ৰত হৈছে নিজৰ সাধনা আৰু প্ৰগতি; যাৰ হাতত আনৰ সমালোচনা বা অনুৎপাদক বিতৰ্কৰ বাবে বিন্দুমাত্ৰও অৱসৰ নাই। তেনে এজন সৃষ্টিশীল আৰু কৰ্মব্যস্ত মানুহকে এই ঈৰ্ষাপৰায়ণ শ্ৰেণীটোৱে নিজৰ লক্ষ্য কৰি লয়। তেওঁলোকে অহৰহ পাং পাতে যে তেনে এজন নিষ্কলংক আৰু সফল ব্যক্তিক কেনেকৈ দমন কৰিব পাৰি, কেনেকৈ তেওঁৰ প্ৰগতিৰ পথত কণ্টকৰ সৃষ্টি কৰিব পাৰি।

ইয়াক সমাজবিজ্ঞানৰ ভাষাত ‘কেঁকোৰা মানসিকতা’ (Crab Mentality) বুলি অভিহিত কৰিব পাৰি। পাত্ৰত থকা কেঁকোৰাটোৱে যেনেকৈ নিজৰ সতীৰ্থজনক ওপৰলৈ উঠিব নিদি পিছফালৰ পৰা টানি তললৈ নমায়, ঠিক তেনেদৰেই এই বিকৃত লোকসকলেও ছলে-বলে-কৌশলে কৰ্মঠ ব্যক্তিজনক মানসিকভাৱে দুৰ্বল কৰাৰ অপচেষ্টা চলায়। তেওঁলোকৰ ধাৰণা, সন্মুখৰ ব্যক্তিজনৰ মানসিক স্থিৰতা ধূলিস্যাৎ কৰি তেওঁৰ অস্তিত্বক বিলীন কৰিব পাৰিলেই যেন নিজৰ ‘শ্ৰেষ্ঠত্ব’ৰ জয়ধ্বজা উৰিব! কৰ্মনিষ্ঠ ব্যক্তিজনৰ সৰলতা আৰু নীৰৱতাক তেওঁলোকে ‘দুৰ্বলতা’ বুলি ভাবি ভুল কৰে। আচলতে, যিসকল লোক স্বয়ং সৃষ্টিহীন, তেওঁলোকৰ কামেই হৈছে আনৰ সৃষ্টি আৰু প্ৰতিভাক ধ্বংস কৰা।

সমাজৰ সুস্থ বিকাশৰ বাবে আজি সময় সমাগত এই মানসিক ব্যাধিক গভীৰভাৱে সমাজৰ বুকুত চিনাক্ত কৰাৰ। এনে নেতিবাচক আৰু হিংস্ৰ মানসিকতাৰ মানুহৰ পৰা দূৰত্ব বজাই ৰখাটোৱেই যুগৰ দাবী। কাৰণ ইতিহাসৰ চিৰন্তন সত্য এয়ে যে, যিসকলে আনক টানি নমাবলৈ চেষ্টা কৰে, তেওঁলোক শেষত নিজৰেই ঈৰ্ষা আৰু হতাশাৰ জুইত জাহ যায়। আনহাতে, যিসকলে সকলো হেঙাৰ নেওচি সততা আৰু নিষ্ঠাৰে কৰ্ম কৰি যায়, তেওঁলোকৰ যাত্ৰা অপ্ৰতিৰোধ্য। সমাজৰ সামূহিক মংগলৰ বাবে আমি এনে ‘কেঁকোৰা মানসিকতা’ক প্ৰশ্ৰয় নিদি, সৃষ্টিশীল আৰু কৰ্মঠ ব্যক্তিসকলৰ বাবে এক মুক্ত আৰু পবিত্ৰ আকাশৰ নিৰ্মাণ কৰিব লাগিব।